SEBA Class 10 Science Chapter 12 Question Answers – বিদ্যুৎ (Electricity) | Assamese Medium
Best Class 10 Science Chapter 12 – বিদ্যুৎ Solutions
তলত Class 10 Science ৰ Chapter 12 বিদ্যুৎ (Electricity) ৰ Questions Answers সমূহ সুন্দৰকৈ আগবঢ়োৱা হৈছে। Prepare for HSLC exam with SEBA Class 10 Science Chapter 12 বিদ্যুৎ। Our Assamese medium notes provide clear question answers and explanations based on the latest SEBA pattern। Understand the concepts of electric current, Ohm’s law, circuits, and electric power easily. Revise fast and score better with our trusted Chapter 12 Science বিদ্যুৎ guide made specifically for SEBA students। SEBA Class 10 Science Chapter 12 Question Answers – বিদ্যুৎ (Electricity)
SEBA Class 10 Science Chapter 12 প্রশ্নোত্তৰ
প্রশ্নাৱলী (পৃষ্ঠা ২০০)
উত্তৰ: বিদ্যুৎ প্ৰৱাহৰ নিৰৱচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে। ইয়াত সাধাৰণতে উৎস (যেনে বেটাৰী), পৰিবাহী তাঁৰ, ৰোধক, আৰু চাবি থাকে।
উত্তৰ: যদি কোনো পৰিবাহীৰ প্ৰস্থচ্ছেদৰ মাজেৰে প্ৰতি ছেকেণ্ডত এক কুলম্ব আধান প্ৰৱাহিত হয়, তেন্তে তাক এক এম্পিয়াৰ বোলে। বিদ্যুৎ প্ৰৱাহৰ একক হ’ল এম্পিয়াৰ (A)। গাণিতিকভাৱে: 1A = 1C/1s.
উত্তৰ: আমি জানো: ১ কুলম্ব আধান (Q) = n × e, য’ত n হ’ল ইলেকট্ৰনৰ সংখ্যা আৰু e হ’ল এটা ইলেকট্ৰনৰ আধান।
e = 1.6 × 10⁻¹⁹ C, Q = 1 C
সূত্ৰ মতে:
অৰ্থাৎ, এক কুলম্ব আধানৰ বাবে প্ৰয়োজনীয় ইলেকট্ৰনৰ সংখ্যা হ’ল 6.25 × 10¹⁸।
প্রশ্নাৱলী (পৃষ্ঠা ২০২)
উত্তৰ: বেটাৰী।
উত্তৰ: দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট মানে এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান স্থানান্তৰ কৰোঁতে 1 জুল কাৰ্য্য কৰিব লগাকে সূচায়। গাণিতিকভাৱে: 1V = 1/1C।
উত্তৰ: দিয়া আছে: V = 6V, Q = 1C, W = ?
আমি জানো: V = W/Q
প্ৰতি কুলম্ব আধানক 6 জুল শক্তি দিয়া হয়।
প্রশ্নাৱলী (পৃষ্ঠা ২০৯)
উত্তৰ:
- পৰিবাহীৰ দৈৰ্ঘ্য (l): ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক।
- পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি (A): ৰোধ প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক।
- পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতি: পদাৰ্থৰ ৰোধকতা (ρ)।
- পৰিবাহীৰ উষ্ণতা: উষ্ণতা বৃদ্ধি হ’লে ৰোধ বাঢ়ে।
উত্তৰ: শকত তাঁৰডালত বেছি সহজে প্ৰৱাহ চালিত হয়।
কাৰণ: শকত তাঁৰৰ প্ৰস্থচ্ছেদৰ কালি বেছি, ফলত ইয়াৰ ৰোধ কম (R ∝ 1/A)। কম ৰোধৰ বাবে প্ৰৱাহ সহজে চালিত হ’ব।
উত্তৰ: ওমৰ সূত্ৰ অনুসৰি: V = IR
যদি বিভৱভেদ (V) আধালৈ কমে আৰু ৰোধ (R) একে থাকে, তেন্তে প্ৰৱাহ (I)ও আধা হ’ব।
অৰ্থাৎ, প্ৰৱাহৰ মান আগৰ মানৰ আধা হ’ব।
উত্তৰ:
- সংকৰ ধাতুৰ ৰোধকতা বিশুদ্ধ ধাতুতকৈ বেছি, ফলত বেছি তাপ উৎপন্ন হয়।
- উচ্চ উষ্ণতাত সংকৰ ধাতু জাৰণ নহয় বা জ্বলি নাযায়, যাৰ ফলত ই দীৰ্ঘদিন টিকি থাকে।
- সংকৰ ধাতুৰ গলনাংক বেছি, গতিকে ই উচ্চ তাপ সহ্য কৰিব পাৰে।
উত্তৰ: লো আৰু পাৰাৰ ৰোধকতাৰ মান ক্ৰমে 10 × 10⁻⁸ Ωm আৰু 94 × 10⁻⁸ Ωm। যিহেতু পাৰাৰ ৰোধকতা লোৰ তুলনাত বেছি, গতিকে লো অধিক ভাল পৰিবাহী।
উত্তৰ: ৰূপ আটাইতকৈ ভাল পৰিবাহী কাৰণ ইয়াৰ ৰোধকতা অতি কম (প্ৰায় 1.60 × 10⁻⁸ Ωm)।
প্রশ্নাৱলী (পৃষ্ঠা 213)
উত্তৰ: তিনিটা কোষ (প্ৰতিটো 2V) শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা, মুঠ বিভৱভেদ = 2V + 2V + 2V = 6V।
এটা 5Ω, 8Ω, আৰু 12Ω ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা।
এটা প্লাগ চাবি বৰ্তনী খোলা বা বন্ধ কৰিবলৈ।
নক্সা: [বেটাৰী (6V) → প্লাগ চাবি → 5Ω ৰোধক → 8Ω ৰোধক → 12Ω ৰোধক → বেটাৰীলৈ পুনৰ সংযোগ]।
উত্তৰ:
সংযোগ পদ্ধতি:
- এমিটাৰ এটা শ্ৰেণীবদ্ধভাৱে বৰ্তনীত সংযোগ কৰিব লাগিব (যিকোনো স্থানত, যেনে বেটাৰীৰ পিছত)
- ভল্টমিটাৰ এটা 12Ω ৰোধকৰ দুই মূৰৰ মাজত সমান্তৰালভাৱে সংযোগ কৰিব লাগিব

গণনা:
মুঠ ৰোধ: | Rs = R1 + R2 + R3 = 5Ω + 8Ω + 12Ω = 25Ω |
প্ৰৱাহ: | I = V/Rs = 6V/25Ω = 0.24A |
12Ω ৰোধকৰ বিভৱভেদ: | V3 = I × R3 = 0.24A × 12Ω = 2.88V |
পাঠ:
- এমিটাৰৰ পাঠ: 0.24A
- ভল্টমিটাৰৰ পাঠ: 2.88V
প্রশ্নাৱলী (পৃষ্ঠা 216)
উত্তৰ: সমান্তৰাল সজ্জাত: 1/Rp = 1/R1 + 1/R2
মুঠ ৰোধ: প্ৰায় 1Ω
উত্তৰ: 1/Rp = 1/R1 + 1/R2 + 1/R3
মুঠ ৰোধ: প্ৰায় 0.999Ω
উত্তৰ: দিয়া আছে: V = 220V
প্ৰতিটো সঁজুলিৰ প্ৰৱাহ:
বাল্ব:
পাউৰুটি সেকা সঁজুলি:
পানীৰ ফিল্টাৰ:
মুঠ প্ৰৱাহ:
ইস্ত্ৰিৰ প্ৰৱাহ: I₄ = 7.04A
ইস্ত্ৰিৰ ৰোধ:
ইস্ত্ৰিৰ ৰোধ: প্ৰায় 31.25Ω
