SEBA Class 10 Science Chapter 10 Question Answers: পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ | Light Reflection and Refraction

SEBA Class 10 Science Chapter 10 Question Answers পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ for HSLC 2026

Welcome to our comprehensive collection of SEBA Class 10 Science Chapter 10 Question Answers পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ designed for Assamese medium students preparing for the HSLC 2026 exam. This chapter focuses on the concepts of light reflection and refraction, crucial for understanding optics.

These SEBA Class 10 Science Chapter 10 Question Answers cover key topics like laws of reflection, refraction, mirrors, lenses, and their applications. Crafted with detailed explanations in Assamese, these answers are perfect for mastering the SEBA Class 10 Science syllabus.

Practicing these question answers strengthens your understanding of NCERT concepts like image formation, lens formula, and refractive index. Each answer is explained in Assamese, ensuring accessibility for all students preparing for the HSLC 2026 exam.

For thorough preparation, combine these SEBA Class 10 Science Chapter 10 Question Answers with resources like Chapter 10 Detailed Notes and NCERT Class 10 Science. These answers are essential for acing the HSLC 2026 exam.

Boost your confidence with these SEBA Class 10 Science Chapter 10 Question Answers. Scroll below for the table of contents and FAQs tailored for পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ.

SEBA Class 10 Science Chapter 10 Question Answers: পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

প্রশ্নাৱলী: ১৬৮ পৃষ্ঠা

1. অৱতল দাপোণৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়া।

উত্তৰ: অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলিত হৈ মুখ্য অক্ষৰ যি বিন্দুত মিলিত হয়, সেই বিন্দুকে অৱতল দাপোণৰ মুখ্য ফ'কাছ বোলে।

অৱতল দাপোণৰ মুখ্য ফ'কাছ for SEBA Class 10 Science Chapter 10 Question Answers – পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ (Light Reflection and Refraction)

চিত্ৰ: অৱতল দাপোণৰ মুখ্য ফ'কাছ

2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি। ইয়াৰ ফ’কাছ দৈৰ্ঘ্য কিমান?

উত্তৰ:

দিয়া আছে -

ভাঁজ ব্যাসাৰ্ধ (R) = 20 ছেমি

ফ'কাছ দৈৰ্ঘ্য (f) = ?

আমি জানোঁ যে R = 2f

Calculation

f = R / 2 = 20 / 2 = 10 ছেমি

গতিকে, ফ'কাছ দৈৰ্ঘ্য হ'ল 10 ছেমি।

3. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।

উত্তৰ: অৱতল দাপোণ। যিয়ে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।

4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়?

উত্তৰ: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই বহল দৃষ্টিক্ষেত্ৰৰ সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে।

প্রশ্নাৱলী: ১৭১ পৃষ্ঠা

1. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

উত্তৰ:

দিয়া আছে,

ভাঁজ ব্যাসাৰ্ধ (R) = 32 cm

আমি জানোঁ যে, R = 2f

Calculation

f = R / 2 = 32 / 2 = 16 cm

গতিকে, উত্তল দাপোণখনৰ ফ'কাঅৰ দৈৰ্ঘ্য হ'ল 16 cm।

2. অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি?

উত্তৰ:

দিয়া আছে,

লক্ষ্যবস্তুৰ দূৰত্ব, u = -10 cm

বিবৰ্ধন (m) = -3 (যিহেতু প্ৰতিবিম্ব সৎ, m = -ve)

প্ৰতিবিম্বৰ অৱস্থান, v = ?

প্ৰশ্ন মতে, m = h'/h = -v/u

⇒ -3 = -v/u

⇒ -3u = -v

⇒ -v = -3 × (-10)

⇒ -v = 30

∴ v = -30 cm

প্ৰতিবিম্বৰ অৱস্থান হ'ব দাপোণৰ সন্মূখত মেৰুৰ পৰা 30 cm দূৰত।

প্রশ্নাৱলী: ১৭৬ পৃষ্ঠা

1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব? কিয়?

