SEBA Class 10 Science Chapter 2 Notes: Acids, Bases, and Salts | এচিড, ক্ষাৰক আৰু লৱণ
SEBA Class 10 Science Chapter 2 Notes: Acids, Bases, and Salts (এচিড, ক্ষাৰক আৰু লৱণ) for HSLC 2026
SEBA Class 10 Science Chapter 2 Notes: Acids, Bases, and Salts are essential for HSLC 2026 students. These Class 10 Science Chapter 2 Notes Acids, Bases, and Salts explain key concepts such as acidic and basic nature, physical and chemical properties, types of salts, and neutralization in a simple manner. Students preparing for SEBA Class 10 Science Chapter 2 Notes: Acids, Bases, and Salts will benefit from topic-wise coverage following the SEBA and NCERT guidelines.
In SEBA Class 10 Science Chapter 2 Notes: Acids, Bases, and Salts, you’ll explore indicators like litmus, methyl orange, and phenolphthalein, along with strong and weak acids and bases. These Class 10 Science Chapter 2 Notes Acids, Bases, and Salts also include the pH scale, acid rain, importance of common salts, and everyday examples that reinforce your learning. These SEBA Class 10 Science Chapter 2 Notes are organized for clear understanding and board exam preparation.
To strengthen your preparation, go through SEBA Class 10 Science Chapter 2 Notes: Acids, Bases, and Salts and solve practice questions. Use these Class 10 Science Chapter 2 Notes Acids, Bases, and Salts with diagrams and solved examples for deeper understanding. For extra practice, visit the MCQs for Acids, Bases, and Salts and refer to the official NCERT Class 10 Science Book.
SEBA Class 10 Science Chapter 2 Notes: Acids, Bases, and Salts | এচিড, ক্ষাৰক আৰু লৱণ
✦ এচিড আৰু ক্ষাৰক কি? (What are Acids and Bases?)
এচিড (Acids)
- সাধাৰণতে এচিডৰ খোৱাদ টেঙা।
- ইহঁতে নীলা লিটমাছ ৰঙা কৰে (এনীলিৰ)।
- এচিডে পানীত H⁺ আয়ন এৰি দিয়ে।
- যিবোৰ যৌগ বা পদাৰ্থৰ আৰম্ভণিতে H থাকে।
- যদি যৌগ বা পদাৰ্থটোত OOH থাকে তেন্তে সেয়া এচিড হ'ব।
- অধাতুৰ অক্সাইডবোৰ এচিড।
- উদাহৰণ: HCl, H₂SO₄, HNO₃
বিশেষ দ্রষ্টব্য: সকলো টেঙা সোৱাদেই এচিড নহয়। যেনে, কফিৰ খোৱাদ তিতা কিন্তু ইয়াৰ প্ৰকৃতি আম্লিক (এচিড)। সেয়ে সকলো ক্ষেত্ৰতে খোৱাদ লোৱা আৰু চুই চোৱাৰ জড়িয়তে এচিড বা ক্ষাৰকৰ প্ৰকৃতি নিৰ্ণয় কৰাটো যুগুত নহয়।
ক্ষাৰক (Bases)
- সাধাৰণতে ক্ষাৰকৰ খোৱাদ তিতা।
- ইহঁতে ৰঙা লিটমাছ নীলা কৰে (ৰলিনী)।
- ক্ষাৰকে পানীত OH⁻ আয়ন এৰি দিয়ে।
- যিবোৰ যৌগ বা পদাৰ্থৰ শেষত OH থাকে।
- ধাতুৰ অক্সাইডবোৰ ক্ষাৰক।
- উদাহৰণ: NaOH, KOH, Ca(OH)₂

✦ সূচক কি? (What are Indicators?)
যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ আৰু গোন্ধৰ পৰিবৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে, সিহঁতক অম্ল-ক্ষাৰক সূচক বা সূচক বোলে।
✦ সূচকৰ প্ৰকাৰ (Types of Indicators)
প্ৰাকৃতিক সূচক (Natural Indicators)
- অম্ল আৰু ক্ষাৰকৰ মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰা সূচক। প্ৰাকৃতিকভাৱে ইয়াক পোৱা যায়।
- উদাহৰণ: লিটমাছ, হালধী।
সাংশ্লেষিক সূচক (Synthetic Indicators)
- অম্ল আৰু ক্ষাৰকৰ মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰা সূচক। এইবোৰ কৃত্ৰিম। প্ৰাকৃতিকভাৱে পোৱা নাযায়।
- উদাহৰণ: মিথাইল অৰেঞ্জ, ফিন'ফথেলিন।
ঘ্ৰাণেন্দ্ৰিক সূচক (Olfactory Indicators)
- যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধ সলনি কৰি এচিড আৰু ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰে, সেইবিলাকক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে।
- উদাহৰণ: পিয়াজ, লং, ভেনিলা।
- বিশেষত্ব: চকুৰে নেদেখা (দৃষ্টিহীন) মানুহৰ বাবে ই সহায়কাৰী। অলফেক্টৰী স্নায়ু (নাকত) ৰ জৰিয়তে গোন্ধ পোৱা যায়।
✦ ৰঙৰ পৰিৱৰ্তন হোৱা সূচক (Indicators Showing Color Change)
সূচক | আম্লিক মাধ্যম | ক্ষাৰকীয় মাধ্যম |
---|---|---|
নীলা লিটমাছ | ৰঙা | ৰং সলনি নহয় |
ৰঙা লিটমাছ | ৰং সলনি নহয় | নীলা |
হালধী | হালধীয়া | ৰঙা |
মিথাইল অৰেঞ্জ | ৰঙা | হালধীয়া |
ফিন'ফথেলিন | বৰণহীন | গুলপীয়া |
✦ গোন্ধৰ পৰিৱৰ্তন হোৱা সূচক (Indicators Showing Odor Change)
সূচক | আম্লিক মাধ্যম | ক্ষাৰকীয় মাধ্যম |
---|---|---|
পিয়াজ | গোন্ধ একেই থাকে | গোন্ধহীন হয় |
লং | গোন্ধ একেই থাকে | গোন্ধহীন হয় |
ভেনিলা | গোন্ধ একেই থাকে | গোন্ধহীন হয় |
✦ লিটমাছ দ্ৰৱ কি? (What is Litmus Solution?)
লিটমাছ হ’ল লাইকেন নামৰ উদ্ভিদৰ পৰা নিষ্কাষণ কৰা এবিধ ৰঞ্জক পদাৰ্থ। প্ৰশম অৱস্থাত ইয়াৰ ৰং বেঙুনীয়া (purple color)।
✦ এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম (Chemical Properties of Acids and Bases)
✦ এচিড আৰু ক্ষাৰকৰ ধাতুৰ সৈতে বিক্ৰিয়া (Reaction with Metals)
এচিডৰ ধাতুৰ সৈতে বিক্ৰিয়া (Acid + Metal)
এচিড + ধাতু → লৱণ + হাইড্ৰ'জেন গেছ
উদাহৰণ: H₂SO₄ + Zn → ZnSO₄ + H₂
যিংকৰ টুকুৰাৰ সৈতে লঘু ছালফিউৰিক এচিডৰ বিক্ৰিয়া আৰু দহনৰ দ্বাৰা হাইড্ৰ'জেন গেছৰ পৰীক্ষা।
ক্ষাৰকৰ ধাতুৰ সৈতে বিক্ৰিয়া (Base + Metal)
ক্ষাৰক + ধাতু → লৱণ + হাইড্ৰ'জেন গেছ
উদাহৰণ: NaOH + Zn → Na₂ZnO₂ + H₂ (ছ'ডিয়াম যিংকেট)
সিদ্ধান্ত: এচিড আৰু ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ'জেন গেছ সৃষ্টি কৰে।
✦ ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰ'জেন কাৰ্বনেটে এচিডৰ সৈতে কৰা বিক্ৰিয়া
ধাতৱ কাৰ্বনেটৰ এচিডৰ সৈতে বিক্ৰিয়া (Metal Carbonate + Acid)
ধাতৱ কাৰ্বনেট + এচিড → লৱণ + পানী + কাৰ্বন ডাইঅক্সাইড
উদাহৰণ: Na₂CO₃ + 2HCl → 2NaCl + H₂O + CO₂
ধাতৱ হাইড্ৰ'জেন কাৰ্বনেটৰ সৈতে এচিডৰ বিক্ৰিয়া (Metal Hydrogen Carbonate + Acid)
ধাতৱ হাইড্ৰ'জেন কাৰ্বনেট + এচিড → লৱণ + পানী + কাৰ্বন ডাইঅক্সাইড
উদাহৰণ: Na₂HCO₃ + HCl → 2NaCl + H₂O + CO₂
পৰীক্ষা
কেলছিয়াম হাইড্ৰ'ক্সাইডৰ মাজেৰে কাৰ্বন ডাইঅক্সাইড গেছ পঠিওৱা পৰীক্ষা:
চূণৰ পানীৰ মাজেৰে কাৰ্বন ডাইঅক্সাইড গেছ পঠিয়ালে পানীত অদ্ৰৱণীয় কেলছিয়াম কাৰ্বনেট (CaCO₃) ৰ বগা অধঃক্ষেপ পৰে।
সমীকৰণ: Ca(OH)₂ (aq) + CO₂ (g) → CaCO₃ (s) + H₂O (l)
আনহাতে এই উৎপাদিত পদাৰ্থৰ মাজেৰে অতিৰিক্ত কাৰ্বন ডাইঅক্সাইড পঠিয়ালে পানীত দ্ৰৱণীয় কেলছিয়াম হাইড্ৰ'জেন কাৰ্বনেট Ca(HCO₃)₂ ৰ সৃষ্টি হয়।
সমীকৰণ: CaCO₃ (s) + H₂O (l) + CO₂ (g) → Ca(HCO₃)₂ (aq)
দ্রষ্টব্য: কেলছিয়াম কাৰ্বনেটৰ ভিন ভিন ৰূপ হ'ল - চূণশিল, চক আৰু মাৰ্বল।
✦ এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কৰা বিক্ৰিয়া (Neutralization Reaction)
ক্ষাৰক + এচিড → লৱণ + পানী
উদাহৰণ: NaOH (aq) + 2HCl (aq) → 2NaCl (aq) + H₂O (l)
সংজ্ঞা: এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় আৰু এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে।
🎁 Coupon Code: Gem100 ব্যৱহাৰ কৰা।
Enroll in Our Class 10 Science Course!
Unlock the full SEBA Class 10 Science Chapter 2 – Acids, Bases, and Salts experience with beautifully designed diagrams, detailed notes, and expert guidance. Perfect for HSLC 2026 preparation.

Class 10 Science Detail Notes Course FAQs
Course Details
Summary: This course is a complete package for SEBA Class 10 Science. It covers Physics, Chemistry, and Biology chapters with Assamese-medium explanations, diagrams, MCQs, previous year questions, and practice sets—all in one place for HSLC 2026.
Course Benefits
Summary: Get expert-made notes, interactive quizzes, downloadable PDFs, chapter-wise videos, and exam-focused MCQs. Designed for complete understanding and high score in Class 10 SEBA exams.
What You'll Learn
Summary: You will master chapters like Chemical Reactions and Equations, Acids, Bases and Salts, Heredity and Evolution, Sources of Energy, etc., with topic-wise videos, animations, NCERT-based questions, and bilingual (English–Assamese) support.
Duration & Format
Summary: Self-paced online course accessible anytime. Notes and videos available 24×7 with lifetime access after enrollment. Study at your own speed!
Who Should Join
Summary: Ideal for Class 10 SEBA students (Assamese Medium), especially those preparing for HSLC 2026. Also suitable for students who want visual learning, practice materials, and full revision help.
Explore More
Chapter | Resources |
---|---|
Chapter 1: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | |
Chapter 2: এচিড, ক্ষাৰক আৰু লৱণ | |
Chapter 4: কাৰ্বন আৰু তাৰ যৌগ | |
Chapter 12: বিদ্যুৎ | |
Additional Resources |