SEBA Class 10 Science Chapter 16 Question Answers – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources) | Assamese Medium

Class 10 Science Chapter 16 Question Answers – Complete SEBA Guide

This page offers well-structured Class 10 Science Chapter 16 Question Answers from SEBA Chapter 16 – “প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা” in simple and easy-to-follow Assamese. Designed as per the latest SEBA syllabus, these solutions help Class 10 students gain conceptual clarity on natural resources management, forest conservation, water management, and sustainable practices.

Our expert-prepared Class 10 Science Chapter 16 Question Answers focus on exam relevance and comprehension. You’ll find topic-wise explanations and key questions that are ideal for HSLC 2025 exam preparation. These Assamese medium science notes support learners with fully aligned textbook references.

Whether it’s short-answer, long-answer, or reasoning-based queries, this set of Class 10 Science Chapter 16 Question Answers makes your revision easier. These resources provide depth in understanding sustainable resource use, conservation techniques, and environmental impacts – all essential parts of the Class 10 Science curriculum.

SEBA Class 10 Science Chapter 16 প্রশ্নোত্তৰ

প্রশ্নাৱলী (পৃষ্ঠা 269)

1. পৰিবেশ হিতৈষী হ'বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?

উত্তৰ: পৰিবেশ হিতৈষী হ’বলৈ নিম্নলিখিত অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰি:

  • জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি সৌৰ শক্তি বা জৈৱ গেছৰ দৰে নৱীকৰণযোগ্য শক্তিৰ উৎস ব্যৱহাৰ কৰা।
  • পানীৰ অপচয় ৰোধৰ বাবে সচেতনভাৱে পানী ব্যৱহাৰ কৰা আৰু বৰষুণৰ পানী সংৰক্ষণ কৰি ব্যৱহাৰ কৰা।
  • প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি কাপোৰৰ বেগ বা পুনঃব্যৱহাৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰা।
  • গছ ৰোপণ কৰি বনাঞ্চল ধ্বংস ৰোধ কৰা।
  • বিদ্যুৎ সঞ্চয়ৰ বাবে এল ই ডি বাল্ব ব্যৱহাৰ কৰা আৰু অযথা বিদ্যুৎ অপচয় ৰোধ কৰা।
Diagram of eco-friendly practices like solar panels and rainwater harvesting for SEBA Class 10 Science Chapter 16 Question Answers
Diagram of eco-friendly practices for SEBA Class 10 Science Chapter 16 – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ'ব পাবে?

উত্তৰ: ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণৰ সুবিধাসমূহ হ’ল:

  • তাৎক্ষণিক চাহিদা পূৰণ কৰা। যেনে শক্তিৰ প্ৰয়োজনৰ বাবে কয়লা বা পেট্ৰ’লিয়াম ব্যৱহাৰ কৰা।
  • অৰ্থনৈতিক উন্নতিৰ বাবে সম্পদৰ দ্ৰুত ব্যৱহাৰ উপলব্ধ কৰা।
  • জৰুৰীকালীন পৰিস্থিতিত তাৎক্ষণিক সমাধানৰ সুবিধাৰ বাবে।
3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা?

উত্তৰ: ক্ষন্তেকীয়া আৰু দীৰ্ঘম্যাদী সম্পদৰ সুবিধাৰ পাৰ্থক্য:

  • ক্ষন্তেকীয়া সুবিধা: তাৎক্ষণিক চাহিদা পূৰণৰ বাবে সম্পদসমূহ দ্ৰুতভাৱে ব্যৱহাৰ কৰা হয়। যেনে জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰ। ইয়াৰ ফলত সম্পদ ক্ৰমান্বয়ে হ্ৰাস পায়।
  • দীৰ্ঘম্যাদী সুবিধা: বহনক্ষম ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। যেনে সৌৰ শক্তি বা জৈৱ গেছ ব্যৱহাৰ কৰা। যিয়ে পৰিৱেশৰ ক্ষতি নকৰে আৰু সম্পদো সংৰক্ষিত হয়।
  • ক্ষন্তেকীয়া সুবিধাৰ ক্ষেত্ৰত পৰিকল্পনাৰ অভাৱ দেখা যায়। কিন্তু দীৰ্ঘম্যাদী সুবিধাৰ বাবে পৰিকল্পিত ব্যৱস্থাপনাৰ লগতে পুনঃচক্ৰীকৰণৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।
4. সম্পদসমূহৰ সমভাবে বিতৰণ হ'ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে?