উত্তৰ: পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ'ব।

কাৰণ পানী হ’ল ঘনতৰ মাধ্যম আৰু বায়ু লঘুতৰ মাধ্যম। যেতিয়া পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰে ই উলম্বৰ কাষলৈ বেঁকা হয়।

2. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্রুতি কিমান হ'ব? শূন্যত পোহৰৰ দ্রুতি 3 × 108 m প্রতি ছেকেণ্ড।

উত্তৰ:

দিয়া আছে,

কাঁচৰ প্ৰতিসৰণাংক, ng = 1.5

শূণ্যত পোহৰৰ দ্ৰুতি, c = 3 × 108 m/s

∴ কাঁচত পোহৰৰ দ্ৰুতি হ'ব,

Calculation

v = c / ng = 3 × 108 / 1.5 = 2 × 108 m/s

3. তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।

Table 10.3

উত্তৰ: তালিকা 10.3 ত সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো হ'ল হীৰা। প্ৰতিসৰণাংক = 2.42

আনহাতে, কম আলোকী ঘনত্বৰ মাধ্যমটো হ'ল বায়ু। প্ৰতিসৰণাংক = 1.0003।

4. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ? তালিকা-10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।

উত্তৰ: কেৰাচিনৰ প্ৰতিসৰণাংক, n = 1.44

টাৰপেনটাইনৰ প্ৰতিসৰণাংক, n = 1.47

পানীৰ প্ৰতিসৰণাংক, n = 1.33

আমি জানো যে, কম প্ৰতিসৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ দ্ৰুতি বেছি হয়। গতিকে, পানীত পোহৰৰ দ্ৰুতি টাৰপেনটাইন আৰু কেৰাচিনতকৈ সৰ্বোচ্চ।

5. হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি?

উত্তৰ: হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ হ'ল হীৰাত পোহৰৰ দ্ৰুতি শূণ্যতকৈ 1/2.42 গুণ কম।

অৰ্থাৎ শূণ্যত পোহৰৰ দ্ৰুতি হ'ল = 3×10⁸ m/s

হীৰত পোহৰৰ দ্ৰুতি হ'ব = 3×10⁸ / 2.42 = 1.23 × 10⁸ m/s। অৰ্থাৎ দ্ৰুতি হ্ৰাস হৈছে।

প্রশ্নাৱলী: ১৮৪ পৃষ্ঠা

1. লেনছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰ: 1 মিটাৰ ফ’কাছ (f) দৈৰ্ঘ্যৰ লেনছ এখনৰ ক্ষমতাক 1 ডায়’প্টাৰ (D) বোলে।

1D = 1/1m = 1m-1

2. উত্তল লেনছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেনছৰ সম্মুখত ক’ত ৰখা হৈছিল? নিৰ্ণয় কৰা।

উত্তৰ:

দিয়া আছে,

প্ৰতিবিম্ব, v = 50 cm

যিহেতু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান। আকৌ সৎ আৰু ওলোটা।

গতিকে বিবৰ্ধন, m = -1

আকৌ আমি জানোঁ যে,

m = v/u

⇒ -1 = v/u

⇒ -u = 50 cm

∴ u = -50 cm

এতিয়া লেনছৰ সূত্ৰৰ পৰা,

Calculation

যিহেতু, ফ'কাঅৰ দৈৰ্ঘ্য 25 cm। গতিকে লক্ষ্যবস্তু আলোক কেন্দ্ৰৰ পৰা 50 cm দূৰত্বত অৰ্থাৎ 2F1 ত ৰখা হৈছিল।

3. 2m ফ’কাঅৰ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা।

উত্তৰ:

দিয়া আছে,

ফ'কাঅৰ দৈৰ্ঘ্য, f = -2 m

P = ?

