The Basics of Person in English: A Complete Guide
ইংৰাজী বৰ্ণমালা: ইংৰাজী ভাষাৰ মূল ভেটি – প্ৰকাৰ, উচ্চাৰণ !
Persons in English Grammar (প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰুষ)
Introduction (পৰিচয়):
ইংৰাজী ব্যাকৰণত "Person" (পুৰুষ) হৈছে এটা গুৰুত্বপূৰ্ণ ধাৰণা যিয়ে বাক্যত কোনে কথা কৈছে, কাৰ বিষয়ে কথা কৈছে, বা কাক সম্বোধন কৰি কোৱা হৈছে তাক বুজায়। ইংৰাজীত person তিনিটা প্ৰকাৰৰ: 1st Person (প্ৰথম পুৰুষ), 2nd Person (দ্বিতীয় পুৰুষ), আৰু 3rd Person (তৃতীয় পুৰুষ)। এই তিনিওটা পুৰুষে বাক্যৰ গঠন আৰু অৰ্থ স্পষ্ট কৰাত সহায় কৰে। এই লেখাটোত আমি এই তিনিওটা পুৰুষৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিম, তোমালোকে নিশ্চিত থাকা Person ত আৰু কোনো খেলিমেলিৰ সৃষ্টি নহয় আগলৈ।
Description of Each Person (প্ৰতিটো পুৰুষৰ বিৱৰণ):
1st Person (প্ৰথম পুৰুষ):
প্ৰথম পুৰুষ হৈছ সেই ব্যক্তি বা ব্যক্তিসমূহ যিয়ে কথা কয় বা বিষয় এটা বৰ্ণনা কৰে বা নিজৰ বিষয়ে কিবা কয়। এই ক্ষেত্ৰত বক্তা নিজেই বাক্য এটাৰ বিষয় (subject) হয়। ইংৰাজীত প্ৰথম পুৰুষৰ সৰ্বনাম (pronouns) হৈছে I (মই) আৰু We (আমি)।
- I (মই): যেতিয়া এজন ব্যক্তিয়ে নিজৰ বিষয়ে কথা কয়, তেতিয়া "I" ব্যৱহাৰ কৰা হয়।
উদাহৰণ: I am reading a book. (মই এখন কিতাপ পঢ়ি আছোঁ।) - We (আমি): যেতিয়া এজনতকৈ অধিক ব্যক্তিয়ে নিজৰ বিষয়ে কথা কয়, তেতিয়া "We" ব্যৱহাৰ কৰা হয়।
উদাহৰণ: We are playing football. (আমি ফুটবল খেলি আছোঁ।)
প্ৰথম পুৰুষত বক্তাৰ নিজৰ অভিজ্ঞতা, অনুভূতি বা কাৰ্যকলাপৰ কথা প্ৰকাশ পায়। এই ধৰণৰ বাক্য সাধাৰণতে ব্যক্তিগত অভিজ্ঞতা বা গল্প কোৱাৰ সময়ত ব্যৱহাৰ কৰা হয়।
2nd Person (দ্বিতীয় পুৰুষ):
দ্বিতীয় পুৰুষ হৈছে সেই ব্যক্তি বা ব্যক্তিসমূহ যাক সম্বোধন কৰি কথা কোৱা হয় বা যাৰ আগত বৰ্ণনা কৰা হয়। এই ক্ষেত্ৰত শ্ৰোতা বা পাঠক বাক্যৰ বিষয় হয়। ইংৰাজীত দ্বিতীয় পুৰুষৰ সৰ্বনাম হৈছে You (তুমি/তোমালোক)।
- You (তুমি/তোমালোক): "You" এজন ব্যক্তি বা একাধিক ব্যক্তিক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইংৰাজীত "You" একবচন (singular) আৰু বহুবচন (plural) দুয়োটাৰ বাবে একে।
উদাহৰণ: You are my best friend. (তুমি মোৰ আটাইতকৈ ভাল বন্ধু।)
উদাহৰণ: You all are invited to the party. (তোমালোক সকলোকে পাৰ্টিলৈ আমন্ত্ৰণ কৰা হৈছে।)