প্ৰৱাহ: 7.04A
উত্তৰ:
- সমান্তৰাল সজ্জাত প্ৰতিটো সঁজুলিয়ে বিভৱভেদ সমানে পায়, গতিকে সঁজুলিবোৰে সঠিকভাৱে কাম কৰিব পাৰে।
- এটা সঁজুলি বিকল হ'লে বাকী সঁজুলিবোৰ কাৰ্যক্ষম হৈ থাকে।
- যিহেতু মুঠ ৰোধ কম হয়, ফলত বেছি প্ৰৱাহ প্ৰৱাহিত হয়।
উত্তৰ: (a) মুঠ ৰোধ 4Ω:
3Ω আৰু 6Ω সমান্তৰালভাৱে:
এই 2Ωৰ লগত 2Ω শ্ৰেণীবদ্ধভাৱে:
(b) মুঠ ৰোধ 1Ω:
আটাইকেইটা সমান্তৰালভাৱে:
(a) 3Ω আৰু 6Ω সমান্তৰাল, তাৰ পাছত 2Ω শ্ৰেণীবদ্ধ = 4Ω
(b) আটাইকেইটা সমান্তৰাল = 1Ω
উত্তৰ: (a) সৰ্বোচ্চ ৰোধ:
শ্ৰেণীবদ্ধভাৱে:
(b) সৰ্বনিম্ন ৰোধ:
সমান্তৰালভাৱে:
(a) সৰ্বোচ্চ ৰোধ: 48Ω
(b) সৰ্বনিম্ন ৰোধ: 2Ω
প্রশ্নাৱলী (পৃষ্ঠা 218)
উত্তৰ: হিটাৰৰ তাপ উপাদানডাল সংকৰ ধাতুৰে (যেনে নিক্ৰোম) নিৰ্মিত, যাৰ ৰোধকতা বেছি, ফলত বেছি তাপ উৎপন্ন হয় আৰু দীপ্ত হয়।
সংযোগী তাঁৰ (যেনে কপাৰ)ৰ ৰোধকতা কম, তাত তাপ কম উৎপন্ন হয় আৰু দীপ্ত নহয়।
উত্তৰ: দিয়া আছে: Q = 9600 C, V = 50 V, t = 1 hr = 3600 s
প্ৰৱাহ:
ক্ষমতা:
তাপ:
উৎপাদিত তাপ: 480 kJ
উত্তৰ: দিয়া আছে: R = 20Ω, I = 5A, t = 30 s
তাপ:
উৎপন্ন তাপ: 15 kJ
প্রশ্নাৱলী (পৃষ্ঠা 220)
উত্তৰ: বৈদ্যুতিক ক্ষমতা (P)ই শক্তিৰ হাৰ নিৰূপণ কৰে। P = VI।
উত্তৰ: দিয়া আছে: V = 220V, I = 5A, t = 2 hr = 7200 s
ক্ষমতা:
শক্তি:
ক্ষমতা: 1.1 kW
শক্তি: 2.2 kWh
অনুশীলনী
উত্তৰ: (d) 25
ব্যাখ্যা:
মূল তাঁৰডালৰ ৰোধ = R
পাঁচটা সমান ভাগত বিভক্ত কৰাত প্রতিটো ভাগৰ ৰোধ = R/5
সমান্তৰাল সজ্জাৰ সমতূল্য ৰোধ:
1/R’ = 5/(R/5) = 25/R
R’ = R/25
R/R’ = R/(R/25) = 25
উত্তৰ: (b) IR²
ব্যাখ্যা:
বৈদ্যুতিক ক্ষমতাৰ সূত্ৰ:
• P = I²R
• P = VI
• P = V²/R
IR² ৰ ক্ষমতাৰ সৈতে কোনো সম্পৰ্ক নাই।
উত্তৰ: (d) 25W
ব্যাখ্যা:
বাল্বৰ ৰোধ (R) = V²/P = (220)²/100 = 484Ω
110V ত ক্ষমতা (P’) = (110)²/484 = 25W
উত্তৰ: (c) 1:4
ব্যাখ্যা:
শ্ৰেণীবদ্ধ:
মুঠ ৰোধ = 2R
তাপ (H₁) = V²t/(4R)
সমান্তৰাল:
মুঠ ৰোধ = R/2
তাপ (H₂) = V²t/R
অনুপাত = H₁/H₂ = 1/4
উত্তৰ:
ভল্টমিটাৰক সমান্তৰালভাৱে সংযোগ কৰিব লাগে।
উত্তৰ:
তথ্য:
I (এম্পিয়াৰ) | 0.5 | 1.0 | 2.0 | 3.0 | 4.0 |
---|---|---|---|---|---|
V (ভল্ট) | 1.6 | 3.4 | 6.7 | 10.2 | 13.2 |
V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।