আমি জানোঁ যে,

লেনছৰ ক্ষমতা, P = 1 / f

P = 1 / -2

∴ P = -0.50 D

গতিকে, অৱতল লেনছখনৰ ক্ষমতা হ'ব P = -0.50D

অনুশীলনী

1. তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?

(a) পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা (clay)

উত্তৰ: (d) মৃত্তিকা (clay)

2. অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?

(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত

(b) ভাঁজ কেন্দ্ৰত

(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত

(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

উত্তৰ: (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেনছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব?

(a) লেনছৰ মুখ্য ফ’কাছত

(b) ফ’কাঅৰ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

(c) অসীমত

(d) লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাঅৰ মাজত

উত্তৰ: (b) ফ’কাঅৰ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

7. 50 ছেমি ফ’কাঅৰ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্ৰ আঁকা।

উত্তৰ:

যিহেতু দাপোণখন অৱতল আৰু ফ’কাঅৰ দৈৰ্ঘ্য = -50 cm

গতিকে লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ 0 ৰ পৰা 50 cm ৰ ভিতৰত হ'ব (P আৰু F ৰ মাজত)।

প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়।

প্ৰতিবিম্বটোৰ আকাৰ: ডাঙৰ (বিবৰ্ধিত)।

Ray Diagram

ৰশ্মিচিত্ৰ:

8. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা 一

(a) গাড়ীৰ হেডলাইট

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ

(c) সৌৰ ভাঁতী।

উত্তৰ:

(a) গাড়ীৰ হেডলাইট: অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰে।

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ: উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই বহল দৃষ্টিক্ষেত্ৰৰ সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে।

(c) সৌৰ ভাঁতী: অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰে।

9. উত্তল লেনছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেনছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে?

উত্তৰ:

যদি উত্তল লেনছৰ আধা অংশ ক’লা কাগজেৰে ঢাকি দিয়া হয়, তেন্তে লেনছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব। কিন্তু প্ৰতিবিম্বটোৰ উজ্জ্বলতা কম হ’ব।

পৰ্যবেক্ষণ:

• প্ৰতিবিম্বটো সম্পূৰ্ণ দেখা গ’ল, কিন্তু ইয়াৰ উজ্জ্বলতা কম আছিল।

ইয়াৰ কাৰণ হ’ল লেনছৰ ঢাকি নোথোৱা অংশই পোহৰৰ ৰশ্মিবোৰ বেঁকা কৰি প্ৰতিবিম্ব গঠন কৰিলে। আনহাতে ঢাকি থোৱা অংশৰে পোহৰ পাৰ হ’ব নোৱাৰাৰ বাবে প্ৰতিবিম্বটোৰ উজ্জ্বলতা কম হ’ল।

সিদ্ধান্ত:

উত্তল লেনছৰ আধা অংশ ঢাকি দিলেও ই সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰে, কিন্তু প্ৰতিবিম্বটোৰ উজ্জ্বলতা কমি যায়।

10. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাঅৰ দৈৰ্ঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰ:

দিয়া আছে,

লক্ষ্যবস্তুৰ উচ্চতা, h = 5cm

লক্ষ্যবস্তুৰ দূৰত্ব, u = -25cm

ফ'কাঅৰ দৈৰ্ঘ্য, f = +10cm

লেনছৰ সূত্ৰৰ পৰা,

Calculation

আকৌ, আমি জানোঁ যে,

Calculation

প্ৰতিবিম্বৰ অৱস্থান: লেনছৰ আলোক কেন্দ্ৰৰ পৰা সোঁফালে 16.66cm দূৰত। অৰ্থাৎ F2 আৰু 2F2 মাজত।

প্ৰতিবিম্বৰ আকাৰ: সংকুচিত। যিহেতু m ৰ মান 1 তাকৈ কম।

প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা।

Ray Diagram

ৰশ্মিচিত্ৰ:

11. 15 cm ফ’কাঅৰ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেনছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্ৰ আঁকা।

উত্তৰ:

দিয়া আছে,

ফ'কাঅৰ দৈৰ্ঘ্য, f = -15 cm

প্ৰতিবিম্বৰ দূৰত্ব, v = -10cm

লক্ষ্যবস্তুৰ দূৰত্ব, u = ?

