- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
- 2. এছিড, ক্ষাৰক আৰু লৱণ
- 3. ধাতু আৰু অধাতু
- 4. কাৰ্বন আৰু তাৰ যৌগ
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
- 6. জীৱন প্ৰক্ৰিয়া
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয়
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
- 9. বংশগতি আৰু ক্ৰমবিকাশ
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
- 12. বিদ্যুত
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
- 14. শক্তিৰ উৎসসমূহ
- 15. আমাৰ পৰিবেশন
- 16. প্ৰৃতিক সম্পদৰ ব্যৱস্থাপনা
SEBA Class 10 Science Chapter 7 Question Answers – নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination) | Assamese Medium
SEBA Class 10 Science Chapter 7 - নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answers
Get the best SEBA Class 10 Science Chapter 7 Question Answers here – fully explained in Assamese for HSLC 2026. This chapter, নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination), is one of the most important topics in Class 10 Science. In this section, we provide detailed SEBA Class 10 Science Chapter 7 Question Answers with clear solutions, diagrams, and Assamese explanations. These answers follow the SEBA syllabus strictly and are designed for HSLC students.
Whether you're revising or learning for the first time, our SEBA Class 10 Science Chapter 7 Question Answers will help you understand the nervous system, reflex actions, hormones, and plant movements clearly. Make your HSLC 2026 preparation smarter with these expert-prepared SEBA Class 10 Science Chapter 7 Question Answers in Assamese.
Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰশ্নোত্তৰ
Table of Contents
প্ৰশ্নাৱলী (Page 119)
উত্তৰ:
প্ৰতীপ ক্ৰিয়া | খোজ কঢ়া |
---|---|
স্বতঃস্ফূৰ্ত আৰু অজ্ঞাতসাৰে হয় | ঐচ্ছিক কাৰ্য, সচেতনভাৱে কৰা হয় |
স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত | মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত |
যেনে: গৰম বস্তু স্পৰ্শ কৰিলে হাত আঁতৰোৱা | যেনে: ইচ্ছাকৃতভাৱে খোজ কাঢ়া |
উত্তৰ:
- ছাইনেপছত এটা নিউৰণৰ এক্সনৰ শেষ প্ৰান্তই ৰাসায়নিক পদাৰ্থ (নিউৰ'ট্ৰান্সমিটাৰ, যেনে ড'পামিন, চেৰ'টনিন) মুক্ত কৰে
- এই ৰাসায়নিক পদাৰ্থ ছাইনেপছৰ মাজেৰে পাৰ হৈ পৰৱৰ্তী নিউৰণৰ ডেনড্ৰাইটত বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে
- এই প্ৰক্ৰিয়াই স্নায়ু প্ৰেৰণা প্ৰেৰণ কৰাত সহায় কৰে
উত্তৰ: মস্তিষ্কৰ পশ্চাৎ অংশৰ চেৰিবেলামে (Cerebellum) দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।
উত্তৰ:
- ধূপকাঠিত থকা ৰাসায়নিক পদাৰ্থই নাকৰ ঘ্ৰাণসংগ্ৰাহী কোষ (অ'লফেক্টৰী গ্ৰাহক)ত উদ্দীপনা সৃষ্টি কৰে
- এই উদ্দীপনা সংজ্ঞাবাহী স্নায়ুকোষৰ মাধ্যমেৰে মস্তিষ্কলৈ প্ৰেৰিত হয়
- মস্তিষ্কই এই সংকেত ব্যাখ্যা কৰি গোন্ধৰ অনুভূতি দিয়ে
উত্তৰ:
- প্ৰতীপ ক্ৰিয়াত মগজুৰ প্ৰত্যক্ষ ভূমিকা নাথাকে
- ই স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, যিয়ে দ্ৰুত সঁহাৰিৰ বাবে উদ্দীপনাৰ পৰা কাৰকলৈ স্নায়ু প্ৰেৰণা পঠিয়ায়
প্ৰশ্নাৱলী (Page 122)
উত্তৰ: উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বা হৰম'ন হ'ল:
- অক্সিন
- চাইট'কাইনিন
- জিবাৰেলিন
- এবচিচিক এচিড
উত্তৰ:
নিলাজী বনৰ পাতৰ চলন | কাণ্ডৰ পোহৰৰ দিশত গতি |
---|---|
স্বতন্ত্ৰ চলন | বৃদ্ধিজনিত চলন |
স্পৰ্শৰ প্ৰতি তাৎক্ষণিক সঁহাৰি | পোহৰৰ প্ৰতি লাহে ধীৰে সঁহাৰি |
কোষৰ পানীৰ তাৰতম্যৰ ফলত হয় | অক্সিন হৰম'নৰ বিতৰণৰ ফলত হয় |
উত্তৰ: জিবাৰেলিন: ই উদ্ভিদৰ কাণ্ডৰ বৃদ্ধি আৰু বীজৰ অংকুৰণত সহায় কৰে।
উত্তৰ:
- অক্সিন কাণ্ডৰ অগ্ৰস্থ ভাজক কলাত সংশ্লেষিত হয়
- ই কোষৰ আকাৰ দীঘল কৰাত সহায় কৰে
- আধাৰৰ চাৰিওফালে অক্সিন অসমানভাৱে বিতৰিত হয়
- এই অসমান বিতৰণে কাণ্ডক আধাৰত সাৱটি ধৰাত সহায় কৰে
উত্তৰ:
উদ্দেশ্য: শিপাৰ জলানুবেগী চলন পৰীক্ষা
সামগ্ৰী:
- মাটিৰে ভৰা পাত্ৰ
- মাহৰ বীজ
- পানীৰ পাত্ৰ
- জালিৰ টুকুৰা
পদ্ধতি:
- এটা পাত্ৰত মাটি ভৰাই মাহৰ বীজ ৰোপণ কৰা হ'ল
- পাত্ৰৰ তলত জালিৰ টুকুৰাৰে এটা ফুটাৰ মুখত পানীৰ পাত্ৰ ৰখা হ'ল
- বীজৰ পৰা শিপা বাঢ়ি অহা পৰ্যবেক্ষণ কৰা হ'ল
ফলাফল: শিপা পানীৰ পাত্ৰৰ দিশত (জলানুবেগী চলন) ফুটাৰ মাজেৰে বাঢ়ি গৈছে
চিত্ৰ: জলানুবেগী পৰীক্ষাৰ আৰ্হি - শিপাই পানীৰ উৎসৰ দিশত বাঢ়িছে
প্ৰশ্নাৱলী (Page 125)
উত্তৰ:
- প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় অন্ত:স্ৰাৱী তন্ত্ৰৰ দ্বাৰা সংঘটিত হয়
- অন্ত:স্ৰাৱী গ্ৰন্থিয়ে (যেনে পিটুইটাৰী, থাইৰয়েড, অগ্নাশয়) হৰম'ন নিঃসৰণ কৰে