উত্তৰ:

সম্পদসমূহৰ সমভাবে বিতৰণ হ'ব লাগে কাৰণ:

  • সকলোৰে জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ বাবে সমান সুযোগ, সুবিধা লাভ কৰা।
  • সম্পদৰ অত্যধিক ব্যৱহাৰ ৰোধ কৰি পৰিৱেশৰ ভাৰসাম্য অটুট কৰা।
  • সামাজিক ন্যায়পৰায়ণতা আৰু দাৰিদ্ৰতা হ্ৰাসৰ বাবে।

প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰা শক্তি:

  • অৰ্থনৈতিক অসমতা: ধনী দেশবোৰে অধিক সম্পদ ব্যৱহাৰ কৰা।
  • বাণিজ্যিক স্বাৰ্থ: কোম্পানীৰ লাভৰ বাবে সম্পদৰ অত্যধিক আহৰণ আৰু ব্যৱহাৰ কৰা।
  • ৰাজনৈতিক নীতিৰ অভাৱ: সম্পদৰ সমবিতৰণৰ বাবে কাৰ্যকৰী নীতিৰ অভাৱ।
  • সচেতনতাৰ অভাৱ: সম্পদৰ বহনক্ষম ব্যৱহাৰৰ প্ৰতি সাধাৰণ মানুহৰ সচেতনতাৰ অভাৱ।

প্রশ্নাৱলী (পৃষ্ঠা 273)

1. বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰ: বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণসমূহ হ’ল:

  • পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে। যেনে কাৰ্বন ডাই অক্সাইড শোষণ আৰু অক্সিজেন উৎপাদন কৰা।
  • জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা। যিটো খাদ্য শৃংখল আৰু পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য অটুট ৰখাৰ বাবে প্ৰয়োজনীয়।
  • ভূমিক্ষয় ৰোধ কৰা আৰু জলচক্ৰ নিয়ন্ত্ৰণৰ বাবে।
  • পৰ্যটন ক্ষেত্ৰ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে।
  • জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাৰ উদ্দেশ্যে।
Diagram of forest and wildlife conservation for SEBA Class 10 Science Chapter 16 Question Answers
Diagram of forest conservation for SEBA Class 10 Science Chapter 16 – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
2. বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা।

উত্তৰ: বনাঞ্চল সংৰক্ষণ পৰিৱেশৰ ভাৰসাম্য আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। বনাঞ্চলে জলবায়ু নিয়ন্ত্ৰণ কৰাত, মাটিৰ উৰ্বৰতা বজাই ৰখাত, আৰু বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰাত সহায় কৰে। সেয়েহে বনাঞ্চল সংৰক্ষণৰ বাবে গছ ৰোপণ কৰা, অৰণ্য ধ্বংস ৰোধ কৰা, আৰু স্থানীয় জনগোষ্ঠীৰ সহযোগিতা অতিকে প্ৰয়োজনীয়। ইয়াৰ উপৰিও জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সৌৰ শক্তি বা জৈৱ গেছৰ দৰে বিকল্প শক্তিৰ উৎসৰ ব্যৱহাৰৰ দ্বাৰা কাঠৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি বনাঞ্চল ধ্বংস হ্ৰাস কৰিব পাৰি। আনহাতে সচেতনতা বৃদ্ধি আৰু কঠোৰ নীতিৰ জৰিয়তেও বনাঞ্চল সংৰক্ষণ সম্ভৱপৰ হ'ব।

প্রশ্নাৱলী (পৃষ্ঠা 276)

1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিৱা।

উত্তৰ: অসমৰ অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিসমূহ হ’ল:

  • কুঁৱা: ভূগৰ্ভৰ পানী সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হয়।
  • পুখুৰী: বৰষুণৰ পানী সঞ্চয় কৰি কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়।
  • বাঁহৰ নলাৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণৰ পৰম্পৰাগত পদ্ধতি।
2. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা।

উত্তৰ:

পাহাৰীয়া অঞ্চল:

  • পানী সংগ্ৰহৰ বাবে বাঁহৰ নলা বা প্ৰাকৃতিক নিজৰা ব্যৱহাৰ কৰে।
  • পানী দ্ৰুতগতিত প্ৰবাহৰ বাবে সৰু সৰু বান্ধ নিৰ্মাণ কৰা হয়।
  • পানীৰ উৎস সীমিত, কিন্তু প্ৰাকৃতিক নিজৰা পৰা পানী সহজে পোৱা যায়।