লেনছৰ সূত্ৰৰ পৰা,

Calculation

লক্ষ্যবস্তুটো লেনছৰ পৰা 30 cm দূৰত্বত আছে।

Ray Diagram

ৰশ্মিচিত্ৰ:

12. 15 cm ফ’কাঅৰ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰ:

দিয়া আছে,

ফ'কাঅৰ দৈৰ্ঘ্য, f = +15 cm

লক্ষ্যবস্তুৰ দূৰত্ব, u = -10 cm

প্ৰতিবিম্বৰ দূৰত্ব, v = ?

দাপোণৰ সূত্ৰৰ পৰা,

Calculation

Calculation

∴ প্ৰতিবিম্বৰ অৱস্থান: দাপোণৰ পিছফালে 6 cm দূৰত্বত অৱস্থিত।

প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়। কাৰণ ধনাত্মক বিবৰ্ধনে প্ৰতিবিম্বটো থিয় হোৱা সূচায়।

13. সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি?

উত্তৰ:

সমতল দাপোণে +1 বিবৰ্ধন দিয়াৰ অৰ্থ হ'ল যে সমতল দাপোণত গঠন হোৱা প্ৰতিবিম্বৰ আকাৰ, লক্ষ্যবস্তুৰ আকাৰৰ সৈতে সমান লগতে ধনাত্মক চিনে থিয় আৰু অসৎ প্ৰকৃতিক সূচায়।

14. 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

উত্তৰ:

দিয়া আছে,

লক্ষ্যবস্তুৰ দূৰত্ব, u = -20 cm

প্ৰতিবিম্বৰ দূৰত্ব, v = ?

ভাঁজ ব্যাসাৰ্ধ, (R) = 30 cm

ফ'কাঅৰ দৈৰ্ঘ্য, f = ?

আমি জানোঁ যে,

Calculation

এতিয়া, দাপোণৰ সূত্ৰৰ পৰা,

Calculation

আকৌ, দিয়া আছে

লক্ষ্যবস্তুৰ উচ্চতা (h) = 5cm

প্ৰতিবিম্বৰ উচ্চতা (h') = ?

Calculation

প্ৰতিবিম্বৰ অৱস্থান: দাপোণৰ পিছফালে 8.57 cm দূৰত অৱস্থিত।

প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়।

প্ৰতিবিম্বৰ আকাৰ: সংকুচিত।

15. 18 cm ফ’কাঅৰ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰ:

দিয়া আছে,

লক্ষ্যবস্তুৰ দূৰত্ব, u = -27 cm

ফ'কাঅৰ দৈৰ্ঘ্য, f = -18 cm

লক্ষ্যবস্তুৰ উচ্চতা, h= 7cm

প্ৰতিবিম্বৰ দূৰত্ব, v = ?

দাপোণৰ সূত্ৰৰ পৰা,

Calculation

আকৌ, বিবৰ্ধন

Calculation

প্ৰতিবিম্বৰ অৱস্থান: দাপোণৰ সন্মূখত 54 cm দূৰত গঠিত হ'ব।

প্ৰতিবিম্বৰ আকাৰ: বিবৰ্ধিত অৰ্থাৎ দুগুণ ডাঙৰ।

প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা।

(প্ৰতিবিম্ব বা বিবৰ্ধনৰ ঋণাত্মক মানে সূচায় যে প্ৰতিবিম্বটো সৎ আনহাতে প্ৰতিবিম্বৰ উচ্চতা h' এ সূচায় যে প্ৰতিবিম্বটো ওলোটা)

16. -2.0 D ক্ষমতাৰ লেনছ এখনৰ ফ’কাঅৰ দৈৰ্ঘ্য কিমান? লেনছখনৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰ:

দিয়া আছে,

লেনছৰ ক্ষমতা, P = -2D

ফ'কাঅৰ দৈৰ্ঘ্য, f = ?

আমি জানোঁ যে,

P = 1 / f

⇒ -2 = 1 / f

⇒ f = 1/ -2

∴ f = -0.5m

ঋণাত্মক f ৰ মানে সূচায় যে লেনছখন অৱতল লেনছ।

গতিকে, ফ'কাঅৰ দৈৰ্ঘ্য f = -0.5m আৰু লেনছখন অৱতল।

17. ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেনছৰ ক্ষমতা +1.5D। লেনছখনৰ ফ'কাঅৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এই লেনছখন অভিসাৰী নে অপসাৰী?

উত্তৰ:

দিয়া আছে,

লেনছৰ ক্ষমতা, P = +1.5D

ফ'কাঅৰ দৈৰ্ঘ্য, f = ?

আমি জানোঁ যে,

P = 1 / f

⇒ 1.5 = 1 / f

⇒ f = 1/1.5

∴ f = +0.66m

গতিকে, ফ'কাঅৰ দৈৰ্ঘ্য f = +0.66m আৰু ধনাত্মক f ৰ মানে সূচায় যে লেনছখন অভিসাৰী অৰ্থাৎ উত্তল লেনছ।

FAQs on SEBA Class 10 Science Chapter 10: পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ (Light Reflection and Refraction)

Chapter Overview: Reflection and Refraction

Summary: Chapter 10 of SEBA Class 10 Science, "Light - Reflection and Refraction" (পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ), explores the fundamental principles of light behavior. Reflection occurs when light bounces off a surface, like in mirrors, following the law where the angle of incidence equals the angle of reflection. Refraction is the bending of light as it passes between media of different optical density, such as air to water, governed by the refractive index. The chapter covers spherical mirrors (concave and convex), lenses (converging and diverging), their focal lengths, magnification, and image formation. Key concepts include the mirror formula, lens formula, and the significance of refractive indices in determining the speed of light in various media.

অৱতল দাপোণৰ মুখ্য ফ'কাছৰ সংজ্ঞা কি?

উত্তৰ: অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলিত হৈ মুখ্য অক্ষৰ যি বিন্দুত মিলিত হয়, সেই বিন্দুকে অৱতল দাপোণৰ মুখ্য ফ'কাঅৰ বোলে।

গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়?

উত্তৰ: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই বহল দৃষ্টিক্ষেত্ৰৰ সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে।

পোহৰৰ ৰশ্মি বায়ুৰ পৰা পানীত প্ৰৱেশ কৰিলে কি হয়?

উত্তৰ: পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ'ব। কাৰণ পানী হ'ল ঘনতৰ মাধ্যম আৰু বায়ু লঘুতৰ মাধ্যম। যেতিয়া পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰে ই উলম্বৰ কাষলৈ বেঁকা হয়।

হীৰাৰ প্ৰতিসৰণাংক 2.42 হোৱাৰ অৰ্থ কি?

উত্তৰ: হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ হ'ল হীৰাত পোহৰৰ দ্ৰুতি শূণ্যতকৈ 1/2.42 গুণ কম। অৰ্থাৎ শূণ্যত পোহৰৰ দ্ৰুতি হ'ল = 3×10⁸ m/s, হীৰত পোহৰৰ দ্ৰুতি হ'ব = 3×10⁸ / 2.42 = 1.23 × 10⁸ m/s। অৰ্থাৎ দ্ৰুতি হ্ৰাস হৈছে।

লেনছ এখনৰ 1 ডায়'প্টাৰ ক্ষমতাৰ সংজ্ঞা কি?

উত্তৰ: 1 মিটাৰ ফ'কাঅৰ দৈৰ্ঘ্যৰ লেনছ এখনৰ ক্ষমতাক 1 ডায়'প্টাৰ (D) বোলে। 1D = 1/1m = 1m-1