দ্বিতীয় পুৰুষত 1st Person (প্ৰথম পুৰুষ) এ শ্ৰোতাক প্ৰত্যক্ষভাৱে সম্বোধন কৰে। এই ধৰণৰ বাক্য প্ৰায়ে নিৰ্দেশ, পৰামৰ্শ বা কথোপকথনৰ সময়ত ব্যৱহাৰ কৰা হয়।
3rd Person (তৃতীয় পুৰুষ):
তৃতীয় পুৰুষ হৈছে সেই ব্যক্তি বা ব্যক্তিসমূহ যাৰ বিষয়ে কথা কোৱা হয়, অৰ্থাৎ 3rd Person (তৃতীয় পুৰুষ) সদায় অনুপস্থিত থাকে। ইংৰাজীত তৃতীয় পুৰুষৰ সৰ্বনাম হৈছে He (তেওঁ, পুৰুষ), She (তাই, স্ত্ৰী), It (ইয়াক, এইটো, নিৰ্জীৱ বা পশুৰ ক্ষেত্ৰত), আৰু They (তেওঁলোক/সিহঁত)।
- He (তেওঁ): পুৰুষৰ বাবে ব্যৱহাৰ কৰা হয়।
উদাহৰণ: He is a doctor. (তেওঁ এজন ডাক্তৰ।) - She (তাই): স্ত্ৰীৰ বাবে ব্যৱহাৰ কৰা হয়।
উদাহৰণ: She is singing a song. (তাই এটা গান গাই আছে।) - It (ইয়াক, এইটো): নিৰ্জীৱ বস্তু, পশু বা ধাৰণাৰ বাবে ব্যৱহাৰ কৰা হয়।
উদাহৰণ: It is a beautiful flower. (এইটো এটা সুন্দৰ ফুল।) - They (তেওঁলোক/সিহঁত): Plural Number ৰ ক্ষেত্ৰত অৰ্থাৎ একাধিক ব্যক্তি, বস্তু বা পশুৰ বাবে ব্যৱহাৰ কৰা হয়।
উদাহৰণ: They are playing in the park. (তেওঁলোক পাৰ্কত খেলি আছে।)
তৃতীয় পুৰুষত বক্তাই আনৰ বিষয়ে তথ্য দিয়ে বা বৰ্ণনা কৰে। এই ধৰণৰ বাক্য সাধাৰণতে গল্প, বৰ্ণনা বা তথ্যমূলক লেখাত ব্যৱহাৰ কৰা হয়।
Table of Three Persons with Examples:
Person (পুৰুষ) | Number (বচন) | English Pronouns (ইংৰাজী সৰ্বনাম) | Assamese Translation (অসমীয়া অনুবাদ) | Example in English (ইংৰাজী উদাহৰণ) | Example in Assamese (অসমীয়া উদাহৰণ) |
---|---|---|---|---|---|
1st Person (প্ৰথম পুৰুষ) | Singular (একবচন) | I | মই | I am happy. | মই সুখী। |
1st Person (প্ৰথম পুৰুষ) | Plural (বহুবচন) | We | আমি | We are students. | আমি ছাত্ৰ-ছাত্ৰী। |
2nd Person (দ্বিতীয় পুৰুষ) | Singular (একবচন) | You | তুমি | You are my friend. | তুমি মোৰ বন্ধু। |
2nd Person (দ্বিতীয় পুৰুষ) | Plural (বহুবচন) | You | তোমালোক | You are all welcome. | তোমালোক সকলোকে স্বাগতম। |
3rd Person (তৃতীয় পুৰুষ) | Singular (একবচন) | He, She, It | তেওঁ, তাই, ইয়াক | He is tall. She is kind. It is a dog. |
তেওঁ ওখ। তাই দয়ালু। ইয়াক এটা কুকুৰ। |
3rd Person (তৃতীয় পুৰুষ) | Plural (বহুবচন) | They | তেওঁলোক/সিহঁত | They are happy. | তেওঁলোক সুখী। |
Comparing with Examples (তুলনা আৰু উদাহৰণ):