উত্তৰ:
লেখ অংকন:
X-অক্ষত I (এম্পিয়াৰ) আৰু Y-অক্ষত V (ভল্ট) লৈ এই বিন্দুসমূহ উপস্থাপন কৰা হ’ল: (0.5, 1.6), (1.0, 3.4), (2.0, 6.7), (3.0, 10.2), (4.0, 13.2)। এই বিন্দুসমূহ সংযোগ কৰিলে প্ৰায় সৰলৰৈখিক লেখ এডাল পোৱা যাব, যি ওমৰ সূত্ৰ (V = IR) মানি চলে।
ৰোধ গণনা:
ওমৰ সূত্ৰ: V = IR
R = V/I
I (এম্পিয়াৰ) | V (ভল্ট) | R = V/I (Ω) |
---|---|---|
0.5 | 1.6 | 1.6/0.5 = 3.2 |
1.0 | 3.4 | 3.4/1.0 = 3.4 |
2.0 | 6.7 | 6.7/2.0 = 3.35 |
গড় ৰোধ: (3.2 + 3.4 + 3.35)/3 ≈ 3.32Ω
অৰ্থাৎ ৰোধকটোৰ ৰোধ প্ৰায় 3.32Ω।
উত্তৰ:
দিয়া আছে: V = 12V, I = 2.5 mA = 2.5 × 10⁻³ A
ওমৰ সূত্ৰৰ পৰা R = V/I
R = 12 / (2.5 × 10⁻³) = 12 × 1000/2.5 = 4800Ω = 4.8 kΩ
ৰোধকটোৰ ৰোধ 4.8 kΩ।
উত্তৰ:
শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধ:
Rs = 0.2 + 0.3 + 0.4 + 0.5 + 12 = 13.4Ω
বেটাৰীটোৰ বিভৱভেদ: V = 9V
এতেকে প্ৰবাহ: I = V/Rs = 9/13.4 ≈ 0.6716A
শ্ৰেণীবদ্ধ সজ্জাত সকলো ৰোধকৰ মাজেৰে একে প্ৰবাহ চালিত হ’ব।
অৰ্থাৎ 12Ω ৰোধকৰ মাজেৰে চালিত প্ৰবাহ প্ৰায় 0.67A।
উত্তৰ:
দিয়া আছে, বিভৱভেদ, V = 220V, প্ৰবাহ: I = 5A
∴ মুঠ ৰোধ: R = V/I = 220/5 = 44Ω
যিহেতু প্ৰতিটো ৰোধকৰ ৰোধ = 176Ω
ধৰা হ’ল ৰোধকবোৰ সমান্তৰালভাৱে সংযোগ কৰা হৈছে:
∴ 1/Rp = n × (1/176), য’ত n হ’ল ৰোধকৰ সংখ্যা
1/44 = n/176
n = 176/44 = 4
অৰ্থাৎ 4টা ৰোধক।
উত্তৰ:
(i) সমতুল্য ৰোধ 9Ω হ’বলৈ:
প্ৰথমে দুটা 6Ω ৰোধক সমান্তৰালভাৱে সংযোগ কৰিলে পাম:
1/Rp = 1/6 + 1/6 = 2/6 = 1/3 → Rp = 3Ω
ইয়াৰ পাছত এই 3Ω ৰোধকটো তৃতীয় 6Ω ৰোধকৰ সৈতে শ্ৰেণীবদ্ধভাৱে লগালে পাম:
R_total = 3Ω + 6Ω = 9Ω
(ii) সমতুল্য ৰোধ 4Ω হ’বলৈ:
প্ৰথমে দুটা 6Ω ৰোধক শ্ৰেণীবদ্ধভাৱে লগালে পাম:
Rs = 6Ω + 6Ω = 12Ω
তাৰ পাছত এই 12Ω ৰোধকটো তৃতীয় 6Ω ৰোধকৰ সৈতে সমান্তৰালভাৱে সংযোগ কৰিলে পাম:
1/R_total = 1/12 + 1/6 = 1/12 + 2/12 = 3/12 = 1/4 → R_total = 4Ω
সাৰাংশ:
- 9Ω পাবলৈ: দুটা সমান্তৰাল (3Ω) + এটা শ্ৰেণীবদ্ধ (6Ω) = 9Ω
- 4Ω পাবলৈ: দুটা শ্ৰেণীবদ্ধ (12Ω) || এটা সমান্তৰাল (6Ω) = 4Ω
উত্তৰ:
দিয়া আছে:
বিভৱভেদ, V = 220V
সৰ্বোচ্চ প্ৰবাহ, I = 5A
∴ R = V/I = 220/5 = 44Ω
আকৌ দিয়া আছে, প্ৰতিটো বাল্বৰ ক্ষমতা:
P = 10W, V = 220V