- এই হৰম'ন তেজৰ মাধ্যমেৰে বিভিন্ন অংগলৈ যায়
- ই বৃদ্ধি, বিপাক, আৰু সমন্বয় নিয়ন্ত্ৰণ কৰে
উত্তৰ:
- আয়ডিন থাইৰয়েড গ্ৰন্থিৰ থাইৰক্সিন হৰম'ন নিঃসৰণৰ বাবে প্ৰয়োজনীয়
- আয়ডিনৰ অভাৱত থাইৰক্সিন কমকৈ নিঃসৰিত হয়
- ই গৰল ৰোগৰ সৃষ্টি কৰে
- গৰল ৰোগত ডিঙি ফুলি উঠে
উত্তৰ:
- হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি পায়
- শ্বাস-প্ৰশ্বাসৰ হাৰ বাঢ়ে
- ৰক্তচাপ বৃদ্ধি পায়
- তেজত গ্লুক'জৰ পৰিমাণ বাঢ়ে
- শৰীৰে আতংক বা উত্তেজনাৰ সময়ত শক্তি লাভ কৰে
উত্তৰ:
- ডায়েবেটিছ হ'লে অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন কমকৈ নিঃসৰণ কৰে
- ইয়াৰ ফলত তেজত গ্লুক'জৰ পৰিমাণ বাঢ়ে
- ইনচুলিনৰ বেজী দি তেজৰ গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা হয়
অনুশীলনী
(a) ইনচুলিন (b) থাইৰ'ক্সিন (c) এষ্ট্ৰ'জেন (d) চাইট'কাইনিন
উত্তৰ: (d) চাইট'কাইনিন
কাৰণ: চাইট'কাইনিন উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ, যিয়ে কোষ বিভাজনত সহায় কৰে। অন্য তিনিবিধ (ইনচুলিন, থাইৰ'ক্সিন, এষ্ট্ৰ'জেন) প্ৰাণীৰ হৰম'ন।
(a) ডেনড্ৰাইট (b) ছাইনেপছ (c) এক্সন (d) প্ৰেৰণা
উত্তৰ: (b) ছাইনেপছ
কাৰণ: ছাইনেপছ হ'ল দুটা নিউৰণৰ মাজৰ সংযোগী ফাঁক, য'ত ৰাসায়নিক পদাৰ্থৰ মাধ্যমেৰে স্নায়ু প্ৰেৰণা প্ৰেৰিত হয়।
(a) ভাৱ আৰু চিন্তন কৰা (b) হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ (c) দেহৰ সমতা ৰক্ষা (d) ওপৰৰ আটাইকেইটা
উত্তৰ: (d) ওপৰৰ আটাইকেইটা
কাৰণ: মগজুৱে চিন্তন, হৃদপিণ্ডৰ কাৰ্য, আৰু দেহৰ সমতা ৰক্ষা (চেৰিবেলামৰ দ্বাৰা) আদি সকলো কাম নিয়ন্ত্ৰণ কৰে।
উত্তৰ:
গ্ৰাহক অংগৰ কাম: গ্ৰাহক অংগ (যেনে চকু, কাণ, নাক, ছাল, জিভা) পৰিৱেশৰ উদ্দীপক (পোহৰ, শব্দ, গোন্ধ, স্পৰ্শ, সোৱাদ) গ্ৰহণ কৰি স্নায়ু প্ৰেৰণা হিচাপে মস্তিষ্কলৈ পঠিয়ায়।
যথোপযুক্তভাৱে কাম নকৰিলে: গ্ৰাহক অংগই উদ্দীপক সঠিকভাৱে গ্ৰহণ নকৰিলে পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি দিয়াত ব্যাঘাত জন্মিব।
সমস্যা:
- চকুৰ সমস্যা হ'লে দৃষ্টিশক্তি হেৰুৱাব পাৰে (অন্ধত্ব)
- কাণৰ সমস্যা হ'লে শ্ৰৱণশক্তি কমিব পাৰে (বধিৰতা)
- নাকৰ ঘ্ৰাণসংগ্ৰাহী কোষৰ সমস্যা হ'লে গোন্ধ অনুভৱ কৰিব নোৱাৰিব
উত্তৰ:
চিত্ৰ: নিউৰণৰ গঠন (ডেনড্ৰাইট, কোষদেহ, এক্সন, ছাইনেপছৰ প্ৰান্তীয় শাখা)
নিউৰণৰ কাৰ্য:
- নিউৰণ হ'ল স্নায়ুতন্ত্ৰৰ কাৰ্যকৰী একক, যিয়ে বৈদ্যুতিক প্ৰেৰণাৰ মাধ্যমেৰে উদ্দীপনা পৰিবহন কৰে