সমতল অঞ্চল:

  • পুখুৰী, কুঁৱা, আৰু খালৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ কৰা হয়।
  • কৃষিত জলসিঞ্চনৰ বাবে ডাঙৰ পুখুৰী বা জলাশয় ব্যৱহাৰ কৰা।
  • পানীৰ উৎস প্ৰচুৰ উপলব্ধ যদিও প্ৰদূষণৰ সমস্যা থাকিব পাৰে।

মালভূমি অঞ্চল:

  • পানীৰ উৎস সীমিত হোৱাৰ বাবে কুঁৱাৰ ব্যৱস্থা কৰা আৰু বৰষুণৰ পানী সংগ্ৰহৰ বাবে জলাশয় নিৰ্মাণ কৰা হয়।
  • পানীৰ প্ৰবাহ পাহাৰীয়া অঞ্চলৰ তুলনাত কম।
  • ভূগৰ্ভৰ পানীৰ ওপৰত অধিক নিৰ্ভৰশীল।
3. তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিৱা। সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পাইনে?

উত্তৰ:

পানীৰ উৎসসমূহ:

  • নদী (যেনে ব্ৰহ্মপুত্ৰ, বৰাক)।
  • পুখুৰী আৰু কুঁৱা।
  • প্ৰাকৃতিক নিজৰা (বিশেষকৈ পাহাৰীয়া অঞ্চলত)।
  • বৰষুণৰ পানী।

কিছুমান অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পোৱা যায়, যেনে নদীৰ কাষৰীয়া অঞ্চলত। কিন্তু প্ৰদূষণ, অত্যধিক ব্যৱহাৰ, আৰু অপৰিকল্পিত ব্যৱস্থাপনাৰ বাবে সকলোৰে বাবে পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পানী উপলব্ধ নহয়। গ্ৰাম্য অঞ্চলত পানীৰ অভাৱৰ সমস্যা অধিক নাই যদিও পৰিস্কাৰ পানীৰ বাবে যথোপযুক্ত ব্যৱস্থা অথবা সচেতনতাৰ অভাৱ পৰিলক্ষিত হয়।

Diagram of water management techniques like rainwater harvesting for SEBA Class 10 Science Chapter 16 Question Answers
Diagram of water management for SEBA Class 10 Science Chapter 16 – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

অনুশীলনী – Class 10 Science Chapter 16 Question Answers

1. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামৰ্শ আগবঢ়াবা?

উত্তৰ: চৌদিশৰ পৰিবেশেই আমাৰ মূল শক্তি। পৰিবেশৰ ক্ষমতা ৰক্ষাৰ বাবে ঘৰত নিম্নলিখিত পৰিবৰ্তনৰ পৰামৰ্শ আগবঢ়াব পৰা যায়:

  • সৌৰ শক্তিৰ ব্যৱহাৰ, যেনে সৌৰ জল হিটাৰ বা সৌৰ কোষৰ ব্যৱহাৰ কৰা।
  • বিদ্যুৎ সঞ্চয়ৰ বাবে এল ই ডি বাল্ব ব্যৱহাৰ কৰা।
  • পানীৰ অপচয় ৰোধৰ বাবে ফুটা টেপ মেৰামতি আৰু বৰষুণৰ পানী সংগ্ৰহ কৰা।
  • প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি পুনঃব্যৱহাৰযোগ্য সামগ্ৰী ব্যৱহাৰ।
  • ঘৰৰ চাৰিওফালে গছ ৰোপণ কৰি পৰিৱেশ সুৰক্ষাৰ উদ্যোগ লোৱা।
2. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামৰ্শ দিবা?

উত্তৰ: বিদ্যালয়ত পৰিবেশৰ ক্ষমতা ৰক্ষাৰ বাবে নিম্নলিখিত পৰিবৰ্তনৰ পৰামৰ্শ দিব পাৰি:

  • বৰষুণৰ পানী সংগ্ৰহৰ ব্যৱস্থাপনা স্থাপন কৰা।
  • বিদ্যালয়ৰ চৌহদত গছ ৰোপণ আৰু বাগিচা নিৰ্মাণ কৰা।
  • প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰি কাগজৰ বা কাপোৰৰ বেগৰ ব্যৱহাৰ কৰা।
  • শক্তি সঞ্চয়ৰ বাবে এল ই ডি বাল্ব আৰু সৌৰ শক্তিৰ ব্যৱহাৰ কৰা।
  • পৰিৱেশ সচেতনতাৰ কাৰ্যসূচী আৰু পুনঃচক্ৰীকৰণৰ প্ৰশিক্ষণৰ আয়োজন কৰা।
3. এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (Stakeholders) আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?

উত্তৰ: বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (Stakeholders) হৈছে: স্থানীয় জনগোষ্ঠী, চৰকাৰৰ বনবিভাগ, বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিসকল, আৰু উদ্যোগপতিবোৰ।

বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব থাকিব লাগে- স্থানীয় জনগোষ্ঠী আৰু চৰকাৰৰ বনবিভাগৰ যৌথ সহযোগিতা।

কাৰণ:

  • স্থানীয় জনগোষ্ঠীৰ জীৱিকা সাধাৰণতে বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল, সেয়ে তেওঁলোকে বনৰ প্ৰকৃত প্ৰয়োজন আৰু সমস্যাবোৰ ভালদৰে বুজে।
  • চৰকাৰৰ কঠোৰ নীতি আৰু বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিসকলৰ পৰামৰ্শৰ সহায়ত বনজ সম্পদৰ বহনক্ষম ব্যৱস্থাপনা সম্ভঢ়পৰ কৰি।
  • উদ্যোগপতিবোৰে বাণিজ্যিক স্বাৰ্থৰ বাবে অৰণ্য ধ্বংস কৰাৰ নিশ্চিত সম্ভাৱনা থাকে। সেয়ে তেওঁলোকৰ একক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব থাকিব নালাগে।
4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা?

উত্তৰ: এজন সাধাৰণ ব্যক্তি হিচাপে নিম্নলিখিত সম্পদৰ আমি ব্যৱস্থাপনাৰ দায়িত্ব ল’ব পাৰোঁ:

(ক) বন আৰু বন্যপ্ৰাণী:

  • গছ ৰোপণ কৰিব লাগিব আৰু অৰণ্য ধ্বংস ৰোধৰ বাবে সচেতনতা সৃষ্টি কৰিব লাগিব।
  • বন্যপ্ৰাণী সংৰক্ষণৰ কাৰ্যক্ৰমত অংশগ্ৰহণ তথা সজাগতা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা হাতত ল’ব লাগিব।
  • কাঠৰ ব্যৱহাৰ হ্ৰাস কৰি বিকল্প শক্তিৰ উৎসৰ সন্ধান আৰু ব্যৱহাৰ কৰিব লাগিব।

(খ) জলসম্পদ:

  • পানীৰ অপচয় ৰোধৰ বাবে সজাগতা বৃদ্ধি কৰা আৰু জোখতকৈ বেছি ব্যৱহাৰ নকৰা।
  • বৰষুণৰ পানী সংগ্ৰহ কৰা আৰু পানী সংগ্ৰহৰ ব্যৱস্থাপনা গ্ৰহন কৰা।
  • নদী আৰু পুখুৰীৰ প্ৰদূষণ ৰোধৰ বাবে স্থানীয় পদক্ষেপ গ্ৰহণ কৰা।

(গ) কয়লা আৰু পেট্ৰ’লিয়াম:

  • জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি সৌৰ শক্তি বা বায়ু শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা।
  • গণপৰিবহন বা বাইচাইকেলৰ ব্যৱহাৰ বৃদ্ধি কৰা।
  • শক্তি সঞ্চয়ৰ যন্ত্ৰ ব্যৱহাৰ কৰি কয়লাৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা।
5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?

উত্তৰ: প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কম কৰিবলৈ এজন সাধাৰণ ব্যক্তি হিচাপে নিম্নলিখিত পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ:

  • বিদ্যুৎ সঞ্চয়ৰ বাবে এল ই ডি বাল্ব ব্যৱহাৰ কৰিম।
  • পানীৰ অপচয় ৰোধৰ বাবে সচেতনভাৱে পানী ব্যৱহাৰ কৰিম।
  • প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি পুনঃব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱহাৰ কৰিম।
  • জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সৌৰ শক্তি বা জৈৱ গেছৰ ব্যৱহাৰ কৰিম।
  • গছ ৰোপণৰ জৰিয়তে বনাঞ্চল সংৰক্ষণৰ প্ৰচেষ্টা হাতত ল’ম।
6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্ৰস্তুত কৰা (পাঁচটাকৈ):

উত্তৰ:

(ক) প্ৰাকৃতিক সম্পদ সংৰক্ষণ:

  • পানী সঞ্চয়ৰ বাবে ফুটি যোৱা টেপ মেৰামতি কৰা।
  • বিদ্যুৎ সঞ্চয়ৰ বাবে এল ই ডি বাল্ব ব্যৱহাৰ কৰা।
  • প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি কাপোৰৰ বেগ ব্যৱহাৰ কৰা।
  • বৰষুণৰ পানী সংগ্ৰহৰ বাবে ডাঙৰ টেংকি স্থাপন কৰা।
  • ঘৰৰ চাৰিওফালে গছ ৰোপণ কৰা।

(খ) প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি:

  • অত্যধিক আৰু অপ্ৰয়োজনীয়ভাৱে বিদ্যুৎ ব্যৱহাৰ কৰা। যেনে প্ৰয়োজনতকৈ অতিৰিক্ত লাইট জ্বলোৱা।
  • প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰা।
  • পানীৰ অপচয় কৰা। যেনে টেপ খোলা ৰখা।
  • ব্যক্তিগত যানবাহন অত্যধিক ব্যৱহাৰ কৰা।
  • আৱৰ্জনা পুনঃচক্ৰীকৰণ নকৰা।
7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱনশৈলীৰ কি পৰিবৰ্তন কৰিবা?

উত্তৰ: প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱহাৰৰ বাবে জীৱনশৈলীত নিম্নলিখিত ধৰণৰ পৰিবৰ্তন কৰিব পাৰোঁ:

  • জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সৌৰ শক্তি বা জৈৱ গেছৰ দৰে নৱীকৰণযোগ্য শক্তিৰ উৎসৰ ব্যৱহাৰ বৃদ্ধি কৰা।
  • পানীৰ অপচয় ৰোধৰ বাবে সচেতনভাৱে পানী ব্যৱহাৰ কৰা আৰু বৰষুণৰ পানী সংগ্ৰহ কৰা।
  • প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি পুনঃব্যৱহাৰ আৰু পুনঃচক্ৰীকৰণৰ ব্যৱস্থা গঢ়ি তোলা।
  • গণপৰিবহন বা বাইচাইকেলৰ ব্যৱহাৰ বৃদ্ধি কৰি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা।
  • গছ ৰোপণ কৰা আৰু পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধি কৰি পৰিৱেশ সুৰক্ষা কৰা।

SEBA Class 10 Science Chapter 16 Question Answers FAQ

Chapter Overview: প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Summary: Chapter 16 of SEBA Class 10 Science, "প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা," covers sustainable management of natural resources like forests, water, and fossil fuels, with practical examples for class-10-science-chapter-16-question-answers.

প্ৰাকৃতিক সম্পদ কি?

উত্তৰ: প্ৰাকৃতিক সম্পদ হৈছে প্ৰকৃতিৰ পৰা পোৱা সম্পদ । যেনে বনজ সম্পদ, জলজ সম্পদ, খনিজ পদাৰ্থ, আৰু জীৱাশ্ম ইন্ধন আদি । যিবোৰ মানুহৰ জীৱনযাত্ৰা সুচল কৰিবৰ বাবে অতিকে প্ৰয়োজনীয়।

বহনক্ষম ব্যৱস্থাপনা কি?

উত্তৰ: বহনক্ষম ব্যৱস্থাপনা হৈছে প্ৰাকৃতিক সম্পদৰ এনেদৰে ব্যৱহাৰ কৰা যাতে বৰ্তমানৰ চাহিদা পূৰণ হোৱাৰ লগতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও সম্পদ সংৰক্ষিত হৈ থাকে।

Benefits of Studying Chapter 16 – class-10-science-chapter-16-question-answers

Benefits:

  • Exam Success: Detailed answers to Prosnawoli and Anushiloni questions prepare students for SEBA HSLC exams.
  • Conceptual Clarity: Simplified Assamese explanations make topics like forest conservation and water management easy to understand in class-10-science-chapter-16-question-answers.
  • Enhanced Revision: MCQs and notes aid quick revision and retention of key concepts.
  • Time Efficiency: Structured answers help practice concise responses for better exam performance.
  • Confidence Building: Familiarity with question patterns boosts confidence for Assamese medium students.