∴ প্ৰতিটো বাল্বৰ প্ৰবাহ: I = P/V = 10/220 = 1/22 A
যিহেতু সৰ্বোচ্চ প্ৰবাহ: 5A
∴ বাল্বৰ সংখ্যা, n = মুঠ প্ৰবাহ / প্ৰতিটো বাল্বৰ প্ৰবাহ
= 5 / (1/22) = 5 × 22 = 110
সমান্তৰালভাৱে 110টা বাল্ব সংযোগ কৰিব লাগিব।
উত্তৰ:
দিয়া আছে: V = 220V, R_A = 24Ω, R_B = 24Ω
(i) পৃথকে পৃথকে (কেৱল এটা কুণ্ডলী):
R = 24Ω
∴ I = V/R = 220/24 ≈ 9.17A
(ii) শ্ৰেণীবদ্ধভাৱে:
Rs = 24 + 24 = 48Ω
∴ I = V/Rs = 220/48 ≈ 4.58A
(iii) সমান্তৰালভাৱে:
1/Rp = 1/24 + 1/24 = 2/24 = 1/12 → Rp = 12Ω
∴ I = V/Rp = 220/12 ≈ 18.33A
তিনিওটা ক্ষেত্ৰতে প্ৰবাহ হ’ল:
পৃথকে পৃথকে: 9.17A
শ্ৰেণীবদ্ধভাৱে: 4.58A
সমান্তৰালভাৱে: 18.33A
উত্তৰ:
(i) 1Ω আৰু 2Ω ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে:
দিয়া আছে: V = 6V
মুঠ ৰোধ: Rs = 1Ω + 2Ω = 3Ω
প্ৰবাহ: I = V/Rs = 6/3 = 2A
∴ 2Ω ৰোধকত ক্ষমতা হ’ব:
P = I²R = (2)² × 2 = 4 × 2 = 8W
(ii) 12Ω আৰু 2Ω ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে:
সমান্তৰাল সজ্জাত প্ৰতিটো ৰোধকৰ মাজত বিভৱভেদ একে, V = 4V
2Ω ৰোধকত প্ৰবাহ, I = V/R = 4/2 = 2A
∴ ক্ষমতা: P = V × I = 4 × 2 = 8W
(অথবা P = V²/R = 4²/2 = 16/2 = 8W)
উত্তৰ:
দিয়া আছে:
প্ৰথম চাকিটোৰ ক্ষেত্ৰত:
P₁ = 100W, V = 220V
∴ I₁ = P₁/V = 100/220 ≈ 0.4545A
দ্বিতীয় চাকিটোৰ ক্ষেত্ৰত:
P₂ = 60W, V = 220V
∴ I₂ = P₂/V = 60/220 ≈ 0.2727A
মুঠ প্ৰবাহ: I = I₁ + I₂ = 0.4545 + 0.2727 ≈ 0.7272A
অৰ্থাৎ প্ৰায় 0.73A
উত্তৰ:
(i) TV চেটটোৰ ক্ষেত্ৰত:
দিয়া আছে:
ক্ষমতা, P = 250W, সময়, t = 1h
∴ TV চেটটোৱে ব্যৱহাৰ কৰা শক্তি:
E = P × t = 250W × 1h = 250Wh = 0.25 kWh
(ii) ৰুটিসেকা সঁজুলিটোৰ ক্ষেত্ৰত:
দিয়া আছে:
ক্ষমতা, P = 1200W, সময়, t = 10 min = 10/60 h
∴ ৰুটিসেকা সঁজুলিটোৱে ব্যৱহাৰ কৰা শক্তি:
E = P × t = 1200W × (10/60)h = 1200 × 0.1667 = 200Wh = 0.2 kWh
গতিকে ইয়াৰ পৰা বুজা যায় যে TV চেটটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব।
উত্তৰ:
দিয়া আছে:
I = 15A, R = 8Ω
আমি জানো যে তাপ উৎপন্ন হোৱা হাৰ = ক্ষমতা = P = I²R
∴ P = (15)² × 8 = 225 × 8 = 1800W = 1.8 kW
∴ তাপ উৎপন্ন হোৱা হাৰ 1.8 kW।
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয়?
