SEBA Class 10 Science Chapter 15 Question Answers – আমাৰ পৰিৱেশ (Our Environment) | Assamese Medium

Class 10 Science Our Environment Question Answers – Complete SEBA Guide

This page offers well-structured Class 10 Science Our Environment Question Answers from SEBA Chapter 15 – “আমাৰ পৰিৱেশ” in simple and easy-to-follow language. Designed as per the latest SEBA syllabus, these solutions help Class 10 students gain conceptual clarity on ecosystems, food chains, and waste management.

Our expert-prepared Class 10 Science Our Environment Question Answers focus on exam relevance and comprehension. You’ll find topic-wise explanations and key questions that are ideal for HSLC 2025 exam preparation. These Class 10 Science Our Environment Question Answers support Assamese medium learners with fully aligned textbook references.

Whether it’s short-answer, long-answer, or reasoning-based queries, this set of Class 10 Science Our Environment Question Answers makes your revision easier. These resources provide depth in understanding environmental impacts, trophic levels, and sustainable living – all essential parts of the Class 10 Science curriculum.

SEBA Class 10 Science Chapter 15 প্রশ্নোত্তৰ

প্রশ্নাৱলী (পৃষ্ঠা 257)

1. কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয়?

উত্তৰ: জীৱ নিম্নিকৰণ পদাৰ্থ: যিবোৰ পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে (যেনে বেক্টেৰিয়া, ভেঁকুৰ আদিৰ দ্বাৰা) পচন ঘটি সৰল পৰ্যায়লৈ পৰিবৰ্তন হয় তেনে পদাৰ্থ জীৱ নিম্নিকৰণ পদাৰ্থ বোলে। যেনে খাদ্যৰ অৱশিষ্ট, গছৰ পাত, কাগজ আদি।

জীৱ অনিম্নিকৰণ পদাৰ্থ: যিবোৰ পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ সলনি নহয় তেনে পদাৰ্থক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলে। এইবোৰ সাধাৰণতে কৃত্ৰিমভাৱে তৈয়াৰ কৰা হয়। এইবোৰৰ জটিল ৰাসায়নিক গঠনৰ বাবে পচন নঘটে। যেনে প্লাষ্টিক, DDT, কীটনাশক আদি।

2. জীৱ নিম্নিকৰণ পদাৰ্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ:

  • মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে: জীৱ নিম্নিকৰণ পদাৰ্থ, যেনে গছৰ পাত, শাক-পাচলিৰ অৱশিষ্ট, গোবৰ আদি পচন ঘটি মাটিৰ সৈতে মিহলি হৈ মাটিত খনিজ পদাৰ্থ যোগান ধৰে। ইয়াৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পায়।
  • পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে: জীৱ নিম্নিকৰণ পদাৰ্থবোৰ পৰিৱেশত জমা নহয়। এই পদাৰ্থবোৰ পচন ঘটি পৰিৱেশ পৰিষ্কাৰ কৰি পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য অটুট ৰাখে।
3. জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ:

  • পৰিবেশ প্ৰদূষণ: জীৱ অনিম্নিকৰণ পদাৰ্থ যেনে প্লাষ্টিক, কীটনাশক আদি পৰিৱেশত পচন নঘটে। ই পৰিৱেশত জমা হৈ মাটি, পানী আৰু বায়ু প্ৰদূষণ ঘটায়। ফলত জীৱৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট বিৰূপ প্ৰভাৱ পৰে।
  • জৈৱিক বিবৰ্ধক: জীৱ অনিম্নিকৰণ পদাৰ্থ যেনে DDT আদি খাদ্য শৃংখলৰ জৰিয়তে জীৱৰ দেহত জমা হৈ উচ্চ স্তৰৰ জীৱ যেনে মানুহৰ দেহত সৰ্বাধিক মাত্ৰাত জমা হৈ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে।

প্রশ্নাৱলী (পৃষ্ঠা 261)

class-10-science-trophic-levels-decomposers-question-answers for SEBA Class 10 Science.

1. পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।

উত্তৰ: পৌষ্টিক স্তৰ: খাদ্য শৃংখলৰ বিভিন্ন স্তৰ য’ত তলৰ স্তৰৰ পৰা ওপৰৰ স্তৰলৈ শক্তিৰ স্থানান্তৰ হয়, তাকে পৌষ্টিক স্তৰ বোলে। এই শক্তিৰ প্ৰবাহ সদায় একমুখী হয়।

উদাহৰণসহ খাদ্য শৃংখলৰ পৌষ্টিক স্তৰ:

  • প্ৰথম স্তৰ: উৎপাদক - সেউজীয়া উদ্ভিদ যেনে ঘাঁহ। ইহঁতে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য তৈয়াৰ কৰে।
  • দ্বিতীয় স্তৰ: প্ৰথম উপভোক্তা - তৃণভোজী প্ৰাণী যেনে হৰিণ, গৰু আদি। যিয়ে ঘাঁহ খায়।
  • তৃতীয় স্তৰ: দ্বিতীয় উপভোক্তা - মাংসভোজী প্ৰাণী যেনে সিংহ। যিয়ে হৰিণক খায়।
  • চতুৰ্থ স্তৰ: তৃতীয় উপভোক্তা - সৰ্বভোজী প্ৰাণী যেনে মানুহ। যিয়ে উদ্ভিদ আৰু প্ৰাণী উভয়কে ভক্ষণ কৰে।

খাদ্য শৃংখল: ঘাঁহ → হৰিণ → সিংহ।

Diagram illustrating a food chain with grass, deer, and lion forClass 10 Science Our Environment Question Answers
Food chain diagram for SEBA Class 10 Science Chapter 15 – আমাৰ পৰিৱেশ
2. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি?

উত্তৰ: বিয়োজকে (যেনে ভেঁকুৰ, বেক্টেৰিয়া) পৰিস্থিতি তন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে:

  • পচন প্ৰক্ৰিয়া: ইহঁতে মৃত জীৱ, উদ্ভিদ, আৰু জীৱৰ মল-মূত্ৰ আদি জটিল জৈৱ পদাৰ্থসমূহ সৰল অজৈৱ যৌগলৈ পৰিৱৰ্তন কৰে।
  • মাটিৰ উৰ্বৰতা ৰক্ষা কৰে: ইহঁতে জটিল জৈৱ পদাৰ্থসমূহ সৰল অজৈৱ যৌগলৈ সলনি কৰে আৰু মাটিৰ সৈতে মিহলি কৰি মাটিৰ উৰ্বৰতা অটুট ৰাখে।
  • পৰিৱেশ নিৰ্মল কৰে: বিয়োজকে মৃত জীৱ, উদ্ভিদ, জাৱৰ-জোঁথৰ আদি পচন ঘটাই পৰিৱেশ পৰিষ্কাৰ কৰি পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে।

প্রশ্নাৱলী (পৃষ্ঠা 264) – Class 10 Science Our Environment Question Answers

1. অ’জন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰ: অ’জন : অ’জন (O₃) হ’ল অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত এক বিষাক্ত গেছ। ই বায়ুমণ্ডলৰ উচ্চ স্তৰত অৱস্থিত।

পৰিস্থিতি তন্ত্ৰত ইয়াৰ প্ৰভাৱ:

  • জীৱৰ সুৰক্ষা: অ’জন স্তৰে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতিবেঙুনীয়া (UV) ৰশ্মিৰ পৰা পৃথিৱীক অৰ্থাৎ পৰিস্থিতি তন্ত্ৰৰ জীৱক ৰক্ষা কৰে। উদাহৰণস্বৰূপে: UV ৰশ্মি মানুহৰ ছালৰ কৰ্কট ৰোগৰ অন্যতম এক কাৰণ।
  • পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য: অ’জন স্তৰৰ অবক্ষয়ৰ ফলত UV ৰশ্মিৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া ব্যাহত হয় আৰু খাদ্য শৃংখলৰ ওপৰত প্ৰভাৱ পৰি পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য নষ্ট হ’ব পাৰে।
2. পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰ: পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰাৰ দুটা পদ্ধতি:

  • পুনৰাৱৰ্তন (Recycling): জীৱ অনিম্নিকৰণ আৱৰ্জনা যেনে প্লাষ্টিক, কাগজ, কাঁচ আদি পুনৰাৱৰ্তন কৰি নতুন সামগ্ৰী তৈয়াৰ কৰি পুণৰ ব্যৱহাৰৰ দ্বাৰা।
  • জৈৱ সাৰ প্ৰস্তুতি: জীৱ নিম্নিকৰণ আৱৰ্জনা যেনে খাদ্যৰ অৱশিষ্ট, গছৰ পাত আদিৰ পৰা পচন সাৰ তৈয়াৰ কৰি। ই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু আৱৰ্জনাৰ পৰিমাণ কমায়।

অনুশীলনী – Class 10 Science Our Environment Question Answers

1. তলত উল্লেখ কৰা কোনখিনিত কেবল জীৱ নিম্নিকৰণ পদাৰ্থ আছে?

বিকল্প:

  • (a) ঘাঁহ, ফুল আৰু চামৰা
  • (b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
  • (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ বস্তু
  • (d) পিঠা, কাঠ আৰু যাঁহ

উত্তৰ: (a) ঘাঁহ, ফুল আৰু চামৰা

2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?

বিকল্প:

  • (a) ঘাঁহ, ঘেঁহু আৰু আম
  • (b) ঘাঁহ, ছাগলী আৰু মানুহ
  • (c) ছাগলী, গৰু আৰু হাতী
  • (d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰ: (b) ঘাঁহ, ছাগলী আৰু মানুহ

3. তলত উল্লেখ কৰা কোনকেইটা পৰিবেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?

বিকল্প:

  • (a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস
  • (b) অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস
  • (c) তোমাৰ মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ আনা-নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস
  • (d) ওপৰৰ আটাইকেইটা অভ্যাস

উত্তৰ: (d) ওপৰৰ আটাইকেইটা অভ্যাস

4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক ধ্বংস কৰি পেলালে কি ঘটিব?

উত্তৰ: যদি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক ধ্বংস কৰি পেলোৱা হয় তেতিয়া পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য সম্পূৰ্ণৰূপে বিনষ্ট হ’ব।

উদাহৰণস্বৰূপে:

  • উৎপাদক যেনে উদ্ভিদ ধ্বংস হ’লে: খাদ্য শৃংখলৰ আৰম্ভণি বন্ধ হ’ব অৰ্থাৎ তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ খাদ্যৰ অভাৱত মৃত্যু ঘটিব।
  • প্ৰথম উপভোক্তা যেনে তৃণভোজী প্ৰাণী ধ্বংস হ’লে: মাংসভোজী প্ৰাণীৰ খাদ্যৰ অভাৱত মৃত্যু ঘটিব আৰু উদ্ভিদৰ সংখ্যা অত্যধিক বাঢ়িব।
  • দ্বিতীয় আৰু তৃতীয় উপভোক্তা ধ্বংস হ’লে: তৃণভোজী প্ৰাণীৰ সংখ্যা যথেষ্ট বাঢ়িব, ফলত উদ্ভিদৰ সংখ্যা লাহে লাহে কমি নাইকীয়া হোৱাৰ উপক্ৰম হ'ব।

ইয়াৰ ফলত খাদ্য শৃংখল ভাগি পৰিব আৰু পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য ব্যাহত হ’ব।

5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে?

উত্তৰ: একেদৰে প্ৰভাৱ নপৰে। কাৰণ প্ৰত্যেক পৌষ্টিক স্তৰৰ ভূমিকা বেলেগ বেলেগ। গতিকে এটা স্তৰৰ জীৱ ধ্বংস কৰিলে পৰিস্থিতি তন্ত্ৰত তাৰ প্ৰভাৱ বেলেগ বেলেগ হ’ব।

উদাহৰণস্বৰূপে: উৎপাদক ধ্বংস হ’লে যেনেকৈ সমগ্ৰ খাদ্য শৃংখল ভাগি পৰিব। তেনেদৰে মাংসভোজী স্তৰটো ধ্বংস হ’লে তৃণভোজীৰ সংখ্যা বাঢ়িব। ফলত প্ৰভাৱ বেলেগ বেলেগ ধৰণৰ হ’ব।

পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ সকলোবিলাক জীৱক আঁতৰাব নোৱাৰি। কাৰণ পৰিস্থিতি তন্ত্ৰত প্ৰত্যেক স্তৰৰ জীৱৰ নিজা ভূমিকা আছে। যিকোনো এটা স্তৰৰ সকলো জীৱ আঁতৰালে খাদ্য শৃংখল আৰু শক্তিৰ প্ৰবাহ ব্যাহত হ’ব, ফলত পৰিস্থিতি তন্ত্ৰটো অচল হৈ ভাৰসাম্যহীন হৈ পৰিব।

6. জৈৱিক বিবৰ্ধক বুলিলে কি বুজা? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে?

উত্তৰ: জৈৱিক বিবৰ্ধক: খাদ্য শৃংখলৰ এটা পৌষ্টিক স্তৰৰ পৰা ওপৰৰ স্তৰলৈ গ'লে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ (যেনে DDT, কীটনাশক) মাত্ৰা বৃদ্ধি পাই শীৰ্ষস্থানৰ জীৱৰ (যেনে মানুহ) দেহত সৰ্বাধিক জমা হোৱা পৰিঘটনাক জৈৱিক বিবৰ্ধক বোলে।

হয়, বেলেগ বেলেগ স্তৰত প্ৰভাৱ বেলেগ বেলেগ হয়।

উদাহৰণস্বৰূপে: তলৰ স্তৰৰ জীৱ যেনে উদ্ভিদ, তৃণভোজীৰ দেহত এই ৰাসায়নিক পদাৰ্থৰ কমকৈ জমা হয়। কিন্তু খাদ্য শৃংখলৰ ওপৰলৈ গ’লে যেনে মাংসভোজী, সৰ্বভোজীৰ দেহত এই পদাৰ্থৰ মাত্ৰা ক্ৰমান্বয়ে বাঢ়ি যায়। শীৰ্ষস্থানৰ জীৱ যেনে মানুহৰ দেহত ইয়াৰ পৰিমাণ সৰ্বাধিক মজুত হয়। যাৰ ফলত স্বাস্থ্যৰ ওপৰত যথেষ্ট বিৰূপ প্ৰভাৱ পৰে।

7. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থৰ পৰা আমাৰ কি কি সমস্যা হ’ব পাৰে?

উত্তৰ: জীৱ অনিম্নিকৰণ পদাৰ্থৰ পৰা হ’ব পৰা সমস্যাসমূহ:

  • পৰিৱেশ প্ৰদূষণ: প্লাষ্টিক, কীটনাশক আদি পদাৰ্থবোৰ জমা হৈ মাটি, পানী আৰু বায়ু যথেষ্ট প্ৰদূষিত কৰে। যিয়ে জীৱৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে।
  • জৈৱিক বিবৰ্ধক: এই পদাৰ্থসমূহ খাদ্য শৃংখলৰ জৰিয়তে জীৱৰ দেহত জমা হৈ বিভিন্ন স্তৰৰ জীৱৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। যেনে ইয়াৰ ফলত কৰ্কট ৰোগ বা প্ৰজননৰ সমস্যা আদি হ'ব পাৰে।
  • পৰিস্থিতি তন্ত্ৰৰ ওপৰত প্ৰভাৱ: এই পদাৰ্থসমূহ ক্ৰমান্বয়ে জমা হোৱাৰ ফলত উদ্ভিদ আৰু প্ৰাণীৰ জীৱনচক্ৰ ব্যাহত হয়। ফলত পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য নষ্ট হয়।
8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয় তেনেহ’লে পৰিবেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে?

উত্তৰ: সকলো আৱৰ্জনা জীৱ নিম্নিকৰণ হ’লেও পৰিবেশৰ ওপৰত কিছু প্ৰভাৱ পৰিব পাৰে।

যেনে:

  • অত্যধিক পচনৰ প্ৰভাৱ: যদি জীৱ নিম্নিকৰণ আৱৰ্জনাৰ পৰিমাণ অত্যধিক হয়, তেতিয়া পচন প্ৰক্ৰিয়াৰ সময়ত মিথেনৰ দৰে গেছ উৎপন্ন হৈ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰি জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগাব পাৰে।
  • মাটিৰ ভাৰসাম্য নষ্ট হ'ব পাৰে: অত্যধিক জৈৱ আৱৰ্জনাৰ পচনে মাটিৰ পুষ্টিৰ ভাৰসাম্য নষ্ট কৰিব পাৰে অৰ্থাৎ পোষক দ্ৰৱ্য অত্যন্ত বাঢ়িলে শস্য বা উদ্ভিদৰ বৃদ্ধিত বাধাৰ সৃষ্টি হ'ব পাৰে বা শস্য মৰিও যাব পাৰে।

গতিকে, সঠিক ব্যৱস্থাপনাৰ জৰিয়তে এই প্ৰভাৱ কমোৱাৰ ব্যৱস্থা কৰা উচিত।

SEBA Class 10 Science Chapter 15 Question Answers FAQ

Chapter Overview: আমাৰ পৰিৱেশ

Summary: Chapter 15 of SEBA Class 10 Science, "আমাৰ পৰিৱেশ," explores the principles of ecosystems, food chains, environmental issues, waste management, and conservation, with practical examples for class-10-science-our-environment-question-answers.

পৰিৱেশ তন্ত্ৰ কি?

উত্তৰ: পৰিৱেশ তন্ত্ৰ হৈছে জীৱ আৰু জড় উপাদানৰ মাজৰ পাৰস্পৰিক ক্রিয়াৰ এক সুসংগঠিত ব্যৱস্থা, য’ত শক্তিৰ প্ৰবাহ আৰু পদাৰ্থৰ চক্ৰণ ঘটে।

খাদ্য শৃংখল কি?

উত্তৰ: খাদ্য শৃংখল হৈছে জীৱৰ মাজত শক্তিৰ স্থানান্তৰৰ এক ধাৰাবাহিক প্ৰক্ৰিয়া, য’ত এটা জীৱে আন এটা জীৱক খাদ্য হিচাপে গ্ৰহণ কৰে।

জৈৱ-নবীকৰণযোগ্য সম্পদ কি?

উত্তৰ: জৈৱ-নবীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ প্ৰাকৃতিকভাৱে পুনৰুৎপাদন হ’ব পাৰে, যেনে- উদ্ভিদ, প্ৰাণী, আৰু কৃষিজাত পদাৰ্থ।

Benefits of Studying Chapter 15 – class-10-science-our-environment-question-answers

Benefits:

  • Exam Success: Detailed answers to Prosnawoli and Anushiloni questions prepare students for SEBA HSLC exams.
  • Conceptual Clarity: Simplified Assamese explanations make topics like ecosystems and environmental issues easy to understand in class-10-science-our-environment-question-answers.
  • Enhanced Revision: MCQs and notes aid quick revision and retention of key concepts.
  • Time Efficiency: Structured answers help practice concise responses for better exam performance.
  • Confidence Building: Familiarity with question patterns boosts confidence for Assamese medium students.