- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations)
- 2. এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases, and Salts)
- 3. ধাতু আৰু অধাতু (Metals and Non-metals)
- 4. কাৰ্বন আৰু তাৰ যৌগ (Carbon and Its Compounds)
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements)
- 6. জীৱন প্ৰক্ৰিয়া (Life Processes)
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination)
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How Do Organisms Reproduce?)
- 9. বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution)
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light – Reflection and Refraction)
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (The Human Eye and the Colourful World)
- 12. বিদ্যুত (Electricity)
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current)
- 14. শক্তিৰ উৎসসমূহ (Sources of Energy)
- 15. আমাৰ পৰিবেশ (Our Environment)
- 16. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)
SEBA Class 10 Science Chapter 10 Question Answers – পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ (Light Reflection and Refraction) | Assamese Medium
Class 10 Science Chapter 10 - পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ Solutions
তলত Class 10 Science ৰ Chapter 10 পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction) ৰ Questions Answers সমূহ সুন্দৰকৈ আগবঢ়োৱা হৈছে। Prepare for HSLC exam with SEBA Class 10 Science Chapter 10 – পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light - Reflection and Refraction). Our Assamese notes provide clear question answers and explanations based on the latest pattern. Understand the principles of reflection, refraction, mirrors, and lenses easily. Revise fast and score better with our trusted Chapter 10 Science পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ guide made for SEBA students.
Chapter 10 পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ প্ৰশ্নোত্তৰ
Table of Contents
প্রশ্নাৱলী: 168 পৃষ্ঠা
উত্তৰ: অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলিত হৈ মুখ্য অক্ষৰ যি বিন্দুত মিলিত হয়, সেই বিন্দুকে অৱতল দাপোণৰ মুখ্য ফ'কাছ বোলে।

চিত্ৰ: অৱতল দাপোণৰ মুখ্য ফ'কাছ
উত্তৰ:
দিয়া আছে -
ভাঁজ ব্যাসাৰ্ধ (R) = 20 ছেমি
ফ'কাছ দৈৰ্ঘ্য (f) = ?
আমি জানোঁ যে R = 2f
f = R / 2 = 20 / 2 = 10 ছেমি
গতিকে, ফ'কাছ দৈৰ্ঘ্য হ'ল 10 ছেমি।
উত্তৰ: অৱতল দাপোণ। যিয়ে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।
উত্তৰ: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই বহল দৃষ্টিক্ষেত্ৰৰ সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে।
প্ৰশ্নাৱলী: 171 পৃষ্ঠা
উত্তৰ:
দিয়া আছে,
ভাঁজ ব্যাসাৰ্ধ (R) = 32 cm
আমি জানোঁ যে, R = 2f
f = R / 2 = 32 / 2 = 16 cm
গতিকে, উত্তল দাপোণখনৰ ফ'কাঅৰ দৈৰ্ঘ্য হ'ল 16 cm।
উত্তৰ:
দিয়া আছে,
লক্ষ্যবস্তুৰ দূৰত্ব, u = -10 cm
বিবৰ্ধন (m) = -3 (যিহেতু প্ৰতিবিম্ব সৎ, m = -ve)
প্ৰতিবিম্বৰ অৱস্থান, v = ?
প্ৰশ্ন মতে, m = h'/h = -v/u
⇒ -3 = -v/u
⇒ -3u = -v
⇒ -v = -3 × (-10)
⇒ -v = 30
∴ v = -30 cm
প্ৰতিবিম্বৰ অৱস্থান হ'ব দাপোণৰ সন্মূখত মেৰুৰ পৰা 30 cm দূৰত।
প্ৰশ্নাৱলী: 176 পৃষ্ঠা
উত্তৰ: পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ'ব।
কাৰণ পানী হ’ল ঘনতৰ মাধ্যম আৰু বায়ু লঘুতৰ মাধ্যম। যেতিয়া পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰে ই উলম্বৰ কাষলৈ বেঁকা হয়।
উত্তৰ:
দিয়া আছে,
কাঁচৰ প্ৰতিসৰণাংক, ng = 1.5
শূণ্যত পোহৰৰ দ্ৰুতি, c = 3 × 108 m/s
∴ কাঁচত পোহৰৰ দ্ৰুতি হ'ব,
v = c / ng = 3 × 108 / 1.5 = 2 × 108 m/s
উত্তৰ: তালিকা 10.3 ত সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো হ'ল হীৰা। প্ৰতিসৰণাংক = 2.42
আনহাতে, কম আলোকী ঘনত্বৰ মাধ্যমটো হ'ল বায়ু। প্ৰতিসৰণাংক = 1.0003।
উত্তৰ: কেৰাচিনৰ প্ৰতিসৰণাংক, n = 1.44
টাৰপেনটাইনৰ প্ৰতিসৰণাংক, n = 1.47
পানীৰ প্ৰতিসৰণাংক, n = 1.33
আমি জানো যে, কম প্ৰতিসৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ দ্ৰুতি বেছি হয়। গতিকে, পানীত পোহৰৰ দ্ৰুতি টাৰপেনটাইন আৰু কেৰাচিনতকৈ সৰ্বোচ্চ।
উত্তৰ: হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ হ'ল হীৰাত পোহৰৰ দ্ৰুতি শূণ্যতকৈ 1/2.42 গুণ কম।
অৰ্থাৎ শূণ্যত পোহৰৰ দ্ৰুতি হ'ল = 3×10⁸ m/s
হীৰত পোহৰৰ দ্ৰুতি হ'ব = 3×10⁸ / 2.42 = 1.23 × 10⁸ m/s। অৰ্থাৎ দ্ৰুতি হ্ৰাস হৈছে।
প্ৰশ্নাৱলী: 184 পৃষ্ঠা
উত্তৰ: 1 মিটাৰ ফ’কাছ (f) দৈৰ্ঘ্যৰ লেনছ এখনৰ ক্ষমতাক 1 ডায়’প্টাৰ (D) বোলে।
1D = 1/1m = 1m-1
উত্তৰ:
দিয়া আছে,
প্ৰতিবিম্ব, v = 50 cm
যিহেতু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান। আকৌ সৎ আৰু ওলোটা।
গতিকে বিবৰ্ধন, m = -1
আকৌ আমি জানোঁ যে,
m = v/u
⇒ -1 = v/u
⇒ -u = 50 cm
∴ u = -50 cm
এতিয়া লেনছৰ সূত্ৰৰ পৰা,
যিহেতু, ফ'কাঅৰ দৈৰ্ঘ্য 25 cm। গতিকে লক্ষ্যবস্তু আলোক কেন্দ্ৰৰ পৰা 50 cm দূৰত্বত অৰ্থাৎ 2F1 ত ৰখা হৈছিল।
উত্তৰ:
দিয়া আছে,
ফ'কাঅৰ দৈৰ্ঘ্য, f = -2 m
P = ?
আমি জানোঁ যে,
লেনছৰ ক্ষমতা, P = 1 / f
P = 1 / -2
∴ P = -0.50 D
গতিকে, অৱতল লেনছখনৰ ক্ষমতা হ'ব P = -0.50D
অনুশীলনী
(a) পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা (clay)
উত্তৰ: (d) মৃত্তিকা (clay)
(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত
(b) ভাঁজ কেন্দ্ৰত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
উত্তৰ: (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
(a) লেনছৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
উত্তৰ: (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
উত্তৰ:
যিহেতু দাপোণখন অৱতল আৰু ফ’কাঅৰ দৈৰ্ঘ্য = -50 cm
গতিকে লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ 0 ৰ পৰা 50 cm ৰ ভিতৰত হ'ব (P আৰু F ৰ মাজত)।
প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়।
প্ৰতিবিম্বটোৰ আকাৰ: ডাঙৰ (বিবৰ্ধিত)।
ৰশ্মিচিত্ৰ:
(a) গাড়ীৰ হেডলাইট
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ
(c) সৌৰ ভাঁতী।
উত্তৰ:
(a) গাড়ীৰ হেডলাইট: অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰে।
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ: উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই বহল দৃষ্টিক্ষেত্ৰৰ সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে।
(c) সৌৰ ভাঁতী: অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰে।
অনুশীলনী:
উত্তৰ:
যদি উত্তল লেনছৰ আধা অংশ ক’লা কাগজেৰে ঢাকি দিয়া হয়, তেন্তে লেনছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব। কিন্তু প্ৰতিবিম্বটোৰ উজ্জ্বলতা কম হ’ব।
পৰ্যবেক্ষণ:
• প্ৰতিবিম্বটো সম্পূৰ্ণ দেখা গ’ল, কিন্তু ইয়াৰ উজ্জ্বলতা কম আছিল।
ইয়াৰ কাৰণ হ’ল লেনছৰ ঢাকি নোথোৱা অংশই পোহৰৰ ৰশ্মিবোৰ বেঁকা কৰি প্ৰতিবিম্ব গঠন কৰিলে। আনহাতে ঢাকি থোৱা অংশৰে পোহৰ পাৰ হ’ব নোৱাৰাৰ বাবে প্ৰতিবিম্বটোৰ উজ্জ্বলতা কম হ’ল।
সিদ্ধান্ত:
উত্তল লেনছৰ আধা অংশ ঢাকি দিলেও ই সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰে, কিন্তু প্ৰতিবিম্বটোৰ উজ্জ্বলতা কমি যায়।
উত্তৰ:
দিয়া আছে,
লক্ষ্যবস্তুৰ উচ্চতা, h = 5cm
লক্ষ্যবস্তুৰ দূৰত্ব, u = -25cm
ফ'কাঅৰ দৈৰ্ঘ্য, f = +10cm
লেনছৰ সূত্ৰৰ পৰা,
আকৌ, আমি জানোঁ যে,
প্ৰতিবিম্বৰ অৱস্থান: লেনছৰ আলোক কেন্দ্ৰৰ পৰা সোঁফালে 16.66cm দূৰত। অৰ্থাৎ F2 আৰু 2F2 মাজত।
প্ৰতিবিম্বৰ আকাৰ: সংকুচিত। যিহেতু m ৰ মান 1 তাকৈ কম।
প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা।
ৰশ্মিচিত্ৰ:
উত্তৰ:
দিয়া আছে,
ফ'কাঅৰ দৈৰ্ঘ্য, f = -15 cm
প্ৰতিবিম্বৰ দূৰত্ব, v = -10cm
লক্ষ্যবস্তুৰ দূৰত্ব, u = ?
লেনছৰ সূত্ৰৰ পৰা,
লক্ষ্যবস্তুটো লেনছৰ পৰা 30 cm দূৰত্বত আছে।
ৰশ্মিচিত্ৰ:
উত্তৰ:
দিয়া আছে,
ফ'কাঅৰ দৈৰ্ঘ্য, f = +15 cm
লক্ষ্যবস্তুৰ দূৰত্ব, u = -10 cm
প্ৰতিবিম্বৰ দূৰত্ব, v = ?
দাপোণৰ সূত্ৰৰ পৰা,
∴ প্ৰতিবিম্বৰ অৱস্থান: দাপোণৰ পিছফালে 6 cm দূৰত্বত অৱস্থিত।
প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়। কাৰণ ধনাত্মক বিবৰ্ধনে প্ৰতিবিম্বটো থিয় হোৱা সূচায়।
উত্তৰ:
সমতল দাপোণে +1 বিবৰ্ধন দিয়াৰ অৰ্থ হ'ল যে সমতল দাপোণত গঠন হোৱা প্ৰতিবিম্বৰ আকাৰ, লক্ষ্যবস্তুৰ আকাৰৰ সৈতে সমান লগতে ধনাত্মক চিনে থিয় আৰু অসৎ প্ৰকৃতিক সূচায়।
উত্তৰ:
দিয়া আছে,
লক্ষ্যবস্তুৰ দূৰত্ব, u = -20 cm
প্ৰতিবিম্বৰ দূৰত্ব, v = ?
ভাঁজ ব্যাসাৰ্ধ, (R) = 30 cm
ফ'কাঅৰ দৈৰ্ঘ্য, f = ?
আমি জানোঁ যে,
এতিয়া, দাপোণৰ সূত্ৰৰ পৰা,
আকৌ, দিয়া আছে
লক্ষ্যবস্তুৰ উচ্চতা (h) = 5cm
প্ৰতিবিম্বৰ উচ্চতা (h') = ?
প্ৰতিবিম্বৰ অৱস্থান: দাপোণৰ পিছফালে 8.57 cm দূৰত অৱস্থিত।
প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়।
প্ৰতিবিম্বৰ আকাৰ: সংকুচিত।
উত্তৰ:
দিয়া আছে,
লক্ষ্যবস্তুৰ দূৰত্ব, u = -27 cm
ফ'কাঅৰ দৈৰ্ঘ্য, f = -18 cm
লক্ষ্যবস্তুৰ উচ্চতা, h= 7cm
প্ৰতিবিম্বৰ দূৰত্ব, v = ?
দাপোণৰ সূত্ৰৰ পৰা,
আকৌ, বিবৰ্ধন
প্ৰতিবিম্বৰ অৱস্থান: দাপোণৰ সন্মূখত 54 cm দূৰত গঠিত হ'ব।
প্ৰতিবিম্বৰ আকাৰ: বিবৰ্ধিত অৰ্থাৎ দুগুণ ডাঙৰ।
প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা।
(প্ৰতিবিম্ব বা বিবৰ্ধনৰ ঋণাত্মক মানে সূচায় যে প্ৰতিবিম্বটো সৎ আনহাতে প্ৰতিবিম্বৰ উচ্চতা h' এ সূচায় যে প্ৰতিবিম্বটো ওলোটা)
উত্তৰ:
দিয়া আছে,
লেনছৰ ক্ষমতা, P = -2D
ফ'কাঅৰ দৈৰ্ঘ্য, f = ?
আমি জানোঁ যে,
P = 1 / f
⇒ -2 = 1 / f
⇒ f = 1/ -2
∴ f = -0.5m
ঋণাত্মক f ৰ মানে সূচায় যে লেনছখন অৱতল লেনছ।
গতিকে, ফ'কাঅৰ দৈৰ্ঘ্য f = -0.5m আৰু লেনছখন অৱতল।
উত্তৰ:
দিয়া আছে,
লেনছৰ ক্ষমতা, P = +1.5D
ফ'কাছ দৈৰ্ঘ্য, f = ?
আমি জানোঁ যে,
P = 1 / f
⇒ 1.5 = 1 / f
⇒ f = 1/1.5
∴ f = +0.66m
গতিকে, ফ'কাছ দৈৰ্ঘ্য f = +0.66m আৰু ধনাত্মক f ৰ মানে সূচায় যে লেনছখন অভিসাৰী অৰ্থাৎ উত্তল লেনছ।
SEBA Class 10 Science Chapter 10 Question Answers – পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ (Light Reflection and Refraction) Q&A FAQ
Summary: Chapter 10 of SEBA Class 10 Science, "Light - Reflection and Refraction" (পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ), explores the fundamental principles of light behavior. Reflection occurs when light bounces off a surface, like in mirrors, following the law where the angle of incidence equals the angle of reflection. Refraction is the bending of light as it passes between media of different optical densities, such as air to water, governed by the refractive index. The chapter covers spherical mirrors (concave and convex), lenses (converging and diverging), their focal lengths, magnification, and image formation. Key concepts include the mirror formula, lens formula, and the significance of refractive indices in determining the speed of light in various media.
উত্তৰ: অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলিত হৈ মুখ্য অক্ষৰ যি বিন্দুত মিলিত হয়, সেই বিন্দুকে অৱতল দাপোণৰ মুখ্য ফ'কাছ বোলে।
উত্তৰ: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ ই বহল দৃষ্টিক্ষেত্ৰৰ সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে।
উত্তৰ: পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ'ব। কাৰণ পানী হ'ল ঘনতৰ মাধ্যম আৰু বায়ু লঘুতৰ মাধ্যম। যেতিয়া পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰে ই উলম্বৰ কাষলৈ বেঁকা হয়।
উত্তৰ: হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ হ'ল হীৰাত পোহৰৰ দ্ৰুতি শূণ্যতকৈ 1/2.42 গুণ কম। অৰ্থাৎ শূণ্যত পোহৰৰ দ্ৰুতি হ'ল = 3×10⁸ m/s, হীৰত পোহৰৰ দ্ৰুতি হ'ব = 3×10⁸ / 2.42 = 1.23 × 10⁸ m/s। অৰ্থাৎ দ্ৰুতি হ্ৰাস হৈছে।
উত্তৰ: 1 মিটাৰ ফ'কাঅৰ দৈৰ্ঘ্যৰ লেনছ এখনৰ ক্ষমতাক 1 ডায়'প্টাৰ (D) বোলে। 1D = 1/1m = 1m-1

Mukut
B.Sc. | Content Writer | 10+ Years Teaching Experience
Specializing in Science and English curriculum for classes 6–12.
Founder of Hiddemy, an educational initiative of Hidden Gem Institute focused on
creating accessible learning resources.
- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
- 2. এছিড, ক্ষাৰক আৰু লৱণ
- 3. ধাতু আৰু অধাতু
- 4. কাৰ্বন আৰু তাৰ যৌগ
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
- 6. জীৱন প্ৰক্ৰিয়া
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয়
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
- 9. বংশগতি আৰু ক্ৰমবিকাশ
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
- 12. বিদ্যুত
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্রিয়া
- 14. শক্তিৰ উৎসসমূহ
- 15. আমাৰ পৰিবেশ
- 16. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা
Very accurately prepared notes. Thanks
So good