উত্তৰ: সাধাৰণতে টাংষ্টেনৰ গলনাংক অতি উচ্চ (3380°C) আৰু ৰোধকতাও অধিক, ফলত ই উচ্চ তাপ সহ্য কৰি বেছিকৈ তাপ আৰু পোহৰ উৎপন্ন কৰে। লগতে টাংষ্টেনৰ জাৰণ নহয়, যাৰ ফলত ফিলামেন্ট দীৰ্ঘদিন টিকি থাকে। সেয়েহে বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট ব্যৱহাৰ কৰা হয়।
(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰ: সংকৰ ধাতুৰ (যেনে নিক্রোম) ৰোধকতা আৰু গলনাংক বিশুদ্ধ ধাতুতকৈ অতি বেছি, ফলত বেছি তাপ উৎপন্ন হয়। আনহাতে উচ্চ তাপত সংকৰ ধাতুৰ জাৰণ নহয় বা জ্বলি নাযায়। ফলত ই দীৰ্ঘদিন টিকি থাকে। সেয়েহে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।
(c) ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয়?
উত্তৰ: ঘৰুৱা বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জা সাধাৰণতে ব্যৱহাৰ নহয়। কাৰণ শ্ৰেণীবদ্ধ সজ্জাত এটা সঁজুলি বিকল হ’লে বাকীবোৰো অচল হৈ পৰে। আকৌ এই সজ্জাত মুঠ ৰোধ অতি বেছি হয়, ফলত বেছি প্রবাহ প্ৰবাহিত নহয়। সেয়েহে ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়।
(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবর্তন হয়?
উত্তৰ: আমি জানো যে পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ (A) সৈতে ব্যস্তানুপাতিক। অৰ্থাৎ R = ρl/A। গতিকে প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে ৰোধ কমে, আৰু কালি কমিলে ৰোধ বাঢ়ে।
(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰ: বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ ব্যৱহাৰ কৰা হয়। কাৰণ তাম আৰু এলুমিনিয়ামৰ ৰোধকতা অতি কম (10⁻⁸ Ωm), ফলত ইহঁতে বেছিকৈ বিদ্যুৎ প্ৰৱাহিত কৰিব পাৰে। লগতে ইহঁত সহজলভ্য আৰু তুলনামূলকভাৱে কম খৰচী।
SEBA Class 10 Science Chapter 12 Question Answers – বিদ্যুৎ (Electricity) FAQ
Chapter Overview: বিদ্যুৎ
Summary: Chapter 12 of SEBA Class 10 Science, "বিদ্যুৎ," explores the principles of electricity, including electric current, potential difference, Ohm’s law, resistance, series and parallel circuits, heating effects, and electric power, with practical applications like fuses and heaters.
বিদ্যুৎ প্ৰৱাহ কি?
উত্তৰ: বিদ্যুৎ প্ৰৱাহ হৈছে কোনো পৰিবাহীৰ মাজেৰে হোৱা ইলেক্ট্ৰনৰ প্ৰবাহ। বিদ্যুৎ প্ৰবাহৰ একক এম্পিয়াৰ (A) আৰু ইয়াক I = Q/t সূত্ৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়, য’ত Q হৈছে আধান আৰু t হৈছে সময়।
ওমৰ সূত্ৰ কি?
উত্তৰ: ওহমৰ সূত্ৰৰ মতে, উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীৰ সংযোজিত প্ৰদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ V, তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক। সূত্ৰ: V = IR, য’ত R হৈছে ৰোধ, I হৈছে প্ৰবাহ।
শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাৰ মাজত পাৰ্থক্য কি?
উত্তৰ: শ্ৰেণীবদ্ধ সজ্জাত সকলো উপাদান ক্ৰমান্বয়ে সংযোগ কৰা হয়, য’ত প্ৰৱাহ একে কিন্তু বিভৱভেদ বিভক্ত হয়। আনহাতে সমান্তৰাল সজ্জাত উপাদানসমূহ সমান্তৰালভাৱে সংযোগ কৰা হয়, য’ত বিভৱভেদ একে থাকে কিন্তু প্ৰৱাহ বিভক্ত হয়।
Benefits of Studying Chapter 12 – বিদ্যুৎ Question Answers
Benefits:
- Exam Success: Detailed answers to Prosnawoli and Anushiloni questions prepare students for SEBA HSLC exams.
- Conceptual Clarity: Simplified Assamese explanations make topics like Ohm’s law and circuits easy to understand.
- Enhanced Revision: MCQs and notes aid quick revision and retention of key concepts.
- Time Efficiency: Structured answers help practice concise responses for better exam performance.
- Confidence Building: Familiarity with question patterns boosts confidence for Assamese medium students.