- ডেনড্ৰাইটে উদ্দীপনা গ্ৰহণ কৰি কোষদেহলৈ পঠিয়ায়
- কোষদেহই প্ৰেৰণা প্ৰক্ৰিয়াকৰণ কৰে
- এক্সনৰ মাজেৰে প্ৰেৰণা এক্সনৰ শেষ প্ৰান্তলৈ যায়
- এক্সনৰ শেষ প্ৰান্তত ৰাসায়নিক পদাৰ্থ (নিউৰ'ট্ৰান্সমিটাৰ) মুক্ত হয়
- ছাইনেপছৰ মাধ্যমেৰে প্ৰেৰণা পৰৱৰ্তী নিউৰণলৈ স্থানান্তৰিত হয়
উত্তৰ:
- পোহৰানুবেগী প্ৰতিক্ৰিয়া হ'ল উদ্ভিদৰ পোহৰৰ দিশত হোৱা বৃদ্ধিজনিত চলন
- কাণ্ডৰ অগ্ৰস্থ ভাজক কলাত অক্সিন সংশ্লেষিত হয়
- পোহৰৰ দিশৰ বিপৰীতে অক্সিনৰ ঘনত্ব বেছি হয়, যাৰ ফলত সেই দিশৰ কোষৰ বৃদ্ধি দ্ৰুত হয়
- ফলত কাণ্ড পোহৰৰ দিশত বক্ৰ হৈ বাঢ়ে (ধনাত্মক পোহৰানুবেগী), আনহাতে শিপা পোহৰৰ বিপৰীত দিশত বাঢ়ে (ঋণাত্মক পোহৰানুবেগী)
উত্তৰ:
- স্নায়ুৰজ্জুত আঘাত হ'লে মস্তিষ্কৰ পৰা দেহৰ বিভিন্ন অংশলৈ আৰু দেহৰ পৰা মস্তিষ্কলৈ স্নায়ু প্ৰেৰণা প্ৰেৰণত ব্যাঘাত ঘটে
- ফলত প্ৰতীপ ক্ৰিয়া (যেনে গৰম বস্তুত হাত পৰিলে আঁতৰোৱা) বন্ধ হ'ব পাৰে
- দেহৰ লৰচৰ, সংবেদন, আৰু অন্যান্য কাৰ্যত সমস্যা হ'ব পাৰে, যাৰ ফলত পক্ষাঘাত হ'ব পাৰে
উত্তৰ:
- উদ্ভিদৰ ৰাসায়নিক সমন্বয় সঞ্জীৱনী পদাৰ্থ বা হৰম'নৰ (যেনে অক্সিন, চাইট'কাইনিন, জিবাৰেলিন, এবচিচিক এচিড, ইথিলিন) দ্বাৰা সংঘটিত হয়
- এই হৰম'নবোৰ উৎপাদনৰ স্থানৰ পৰা ব্যাপন প্ৰক্ৰিয়াৰে কাৰ্যকৰী স্থানলৈ যায়
- কাৰ্য:
- অক্সিন: কোষৰ বৃদ্ধি আৰু পোহৰানুবেগী চলনত সহায় কৰে
- চাইট'কাইনিন: কোষ বিভাজনত সহায় কৰে
- জিবাৰেলিন: কাণ্ডৰ বৃদ্ধি, বীজৰ অংকুৰণত জড়িত
- এবচিচিক এচিড: বৃদ্ধিত বাধা, পাত সৰা কাৰ্যত জড়িত
উত্তৰ:
জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে যি প্ৰয়োজন হয়:
- প্ৰাণীত: স্নায়ুতন্ত্ৰ (মস্তিষ্ক, স্নায়ুৰজ্জু, স্নায়ু) আৰু অন্ত:স্ৰাৱী তন্ত্ৰ (হৰম'ন, যেনে ইনচুলিন, থাইৰ'ক্সিন)
- উদ্ভিদত: সঞ্জীৱনী পদাৰ্থ (যেনে অক্সিন, জিবাৰেলিন) আৰু বৈদ্যুতিক-ৰাসায়নিক প্ৰেৰণা
এইবোৰে পৰিৱেশৰ উদ্দীপকৰ প্ৰতি সঁহাৰি, বৃদ্ধি, আৰু বিপাকীয় কাৰ্য নিয়ন্ত্ৰণ কৰে।
উত্তৰ:
ঐচ্ছিক ক্ৰিয়া | প্ৰতীপ ক্ৰিয়া |
---|---|
সচেতনভাৱে মস্তিষ্কৰ নিৰ্দেশত হয় | অজ্ঞাতসাৰে, স্বতঃস্ফূৰ্তভাৱে স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয় |
উদাহৰণ: লিখা, কথা পতা, খোজ কঢ়া | উদাহৰণ: গৰম বস্তুত হাত পৰিলে আঁতৰোৱা, খাদ্যৰ গোন্ধত লালটি ক্ষৰণ |
