SEBA Class 10 Science Chapter Answers – বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution) | Assamese Medium
Class 10 Science Chapter 9 – বংশগতি আৰু ক্ৰমবিকাশ Solutions
তলত Class 10 Science ৰ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution) ৰ Questions Answers সমূহ সুন্দৰকৈ আগবঢ়োৱা হৈছে। Prepare for HSLC exam with SEBA Class 10 Science Chapter 9 বংশগতি আৰু ক্রমবিকাশ। Our Assamese medium notes provide clear question answers and explanations based on the latest SEBA pattern। Understand the concepts of heredity, evolution, genetics, and natural selection easily. Revise fast and score better with our trusted Chapter 9 Science বংশগতি আৰু ক্ৰমবিকাশ guide made specifically for SEBA students।
SEBA Class 10 Science Chapter 9 প্রশ্নোত্তৰ
প্রশ্নাৱলী (পৃষ্ঠা ১৪৩)
উত্তৰ: যিহেতু "B" চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ ৬০% আৰু "A"ৰ পৰিমাণ ১০%, গতিকে "B" বৈশিষ্ট্য জনসংখ্যাত অধিক প্ৰচলিত। অযৌন প্রজননত নতুন বৈশিষ্ট্যৰ উৎপত্তি কম হয়, সেয়েহে যি বৈশিষ্ট্য অধিক পৰিমাণে থাকে, সেয়া সাধাৰণতে আগতীয়াকৈ উৎপত্তি হোৱা বৈশিষ্ট্য। গতিকে "B" চাৰিত্রিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল।
উত্তৰ: বৈসাদৃশ্যতা বা প্ৰকাৰণ হৈছে জীৱৰ মাজত থকা পাৰ্থক্য। এই বৈসাদৃশ্যতা জীৱই নিম্নলিখিত উপায়েৰে বৰ্তাই ৰাখে:
- যৌন প্রজননৰ জৰিয়তে: যৌন প্রজননত পিতৃ-মাতৃৰ জিনৰ সংমিশ্ৰণ ঘটে, যাৰ ফলত নতুন জিনীয় বৈশিষ্ট্যৰ সৃষ্টি হয়।
- জিনীয় পৰিৱৰ্তন (Mutation): DNA-ত হোৱা হঠাৎ পৰিৱৰ্তনৰ ফলত নতুন বৈশিষ্ট্যৰ সৃষ্টি হয়।
- প্ৰাকৃতিক নিৰ্বাচন: পৰিৱেশৰ লগত খাপ খোৱা জীৱবোৰ সাধাৰণতে জীয়াই থাকে আৰু এই বৈশিষ্ট্য পৰ৷ৰ্তী জনুলৈ সঞ্চাৰিত হয়।
- জিনীয় পথচ্যুতি (Genetic Drift): প্ৰজাতিৰ মাজত জিনৰ আকস্মিক পৰিৱৰ্তনে নতুন বৈশিষ্ট্যৰ সৃষ্টি কৰে।
এই প্ৰক্ৰিয়াবোৰৰ জৰিয়তে জীৱই বৈসাদৃশ্যতা বজাই ৰাখে, যি বিবর্তনৰ বাবে প্ৰয়োজনীয়।
প্রশ্নাৱলী (পৃষ্ঠা ১৪৭)
উত্তৰ: মেন্ডেলে মটৰ মাহৰ গছৰ সৈতে একসংকৰণ আৰু দ্বিসংকৰণ পৰীক্ষা কৰি প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ নিৰ্ণয় কৰিছিল:
- তেওঁ বিশুদ্ধ জাতৰ মটৰ মাহৰ গছ (যেনে, ওখ আৰু চাপৰ) লৈ সংকৰণ ঘটাইছিল।
- F1 জনুত যি চৰিত্ৰ প্ৰকাশ পায় (যেনে, ওখ গছ), সেয়া প্ৰভাৱী (Dominant) আৰু যি চৰিত্ৰ প্ৰকাশ নাপায় (যেনে, চাপৰ গছ), সেয়া অপ্ৰভাৱী (Recessive) বুলি নিৰ্ণয় কৰিছিল।
- F1 জনুৰ গছৰ মাজত স্ব-পৰাগযোগ ঘটাই তেওঁ লক্ষ্য কৰিছিল যে F2 জনুত প্ৰভাৱী আৰু অপ্রভাৱী চৰ্প ৩:১ অনুপাতত প্ৰকাশ পায়।
- এই পৰ্যবেক্ষণৰ জৰয়তে মেন্ডেলে প্ৰভাৱী (যেনে, ওখ গুখ, বেঙুনীয়া ফুল) আৰু অপ্রভাৰী (যেনে, চাপৰ গছ, বগা ফুল) চৰিত্ৰ নিৰ্ণয় কৰিছিল।