তলত তিনিওটা পুৰুষৰ মাজত তুলনা কৰি কিছুমান উদাহৰণ দাঙি ধৰা হৈছে। ধৰা হ’ল এটা পৰিস্থিতি: এজন ব্যক্তিয়ে পঢ়ি আছে। এই পৰিস্থিতিক তিনিওটা পুৰুষ বাক্যত ব্যৱহাৰৰ জৰিয়তে প্ৰকাশ কৰা হৈছে:
- 1st Person (প্ৰথম পুৰুষ):
I am reading a book. (মই এখন কিতাপ পঢ়ি আছোঁ।)
এই বাক্যত বক্তাই নিজেই পঢ়ি আছে, গতিকে "I" ব্যৱহাৰ কৰা হৈছে। যদি একাধিক ব্যক্তি থাকে, তেন্তে:
We are reading a book. (আমি এখন কিতাপ পঢ়ি আছোঁ।) - 2nd Person (দ্বিতীয় পুৰুষ):
You are reading a book. (তুমি এখন কিতাপ পঢ়ি আছা।)
এই বাক্যত বক্তাই শ্ৰোতাক সম্বোধন কৰি কৈছে যে তুমি পঢ়ি আছা। একাধিক ব্যক্তিৰ ক্ষেত্ৰতো "You" একেই থাকে:
You are reading a book. (তোমালোকে এখন কিতাপ পঢ়ি আছা।) - 3rd Person (তৃতীয় পুৰুষ):
He is reading a book. (তেওঁ এখন কিতাপ পঢ়ি আছে।)
She is reading a book. (তাই এখন কিতাপ পঢ়ি আছে।)
It is reading a book. (এইটোৱে এখন কিতাপ পঢ়ি আছে।) // এই ক্ষেত্ৰত "It" সাধাৰণতে পশুৰ বাবে ব্যৱহাৰ কৰা হয়, যদি পঢ়িব পৰা পশু হয়।
They are reading a book. (তেওঁলোকে এখন কিতাপ পঢ়ি আছে।)
এই বাক্যত বক্তাই আন এজন বা একাধিক ব্যক্তিৰ বিষয়ে কৈছে, যি বক্তা বা শ্ৰোতা নহয়।
তুলনামূলক বৰ্ণনা:
- প্ৰথম পুৰুষত বক্তাই নিজৰ কথা কয় (I, We)।
- দ্বিতীয় পুৰুষত বক্তাই শ্ৰোতাক সম্বোধন কৰে (You)।
- তৃতীয় পুৰুষত বক্তাই আনৰ বিষয়ে কথা কয় (He, She, It, They)।
আন এটা উদাহৰণ লৈ তুলনা কৰোঁ:
- 1st Person (প্ৰথম পুৰুষ): I like ice cream. (মই আইচক্ৰীম ভাল পাওঁ।)
- 2nd Person (দ্বিতীয় পুৰুষ): You like ice cream. (তুমি আইচক্ৰীম ভাল পোৱা।)
- 3rd Person (তৃতীয় পুৰুষ): She likes ice cream. (তাই আইচক্ৰীম ভালপায়।)
এই উদাহৰণত লক্ষ্য কৰা যে তৃতীয় পুৰুষত ক্ৰিয়াৰ শেষত "s" যোগ হৈছে (like → likes), যি ইংৰাজী ব্যাকৰণৰ এটা নিয়ম। এই বিষয়ে আমি Tense ত সবিশেষ আলোচনা কৰিম।
Conclusion (উপসংহাৰ)
ইংৰাজী ব্যাকৰণত "Persons" (পুৰুষ) বুজিলে বাক্যৰ গঠন আৰু অৰ্থ স্পষ্ট হয়। প্ৰথম পুৰুষত বক্তাই নিজৰ কথা কয়, দ্বিতীয় পুৰুষত শ্ৰোতাক সম্বোধন কৰা হয়, আৰু তৃতীয় পুৰুষত আনৰ বিষয়ে কথা কোৱা হয়। এই তিনিওটা পুৰুষৰ সঠিক ব্যৱহাৰ শিকিলে ইংৰাজী কথোপকথন আৰু লিখনীত স্পষ্টতা আৰু নিখুঁততা প্ৰকাশ পায়। আমি আশা কৰিছোঁ এই লেখাটোৱে তোমালোকৰ "Persons"ৰ বিষয়ে বুজাত বিশেষভাৱে সহায় কৰিছে।