উত্তৰ: প্ৰাণীদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে স্নায়ুতন্ত্ৰ আৰু হৰম'নে একেলগে কাম কৰে। ইহঁতৰ মাজত প্ৰধান পাৰ্থক্যসমূহ তলত স্পষ্টকৈ উপস্থাপন কৰা হ'ল:
বৈশিষ্ট্য | স্নায়ুতন্ত্ৰ | হৰম'নৰ ক্ৰিয়া |
---|---|---|
গঠন | নিউৰণ, মস্তিষ্ক, স্নায়ুৰজ্জু আৰু পৰ্শ্বীয় স্নায়ুৰে গঠিত | অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ (যেনে পিটুইটাৰী, থাইৰয়ড, এড্ৰিনেল আদি)ৰ দ্বাৰা নিয়ন্ত্ৰিত |
কাৰ্যকৰী একক | নিউৰণ বা স্নায়ুকোষ | ৰাসায়নিক দ্ৰব্য বা হৰম'ন |
সংকেত প্ৰেৰণ পদ্ধতি | বৈদ্যুতিক আৰু ৰাসায়নিক প্ৰেৰণা ছাইনেপছৰ মাধ্যমেৰে হয় | ৰাসায়নিক পদাৰ্থ (হৰম'ন) তেজৰ মাধ্যমেৰে পৰিবাহিত হয় |
কাৰ্যকৰী সময় | অতি দ্ৰুত (মিলিচেকেণ্ডৰ ভিতৰত সঁহাৰি) | লেহেমীয়া (কিছু ছেকেণ্ডৰ পৰা বছৰলৈকে প্ৰভাৱ থাকিব পাৰে) |
কাৰ্যক্ষেত্ৰ | নিৰ্দিষ্ট কোষ/অংগতে সীমাবদ্ধ | সমগ্ৰ শৰীৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে |
প্ৰধান কাৰ্য |
|
|
উদাহৰণ |
|
|
সামঞ্জস্য: যদিও স্নায়ুতন্ত্ৰ আৰু অন্ত:স্ৰাৱী (হৰম'ন) তন্ত্ৰৰ কাৰ্যকৰী পদ্ধতি বেলেগ, ইহঁতে পৰস্পৰে পৰস্পৰৰ সৈতে ক্ৰিয়া কৰি শৰীৰৰ সামগ্ৰিক নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে। উদাহৰণস্বৰূপে, হাইপ'থেলামাচে দুয়োটা তন্ত্ৰক নিয়ন্ত্ৰণ কৰে।
উত্তৰ:
নিলাজী বনৰ পাতৰ চলন | আমাৰ ভৰিৰ চলন |
---|---|
ই স্বতন্ত্ৰ চলন, স্পৰ্শৰ প্ৰতি তাৎক্ষণিক সঁহাৰি দিয়ে | ঐচ্ছিক ক্ৰিয়া, মস্তিষ্কৰ নিৰ্দেশত সচেতনভাৱে হয় |
কোষৰ পানীৰ তাৰতম্যৰ ফলত পাত জঁই পৰে বা জাপ খায় | স্নায়ুতন্ত্ৰ আৰু পেশী কলাৰ সমন্বয়ত পেশীৰ সংকোচনৰ দ্বাৰা হয় |
স্নায়ুতন্ত্ৰ নোহোৱাকৈ বৈদ্যুতিক-ৰাসায়নিক প্ৰেৰণাৰ দ্বাৰা বাৰ্তা প্ৰেৰিত হয় | উদাহৰণ: খোজ কঢ়া, দৌৰা |
SEBA Class 10 Science Chapter 7 Question Answers FAQ
Summary: Chapter 7 of SEBA Class 10 Science, "নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination)," explores how living organisms regulate and coordinate their functions. It covers the nervous system (neurons, reflex actions, brain, spinal cord), the endocrine system (hormones and glands like pituitary and thyroid), and plant movements (tropisms like phototropism and plant hormones like auxin). This chapter is vital for understanding response to stimuli and homeostasis, key for HSLC 2025 preparation.