উত্তৰ: মেন্ডেলে দ্বিসংকৰণ পৰীক্ষাৰ জৰিয়তে চৰিত্ৰবোৰৰ স্বতন্ত্র প্ৰবাহ নিৰ্ণয় কৰিছিল:
- তেওঁ দুটা বিপৰীতধৰ্মী চৰিত্ৰ (যেনে, বীজৰ বৰণ: হালধীয়া-সেউজীয়া আৰু বীজৰ আকৃতি: ঘূৰণীয়া-সোতোৰা) লৈ সংকৰণ ঘটাইছিল।
- F1 জনুত সকলো গছত প্ৰভাৱী চৰিত্ৰ (হালধীয়া আৰু ঘূৰণীয়া) প্ৰকাশ পাইছিল।
- F2 জনুত স্ব-পৰাগযোগৰ ফলত চৰিত্ৰবোৰৰ প্ৰকাশ ৯:৩:৩:১ অনুপাতত হৈছিল। ইয়াৰ পৰা তেওঁ দেখিছিল যে এটা চৰিত্ৰৰ প্ৰবাহ আনটো চৰিত্ৰৰ পৰা স্বতন্ত্র।
- এই পৰ্যবেক্ষণৰ জৰিয়তে মেন্ডেলে সিদ্ধান্তত উপনীত হৈছিল যে বিভিন্ন চৰিত্ৰৰ জিনসমূহ স্বাধীনভাৱে পৰৱৰ্তী জনুলৈ প্ৰবাহিত হয়।
উত্তৰ: হয়, এই তথ্যৰ পৰা আমি ক'ব পাৰোঁ যে "A" তেজৰ গ্ৰুপটো প্ৰভাৱী (Dominant) আৰু "O" তেজৰ গ্ৰুপটো অপ্ৰভাৱী (Recessive):
- "O" গ্ৰুপৰ মানুহৰ জিন সদায় "ii" হয় (কাৰণ "O" অপ্ৰভাৱী)।
- "A" গ্ৰুপৰ মানুহৰ জিন হয় "IAIA" নাইবা "IAi" (কাৰণ "A" প্ৰভাৱী)।
- ইয়াত ছোৱালীৰ তেজৰ গ্ৰুপ "O" (ii), গতিকে তাই মাকৰ পৰা "i" আৰু দেউতাকৰ পৰা "i" পাইছে।
- যদি দেউতাকে "i" দিছে, তেন্তে তেওঁৰ জিন "IAi" হ'ব লাগিব (কাৰণ "A" গ্ৰুপত "i" লুকাই থাকে)।
- অৰ্থাৎ "A" (IA), "i" তকৈ প্ৰভাৱী, কাৰণ "IAi" হ'লেও মানুহজনৰ তেজৰ গ্ৰুপ "A" হয় ("O" নহয়)।
উত্তৰ: মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ লিংগ নিৰ্ণায়ক ক্ৰম’জ’মৰ দ্বাৰা কৰা হয়:
- মানুহৰ কোষত ৪৬ ডাল ক্ৰম’জ’ম থাকে, য’ত ২২ জোৰ অটোজ’ম আৰু ১ জোৰ লিংগ নিৰ্ণায়ক ক্ৰম’জ’ম থাকে।
- মহিলাৰ লিংগ ক্ৰম’জ’ম হ’ল XX আৰু পুৰুষৰ হ’ল XY।
- প্ৰজননৰ সময়ত মাতৃৰ পৰা সদায় X ক্ৰম’জ’ম আৰু পিতৃৰ পৰা X বা Y কৰম’জ’ম সঞ্চাৰিত হয়।
- যদি সন্তানে X (মাতৃৰ পৰা) আৰু X (পিতৃৰ পৰা) পায়, তেন্তে সন্তান ছোৱালী (XX) হয়।
- যদি সন্তানে X (মাতৃৰ পৰা) আৰু Y (পিতৃৰ পৰা) পায়, তেন্তে সন্তান ল'ৰা (XY) হয়।
- এইদৰে লিংগ নির্ধাৰণৰ সম্ভাৱনা ৫০%-৫০% হয়।

মানৱ লিংগ ক্ৰম'জমৰ চিত্ৰ (X & Y ক্রম'জম)
প্রশ্নাৱলী (পৃষ্ঠা ১৫০)
উত্তৰ: কোনো জীৱৰ নিৰ্দিষ্ট চাৰিত্রিক বৈশিষ্ট্য জনসংখ্যাত ক্রমাগতভাবে বাঢ়ি যোৱাৰ প্ৰকাৰসমূহ হ’ল:
- প্ৰাকৃতিক নিৰ্বাচন: পৰিৱেশৰ লগত খাপ খোৱা বৈশিষ্ট্য থকা জীৱ জীয়াই থাকে আৰু প্ৰজননৰ জৰিয়তে সেই বৈশিষ্ট্য পৰ৷ৰ্তী জনুলৈ সঞ্চাৰিত হয়। যেনে, পোক-পৰুৱা প্ৰতিৰোধী উদ্ভিদৰ সংখ্যা বাঢ়ি যায়।
- জিনীয় পথচ্যুতি (Genetic Drift): জনসংখ্যাত জিনৰ আকস্মিক পৰিৱর্তনৰ ফলত নতুন বৈশিষ্ট্যৰ সৃষ্টি হয়।
- জিনৰ প্ৰবাহ (Gene Flow): এটা জনসংখ্যাৰ পৰা আন জনসংখ্যালৈ জিনৰ সঞ্চাৰণৰ ফলত নিৰ্দিষ্ট বৈশিষ্ট্যৰ পৰ৷ৰ্তী জনুলৈ সঞ্চাৰিত হয়।
উত্তৰ: জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক (যেনে, জ্ঞান, ওজন বৃদ্ধি, দক্ষতা) বংশানুক্রমিকভাৱে পৰ৷ৰ্তী জনুলৈ সঞ্চাৰিত হয় না কাৰণ:
- এই চৰিত্ৰবিলাকে জীৱৰ DNA বা জিনৰ পৰিৱর্তন নঘটায়।
- বংশগতিৰ ক্ষেত্ৰত কেৱল জিনৰ মাধ্যমে কোনো চৰিত্ৰ পৰ৷ৰ্তী জনুলৈ যায়। আৰ্জিত চৰিত্ৰবোৰ জিনৰ ওপৰত প্ৰভাৱ নেপেলায়।
- উদাহৰণস্বৰূপ, যদি কোনো ব্যক্তিয়ে গাড়ী চলোৱা শিকে, তেন্তে এই দক্ষতা তেওঁৰ সন্তানৰ জিনলৈ সঞ্চাৰিত নহয়।
উত্তৰ: জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পোৱা বংশগতি বিজ্ঞানৰ দিশৰ পৰা চিন্তিত বিষয় কাৰণ:
- জিনীয় বৈচিত্ৰ্য হ্ৰাস: জনসংখ্যা হ্রাস পোৱাৰ ফলত জিনীয় বৈচিত্ৰ্য হ্ৰাস পায়, যাৰ ফলত বাঘৰ পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খুৱাই চলাৰ ক্ষমতা হ্ৰাস পায়।
- জিনীয় পথচ্যুতি: সৰু জনসংখ্যাত জিনীয় পথচ্যুতিৰ প্ৰভাৱ বাঢ়ে, যাৰ ফলত উপকাৰী জিন হেৰাই যাব পাৰে।
- প্রজননৰ সমস্যা: কম সংখ্যক বাঘৰ মাজত নিকট সম্পৰ্কীয় প্ৰজনন (Inbreeding) বাঢ়ে, যাৰ ফলত জিনীয় ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
- প্রজাতিৰ বিলুপ্তি: জিনীয় বৈচিত্ৰ্যৰ অভাৱত বাঘৰ পৰজাতিৰ বিলুপ্তি হোৱাৰ সম্ভাৱনা বাঢ়ে।
প্রশ্নাৱলী (পৃষ্ঠা ১৫১)
উত্তৰ: নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে নিম্নলিখিত উপাদানসমূহে অৰিহণা যোগায়:
- জিনীয় পৰিৱৰ্তন (Mutation): DNA-ত হঠাৎ পৰিৱৰ্তনৰ ফলত নতুন বৈশিষ্ট্যৰ সৃষ্টি হয়, যি নতুন প্ৰজাতিৰ সৃষ্টিৰ ভিত্তি বহন কৰে।
- প্ৰাকৃতিক নিৰ্বাচন: পৰিৱেশৰ লগত খাপ খোৱা জীৱবোৰ জীয়াই থাকে আৰু সেই বৈশিষ্ট্যবোৰ পৰৱৰ্তী জনুলৈ যায়, যাৰ ফলত নতুন প্ৰজাতিৰ সৃষ্টি হয়।
- জিনীয় পথচ্যুতি (Genetic Drift): জনসংখ্যাত জিনৰ আকস্মিক পৰিৱৰ্তনে নতুন বৈশিষ্ট্যৰ সৃষ্টিৰ সম্ভাঢ়না বৃদ্ধি কৰে।
- জিনৰ প্ৰবাহ (Gene Flow): ভিন্ন জনসংখ্যাৰ মাজত জিনৰ সঞ্চাৰণৰ ফলত নতুন জিনীয় সংমিশ্ৰণৰ সৃষ্টি হৈ নতুন প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে।
- ভৌগোলিক বিচ্ছিন্নতা: পাহাৰ, নদী আদিৰ দ্বাৰা জনসংখ্যা বিভক্ত হ’লে প্ৰজনন বিচ্ছিন্নতাৰ ফলত নতুন প্ৰজাতিৰ সৃষ্টি হয়।
উত্তৰ: স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিক পৃথকীকৰণ প্ৰধান কাৰক নহয়। নোৱাৰে, কাৰণ:
- স্ব-পৰাগযোগ ঘটা উদ্ভিদে নিজৰ মাজতে পৰাগযোগ ঘটায়, গতিকে ভিন্ন প্ৰজাতিৰ মাজত জিনৰ প্ৰবাহ নহয়। ফলত ভৌগোলিক পৃথকীকৰণৰ প্ৰভাৱ নপৰে।
- ভৌগোলিক পৃথকীকৰণ সাধাৰণতে যৌন প্ৰজননকাৰী জীৱৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ, কাৰণ তাত জিনৰ প্ৰবাহ বন্ধ হ’লে নতুন প্ৰজাতিৰ সৃষ্টি হয়।
উত্তৰ: অযৌন প্ৰজননকাৰী জীৱৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিক পৃথকীকৰণ প্ৰধান কাৰক নহয়। নোৱাৰে, কাৰণ:
- অযৌন প্ৰজননত জিনৰ প্ৰবাহ বা সংমিশ্ৰণ নহয়, কাৰণ প্ৰজনন এটা পিতৃৰ পৰা হয় আৰু সন্তানে একেধৰণৰ জিনীয় গঠন লাভ কৰে।
- প্ৰজাতিকৰণৰ বাবে জিনীয় পৰিৱৰ্তন (Mutation) বা জিনীয় পথচ্যুতিৰ প্ৰয়োজন হয়, যি ভৌগোলিক পৃথকীকৰণৰ ওপৰত নিৰ্ভৰশীল নহয়।
প্রশ্নাৱলী (পৃষ্ঠা ১৫৬)
উত্তৰ: দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ সমসংস্থ অংগ ব্যৱহাৰ হয়। উদাহৰণ: চৰাইৰ ডেউকা আৰু মানুহৰ হাত। এই দুয়োটা অংগৰ মৌলিক গঠন (হাড়ৰ গঠন) একে, কিন্তু কাৰ্য ভিন্ন। এই সমসংস্থ অংগই ইংগিত দিয়ে যে চৰাই আৰু মানুহৰ সাধাৰণ পূৰ্বপুৰুষ একে আছিল, যাৰ পৰা বিবৰ্তনৰ জৰিয়তে এই প্ৰজাতিবোৰৰ সৃষ্টি হৈছে।
উত্তৰ: পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব নোৱাৰি, কাৰণ:
- সমসংস্থ অংগৰ মৌলিক গঠন আৰু উৎপত্তি একে হয়, কিন্তু কাৰ্য ভিন্ন।
- পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাৰ গঠন আৰু উৎপত্তি বেলেগ। পখিলাৰ পাখি কাইটিনৰে গঠিত আৰু বাদুলিৰ ডেউকা হাড়ৰে তৈয়াৰ, কিন্তু দুয়োটাৰে কাৰ্য (উৰণ) একে।
- গতিকে এইবোৰ সমবৃত্তিক অংগ, সমসংস্থ অংগ নহয়।
উত্তৰ:
- জীৱাশ্ম: জীৱাশ্ম হৈছে ভূ-পৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত জীৱৰ দেহ, দেহৰ অংশ বা তাৰ অৱশিষ্ট বা ছাপ।
- বিবৰ্তন সম্পৰ্কে জীৱাশ্মৰ তথ্য:
- জীৱাশ্মই অতীতৰ জীৱৰ অৱশিষ্টৰ ছাপ বহন কৰে আৰু বৰ্তমানৰ জীৱৰ পূৰ্বপুৰুষৰ তথ্য প্ৰদান কৰে।
- ইহঁতে বিবৰ্তনৰ প্ৰমাণ দিয়ে। উদাহৰণস্বৰূপে, ডাইনোছৰৰ পাখিৰ জীৱাশ্মৰ পৰা চৰাইৰ পাখিৰ বিবৰ্তনৰ ইংগিত পোৱা যায়।
- জীৱাশ্মৰ আপেক্ষিক গভীৰতা আৰু কাৰ্বন ডেটিংৰ জৰিয়তে জীৱৰ বয়স নিৰ্ণয় কৰি বিবৰ্তনৰ ক্ৰম নিৰ্ণয় কৰিব পৰা যায়।
- ইহঁতে জীৱৰ গঠনৰ পৰিৱৰ্তনৰ ধাৰাবাহিকতা দেখুৱায়। যেনে: সৰল জীৱৰ পৰা জটিল জীৱলৈ বিবৰ্তন।
প্রশ্নাৱলী (পৃষ্ঠা ১৫৮)
উত্তৰ: বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন হ’লেও সকলো মানুহ একেটা প্ৰজাতি (Homo sapiens)ত অন্তৰ্ভুক্ত কাৰণ:
- সকলো মানুহৰ জিনীয় গঠন মূলতঃ একে আৰু ইহঁতে একে পূৰ্বপুৰুষৰ পৰা বিবৰ্তিত হৈছে।
- পৰিৱেশ, জলবায়ু আৰু ভৌগোলিক অৱস্থানৰ প্ৰভাৱত জিনীয় বৈচিত্ৰ্যৰ ফলত বাহ্যিক পাৰ্থক্য (যেনে, ছালৰ বৰণ, উচ্চতা) সৃষ্টি হৈছে, কিন্তু এই পাৰ্থক্য প্ৰজাতিৰ স্তৰত নহয়।
- সকলো মানুহৰ মাজত প্ৰজনন সম্ভৱ আৰু তেওঁলোকৰ সন্তানো প্ৰজননক্ষম হয়, যি একে প্ৰজাতিৰ লক্ষণ।
উত্তৰ: চিম্পাঞ্জীৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ। কাৰণ:
- চিম্পাঞ্জী হৈছে স্তন্যপায়ী প্ৰাণী, যাৰ দেহৰ গঠন জটিল (যেনে, উন্নত মগজু, জটিল স্নায়ুতন্ত্ৰ, অঙ্গ-প্ৰত্যঙ্গৰ গঠন)।
- বিবৰ্তনৰ পৰ্যায়ত বেক্টেৰিয়াৰ গঠন সৰল (এককোষী), মকৰাৰ গঠন মধ্যমীয়া (বহুকোষী কিন্তু সৰল স্নায়ুতন্ত্ৰ), মাছৰ গঠন অধিক জটিল (মেৰুদণ্ডী), কিন্তু চিম্পাঞ্জীৰ গঠন সকলোতকৈ জটিল কাৰণ ইহঁতৰ মগজুৰ বিকাশ, সামাজিক আচৰণ আৰু শাৰীৰিক গঠন উন্নত।
- চিম্পাঞ্জীৰ DNA মানুহৰ লগত ৯৮% মিল আছে, যি বিবৰ্তনৰ উচ্চ স্তরৰ ইংগিত বহন কৰে।
অনুশীলনী
উত্তৰ: (d) TtWw
- পৈতৃক পুৰুষৰ গছ দুডাল হ’ল: (১) ওখ গছ আৰু বেঙুনীয়া ফুল (TT বা Tt, WW বা Ww), (২) চাপৰ গছ আৰু বগা ফুল (tt, ww).
- F1 জনুত সকলো গছৰ ফুল বেঙুনীয়া (প্ৰভাৱী, W), কিন্তু আধা সংখ্যক গছ চাপৰ (tt)। ইয়াৰ মানে F1 জনুৰ জিনীয় গঠন Tt (ওখ আৰু চাপৰৰ মিশ্ৰণ) আৰু Ww (বেঙুনীয়া আৰু বগাৰ মিশ্ৰণ) হ’ব লাগিব।
- যদি পৈতৃক গছৰ জিনীয় গঠন TtWw হয়, তেন্তে সংকৰণৰ ফলত F1 জনুত Tt (ওখ আৰু চাপৰ) আৰু Ww (বেঙুনীয়া) পোৱা যায়। লগতে F1 জনুৰ সৰ-পৰাগযোগত F2 জনুত চাপৰ গছ (tt) আৰু বেঙুনীয়া ফুলৰ গছ পোৱা যায়।
- তেন্তে পৈতৃক গছৰ জিনীয় গঠন হ’ব TtWw।
উত্তৰ: (a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
- সমসংস্থ অংগ হ’ল সেই অংগ যিবোৰৰ মৌলিক গঠন আৰু উৎপত্তি একে, কিন্তু কাৰ্য ভিন্ন।
- আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেঙৰ হাড়ৰ গঠন একে, কিন্তু কাৰ্য বেলেগ।
উত্তৰ: (b) এটা চিম্পাঞ্জী
- বিবৰ্তন হৈছে জীৱৰ বংশগত বৈশিষ্ট্যৰ ক্ৰমাগত পৰিৱৰ্তন। চিম্পাঞ্জীৰ DNA মানুহৰ লগত ৯৮% মিল আছে, যি মানুহৰ বিবৰ্তনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।
- অন্য প্ৰজাতিবোৰৰ (মকৰা, বেক্টেৰিয়া) বিবৰ্তনৰ প্ৰক্ৰিয়া থাকিলেও, চিম্পাঞ্জীৰ বিবৰ্তন মানুহৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ।
উত্তৰ: হয়, এই তথ্যৰ পৰা আমি মতামত দিব পাৰোঁ যে চকুৰ পাতল ৰং হৈছে অপ্ৰভাৱী চৰিত্ৰ। কাৰণ:
- প্ৰভাৱী চৰিত্ৰৰ ক্ষেত্ৰত, যদি এহাল পিতৃ-মাতৃৰ ভিতৰত এজনৰ পাতল ৰঙৰ চকু থাকে (অপ্ৰভাৱী), আৰু আনজনৰ গাঢ় ৰঙৰ চকু (প্ৰভাৱী) থাকে তেতিয়া সন্তানৰ চকু গাঢ় ৰঙৰ হ’ব পাৰে।
- কিন্তু প্ৰশ্নত কোৱা হৈছে যে পাতল ৰঙৰ চকুৰ সন্তানৰ মাক-দেউতাকৰ চকুও পাতল ৰঙৰ হয়। ইয়াৰ মানে দুয়োজন পিতৃ-মাতৃৰ জিনীয় গঠন অপ্ৰভাৱী (যেনে, bb) হ’ব লাগিব, কাৰণ পাতল ৰঙৰ চকু কেৱল অপ্ৰভাৱী জিনৰ ক্ষেত্ৰতহে প্ৰকাশ কৰা হয়।
- গতিকে, পাতল ৰঙৰ চকু অপ্ৰভাৱী চৰিত্ৰ।
উত্তৰ: বিবৰ্তন আৰু শ্ৰেণীবিভাজন পৰস্পৰে পৰিপূৰক কাৰণ:
- বিবৰ্তনৰ ভিত্তিত শ্ৰেণীবিভাজন: জীৱৰ শ্ৰেণীবিভাজন তেওঁলোকৰ বিবৰ্তনীয় সম্পৰ্কৰ ওপৰত ভিত্তি কৰি কৰা হয়। যেনে, সমসংস্থ অংগ (চৰাইৰ ডেউকা, মানুহৰ হাত)ৰ দ্বাৰা জীৱৰ সাধাৰণ পূৰ্বপুৰুষৰ ইংগিত পোৱা যায়, যি শ্ৰেণীবিভাজনত সহায় কৰে।
- জীৱাশ্মৰ তথ্য: জীৱাশ্মই বিবৰ্তনৰ ইতিহাস প্ৰদান কৰে, যাৰ ভিত্তিত জীৱৰ শ্ৰেণীবিভাজন কৰা হয়।
- আণৱিক তথ্য: DNA আৰু প্ৰ’টিনৰ মাজত থকা মিলে জীৱৰ বিবৰ্তনীয় সম্পৰ্ক দেখুৱায়, যি শ্ৰেণীবিভাজনৰ ভিত্তি হিচাপে কাম কৰে।
উত্তৰ:
- সমসংস্থ অংগ: এই অংগৰ মৌলিক গঠন আৰু উৎপত্তি একে, কিন্তু কাৰ্য বেলেগ বেলেগ।
- উদাহৰণ: চৰাইৰ ডেউকা, কুকুৰৰ আগ ঠেং আৰু মানুহৰ হাত। এই সকলোৰে হাড়ৰ গঠন একে কিন্তু কাৰ্য বেলেগ বেলেগ। যেনে চৰাই উৰে, কুকুৰে দৌৰে, মানুহে হাতেৰে ধৰে।
- সমবৃত্তিক অংগ: এই অংগৰ গঠন আৰু উৎপত্তি বেলেগ বেলেগ, কিন্তু কাৰ্য একে।
- উদাহৰণ: পখিলাৰ পাখি আৰু চৰাইৰ ডেউকা। পখিলাৰ পাখি কাইটিনৰে গঠিত আৰু চৰাইৰ ডেউকা হাড়েৰে তৈয়াৰী, কিন্তু দুয়োটাৰে কাৰ্য হ’ল একেই- উৰণ।
উত্তৰ: কুকুৰৰ ৰঙৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱা প্ৰকল্প
- উদ্দেশ্য: কুকুৰৰ ৰঙৰ প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ নিৰ্ণয় কৰা।
- পদ্ধতি:
- নমুনা সংগ্ৰহ: বিভিন্ন জাতৰ কুকুৰৰ (যেনে, ক’লা, বাদামী, বগা ৰঙৰ) জনসংখ্যাৰ তথ্য সংগ্ৰহ কৰা।
- পৰীক্ষাৰ আৰ্হি: দুটা বিপৰীতধৰ্মী ৰঙৰ কুকুৰ (যেনে, ক’লা আৰু বগা)ৰ মাজত সংকৰণ ঘটোৱা।
- F1 জনুৰ পৰ্যবেক্ষণ: F1 জনুৰ কুকুৰ পোৱালিৰ ৰং পৰীক্ষা কৰি চাব লাগিব কোনটো ৰং প্ৰকাশ পায়। যি ৰং প্ৰকাশ পায়, সেয়া প্ৰভাৱী হ’ব।
- F2 জনুৰ পৰীক্ষণ: F1 জনুৰ কুকুৰৰ মাজত প্ৰজনন ঘটাই F2 জনুৰ ৰঙৰ অনুপাত পৰীক্ষা কৰিলে যদি 3:1 অনুপাত পোৱা যায়, তেন্তে প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ নিশ্চিত হ'ব।
- তথ্য বিশ্লেষণ: সংগ্ৰহ কৰা তথ্যৰ পৰা জিনীয় গঠন (যেনে, BB, Bb, bb) নিৰ্ণয় কৰিব লাগিব।
- ফলাফল: পৰীক্ষাৰ ফলাফলৰ ভিত্তিত কোনটো ৰং প্ৰভাৱী (যেনে, ক’লা) আৰু কোনটো অপ্ৰভাৱী (যেনে, বগা) তাক উল্লেখ কৰিব লাগিব।
উত্তৰ: বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব:
- বিবৰ্তনৰ প্ৰমাণ: জীৱাশ্মই অতীতৰ জীৱৰ অৱশিষ্টৰ তথ্য দিয়ে, যিয়ে বৰ্তমানৰ জীৱৰ পূৰ্বপুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰে। যেনে, ডাইনোছৰৰ জীৱাশ্মৰ পৰা চৰাইৰ বিবৰ্তনৰ ইংগিত পোৱা যায়।
- ক্ৰমবিকাশৰ ধাৰাবাহিকতা: জীৱাশ্মই জীৱৰ গঠনৰ পৰিৱৰ্তনৰ ধাৰাবাহিকতা দেখুৱায়। যেনে সৰল জীৱৰ পৰা জটিল জীৱলৈ হোৱা বিবৰ্তন।
- জীৱাশ্মৰ বয়স নিৰ্ণয়: আপেক্ষিক পদ্ধতি আৰু কাৰ্বন ডেটিংৰ জৰিয়তে জীৱাশ্মৰ বয়স নিৰ্ণয় কৰি বিবৰ্তনৰ ক্ৰম বুজা যায়।
- পৰিৱেশৰ তথ্য: জীৱাশ্মই অতীতৰ পৰিৱেশৰ তথ্য বহন কৰে, যিয়ে জীৱৰ অভিযোজন আৰু বিবৰ্তন সম্পৰ্কে বুজাত সহায় কৰে।
উত্তৰ: অজৈৱিক পদাৰ্থৰ পৰা জীৱৰ উৎপত্তিৰ স্বাক্ষ্যসমূহ:
- মিলাৰ-ইউৰেৰ পৰীক্ষা: বিজ্ঞানী ষ্টেনলি মিলাৰ আৰু হেৰল্ড ইউৰেয়ে প্ৰাচীন পৃথিৱীৰ পৰিৱেশ (মিথেন, এম'নিয়া, হাইড্ৰ'জেন, পানীৰ বাষ্প) লেবত সৃষ্টি কৰি তাত বৈদ্যুতিক স্ফুলিংগ (মেঘ-বজ্ৰৰ দৰে) প্ৰয়োগ কৰিছিল। আৰু কেইদিনৰ ভিতৰতে তাত এমিন’ এচিড (জীৱদেহৰ মূল উপাদান) সৃষ্টি হৈছিল। ইয়ে প্ৰমাণ কৰে যে অজৈৱিক পদাৰ্থৰ পৰা জৈৱ অণু সৃষ্টি হ’ব পাৰে।
- জীৱাশ্মৰ তথ্য: প্ৰাচীন জীৱাশ্মৰ পৰা দেখা যায় যে প্ৰথম জীৱ সৰল আৰু এককোষী আছিল, যি অজৈৱিক পদাৰ্থৰ পৰা উৎপত্তিৰ ইংগিত দিয়ে।
- প্ৰাকৃতিক পৰিৱেশ: পৃথিৱীৰ প্ৰাচীন পৰিৱেশত অজৈৱিক পদাৰ্থৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত জৈৱ অণুৰ সৃষ্টি সম্ভৱ আছিল।
উত্তৰ:
- যৌন প্ৰজননত বেছি ভিন্নতাৰ কাৰণ:
- জিনৰ সংমিশ্ৰণ: যৌন প্ৰজননত পিতৃ-মাতৃৰ জিনৰ মিশ্ৰণ ঘটে, যাৰ ফলত নতুন জিনীয় সংযুক্তিৰ সৃষ্টি হয়।
- ক্ৰছিং ওভাৰ: মিয়’চিছৰ সময়ত ক্ৰম’জ’মৰ মাজত জিনৰ আদান-প্ৰদান ঘটে, যিয়ে নতুন জিনীয় বৈচিত্ৰ্য সৃষ্টি কৰে।
- উৎপৰিৱৰ্তন (Mutation): DNA-ত হঠাৎ পৰিৱৰ্তনৰ ফলত নতুন বৈশিষ্ট্যৰ সৃষ্টি হয়।
- আনহাতে অযৌন প্ৰজননত কেৱল এটা পিতৃৰ জিনহে সঞ্চাৰিত হয়, যাৰ ফলত ভিন্নতাৰ পৰিমাণ অতি সীমিত হয়।
- বিবৰ্তনত প্ৰভাৱ:
- যৌন প্ৰজননৰ ফলত সৃষ্ট ভিন্নতাই জীৱক পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ সহায় কৰে।
- প্ৰাকৃতিক নিৰ্বাচনে উপযুক্ত ভিন্নতাক বাছি লয়, যি পৰৱৰ্তী জনুলৈ সঞ্চাৰিত হয় আৰু নতুন প্ৰজাতিৰ সৃষ্টিত অৰিহণা যোগায়।
- এই ভিন্নতাই জীৱৰ যোগ্যতমৰ উৎবৰ্তনৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে।
উত্তৰ: পিতৃপুৰুষ আৰু মাতৃপুৰুষে অপত্যজনুলৈ সমান জিনীয় অৱদান হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া:
- মানুহৰ কোষত 46 ডাল ক্ৰম’জ’ম থাকে, য’ত 23 টা পিতৃৰ পৰা আৰু 23 টা মাতৃৰ পৰা আহে।
- প্ৰজননৰ সময়ত পিতৃ আৰু মাতৃৰ জনন কোষ (শুক্ৰাণু আৰু ডিম্বাণু) মিয়’চিছৰ জৰিয়তে 23 ডাল ক্ৰম’জ’মলৈ হ্ৰাস পায়।
- নিষেচনৰ সময়ত শুক্ৰাণুৰ 23 ডাল ক্ৰম’জ’ম আৰু ডিম্বাণুৰ 23 ডাল ক্ৰম’জ’ম মিলিত হৈ অপত্যৰ 46 ডাল ক্ৰম’জ’ম গঠন কৰে।
- এইদৰে, পিতৃ আৰু মাতৃৰ পৰা অপত্য জনুলৈ সমান সংখ্যক ক্ৰম’জ’ম আৰু জিন সঞ্চাৰিত হয়।
উত্তৰ:
একমত, কিয়নো ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচন তত্ত্বমতে, কোনো এটা প্ৰজাতিৰ ভিতৰত বংশগত ভিন্নতা (variation) থকা জীৱবোৰে পৰিৱেশৰ সৈতে খাপ খুৱাই চলি জীয়াই থাকিব পাৰে। অৰ্থাৎ যিবোৰ জীৱৰ ভিন্নতা (যেনে—ৰোগ প্ৰতিৰোধ ক্ষমতা, খাদ্য সংগ্ৰহৰ দক্ষতা) পৰিবেশৰ অনুকূল, সিহঁতেই বেছিকৈ বংশবৃদ্ধি কৰে আৰু প্ৰজাতি অক্ষুণ্ণ ৰাখে।
উদাহৰণস্বৰূপে—
- যদি আবাদীত কোনো পতংগৰ ৰাসায়নিক প্ৰতিৰোধী ক্ষমতা থাকে, তেন্তে সিহঁত কীটনাশকৰ পৰা বাচি থাকিবলৈও সক্ষম হয়।
অন্যথা অসক্ষম জীৱবোৰ বাচি থাকিব নোৱাৰে।
গতিকে, ভিন্নতাইহে জীয়াই থকাৰ সুযোগ সৃষ্টি কৰে। এই নীতিকেই জীৱবিজ্ঞানত যোগ্যতমৰ উৎপৰিৱৰ্তন বুলি কোৱা হয়।
SEBA Class 10 Science Chapter 9 Question Answers | বংশগতি আৰু ক্ৰমবিকাশ FAQ
Chapter Overview: বংশগতি আৰু ক্ৰমবিকাশ
Summary: Chapter 9 of SEBA Class 10 Science, "বংশগতি আৰু ক্ৰমবিকাশ," explores the principles of heredity and evolution. It covers Mendel’s laws of inheritance, variation, speciation, and evolutionary mechanisms like natural selection. The chapter explains how traits are passed from parents to offspring and how species evolve over time, with examples like Darwin’s finches and fossil evidence.
প্ৰাকৃতিক নিৰ্বাচন কি আৰু ই বিবৰ্তনত কেনেকৈ ভূমিকা পালন কৰে?
উত্তৰ: প্ৰাকৃতিক নিৰ্বাচন হৈছে এটা প্ৰক্ৰিয়া য’ত পৰিবেশৰ সৈতে অভিযোজিত হোৱা বা খাপ খোৱা জীৱবোৰ জীয়াই থাকে আৰু বংশবিস্তাৰ কৰে, আনহাতে অক্ষম জীৱবোৰ ধীৰে ধীৰে বিলুপ্তি হয়।
- প্ৰাকৃতিক নিৰ্বাচনৰ পৰিভাষা: ডাৰউইনে ইয়াক “যোগ্যতমৰ উৎবৰ্তন” (Survival of the Fittest) বুলি অভিহিত কৰিছিল। ই প্ৰজাতিৰ মাজত থকা ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰে।
- বিবৰ্তনত ভূমিকা:
- উপযুক্ত গুণসম্পন্ন জীৱৰ জিন পৰৱৰ্তী প্ৰজন্মলৈ সঞ্চাৰিত হয়, যাৰ ফলত প্ৰজাতিৰ পৰিৱৰ্তন ঘটে।
- পৰিবেশৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই নতুন প্ৰজাতিৰ সৃষ্টি (Speciation)ত সহায় কৰে।
- জিনীয় ভিন্নতা বৃদ্ধি কৰি প্ৰজাতিৰ জীয়াই থকাৰ সম্ভাৱনা বঢ়ায়।
ভিন্নতা কি আৰু ই প্ৰজাতিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
উত্তৰ: ভিন্নতা হৈছে একে প্ৰজাতিৰ জীৱৰ মাজত দেখা পোৱা জিনীয় আৰু পৰিৱেশজনিত পাৰ্থক্য।
- ভিন্নতাৰ উৎস: DNA প্ৰতিলিপিৰ সময়ত ভিন্নতাৰ সৃষ্টি, যৌন প্ৰজননত জিনৰ পুনৰ সংযোজন, আৰু পৰিবেশৰ প্ৰভাৱ।
- গুৰুত্ব:
- পৰিবৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাই চলাত সহায় কৰে (যেনে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি)।
- প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে উপযুক্ত বৈশিষ্ট্য থকা জীৱৰ বিবৰ্তন ঘটায়।
- প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰে, কাৰণ ভিন্নতাৰ অভাৱত কোনো প্ৰজাতি প্ৰতিকূল পৰিস্থিতিত বিলুপ্ত হ’ব পাৰে।
প্ৰজাতিকৰণ বা স্পিচিয়েশন কি?
উত্তৰ: প্ৰজাতিকৰণ বা স্পিচিয়েশন হৈছে এটা প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ উৎপত্তি হোৱা প্ৰক্ৰিয়া।
- কাৰণ:
- ভৌগোলিক বিচ্ছিন্নতা (Geographic Isolation): যেনে, নদী বা পৰ্বতৰ দ্বাৰা কোনো প্ৰজাতি পৃথক হৈ যোৱা।
- জিনীয় পথচ্যুতি (Genetic Drift): প্ৰজাতিৰ মাজত জিনৰ আকস্মিক পৰিৱৰ্তনৰ ফলত নতুন বৈশিষ্ট্যৰ সৃষ্টি হোৱা।
- প্ৰজনন বিচ্ছিন্নতা (Reproductive Isolation): জীৱৰ মাজত হোৱা প্ৰজননৰ অভাৱ।
- প্ৰাকৃতিক নিৰ্বাচন: উপযুক্ত বৈশিষ্ট্যৰ জীৱই জীয়াই থকাৰ সক্ষমতা গঢ়ি তোলা।
Benefits of Studying Chapter 9 – বংশগতি আৰু ক্ৰমবিকাশ Question Answers
Benefits:
- Exam Success: Detailed answers to Prosnawoli and Anushiloni questions prepare students for SEBA HSLC exams.
- Conceptual Clarity: Simplified Assamese explanations make topics like Mendel’s laws and evolution easy to understand.
- Enhanced Revision: MCQs and notes aid quick revision and retention of key concepts.
- Time Efficiency: Structured answers help practice concise responses for better exam performance.
- Confidence Building: Familiarity with question patterns boosts confidence for Assamese medium students.