উত্তৰ: নিয়ন্ত্ৰণ আৰু সমন্বয় হ’ল জীৱদেহৰ বিভিন্ন কাৰ্যৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে থকা সুসংগঠিত প্ৰক্ৰিয়া, যেনে স্নায়ুতন্ত্ৰ আৰু হৰম’ন । ই জীৱক পৰিৱেশৰ সৈতে খাপ খুৱাই চলা, উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা, আৰু দেহৰ ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
উত্তৰ: স্নায়ুতন্ত্ৰই বৈদ্যুতিক সংকেত (নিউৰনৰ মাধ্যমে)ৰ দ্বাৰা দ্ৰুত আৰু স্বল্পস্থায়ী সঁহাৰি প্ৰদান কৰে, যেনে প্ৰতীপ ক্ৰিয়া। অন্তঃস্ৰাৱী তন্ত্ৰই হৰম’নৰ দ্বাৰা লাহে লাহে কিন্তু দীৰ্ঘস্থায়ী নিয়ন্ত্ৰণ কৰে, যেনে বৃদ্ধি বা বিপাক। স্নায়ুতন্ত্ৰই স্থানীয়ভাৱে কাম কৰে । যেনে: গৰম কেৰাহীত হাত লাগিলে তৎক্ষণাৎ আঁতৰাই অনা । আনহাতে অন্তঃস্ৰাৱী তন্ত্ৰই সমগ্ৰ দেহতে প্ৰভাৱ পেলায়। যেনে: বৃদ্ধি বা বিপাকীয় কাৰ্য।
Benefits:
- Comprehensive Exam Preparation: Detailed solutions to Prosnawoli and Anushiloni questions help students score high in SEBA board exams.
- Clear Conceptual Understanding: Simplified explanations in Assamese make complex topics like nervous system and plant hormones easy to grasp.
- Practice with MCQs and Notes: Access to MCQs and revision notes enhances retention and quick revision before exams.
- Time Management: Structured answers help students practice writing concise and accurate responses within exam time limits.
- Boosts Confidence: Familiarity with question patterns and in-depth answers builds confidence for Assamese medium students.

Mukut
B.Sc. | Content Writer | 10+ Years Teaching Experience
Specializing in Science and English curriculum for classes 6–12.
Founder of Hiddemy, an educational initiative of Hidden Gem Institute focused on
creating accessible learning resources.
- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
- 2. এছিড, ক্ষাৰক আৰু লৱণ
- 3. ধাতু আৰু অধাতু
- 4. কাৰ্বন আৰু তাৰ যৌগ
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
- 6. জীৱন প্ৰক্ৰিয়া
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয়
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
- 9. বংশগতি আৰু ক্ৰমবিকাশ
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
- 12. বিদ্যুত
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্রিয়া
- 14. শক্তিৰ উৎসসমূহ
- 15. আমাৰ পৰিবেশ
- 16. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা