SEBA Class 10 Science Chapter 13 Question Answers – বিদ্যুৎ-প্রবাহৰ চুম্বকীয় ক্রিয়া (Magnetic Effects of Electric Current) | Assamese Medium
Best SEBA Class 10 Science Chapter 13 বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্রিয়া Question Answers
তলত SEBA Class 10 Science Chapter 13 Question Answers – বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্রিয়া (Magnetic Effects of Electric Current) ৰ প্ৰশ্নোত্তৰ সমূহ সহজ ভাষাত উপস্থাপন কৰা হৈছে। If you're preparing for HSLC 2025, these Class 10 Science Chapter 13 Question Answers will help you clearly understand magnetic field, electric motor, electromagnetic induction, and more. Our SEBA Class 10 Science Chapter 13 Question Answers are specially designed for Assamese medium students following the SEBA syllabus.
From key formulas to reasoning-type problems, these SEBA Class 10 Science Chapter 13 Question Answers cover all important exam-based topics. Whether you need notes on magnetic effects or motor principles, use this trusted Class 10 Science Chapter 13 Question Answers guide for regular practice and exam revision. These SEBA Class 10 Science Chapter 13 Question Answers will make your preparation complete and confident.
SEBA Class 10 Science Chapter 13 প্রশ্নোত্তৰ
প্রশ্নাৱলী (পৃষ্ঠা ২২৪)
উত্তৰ: দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল বিক্ষেপিত হয় কাৰণ দণ্ডচুম্বকৰ চাৰিওফালে এখন চৌম্বক ক্ষেত্ৰ থাকে, যি চুম্বকৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুৰ দিশলৈ বিস্তাৰিত হৈ থাকে। যেতিয়া দণ্ডচুম্বকৰ কাষলৈ দিগদৰ্শন যন্ত্ৰটো অনা হয় তেতিয়া ইয়াৰ উত্তৰ মেৰুটো দণ্ডচুম্বকৰ দক্ষিণ মেৰুৰফালে আকৰ্ষিত হয় ফলত কাঁটাডাল ইয়াৰ স্বাভাৱিক উত্তৰ-দক্ষিণ দিশৰ পৰা স্থানান্তৰিত বা বিক্ষেপিত হয়।
প্রশ্নাৱলী (পৃষ্ঠা ২২৮)
উত্তৰ: সাধাৰণতে চৌম্বক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে। চুম্বকৰ বাহিৰত ৰেখাবোৰ উত্তৰৰ পৰা দক্ষিণলৈ আৰু চুম্বকৰ অন্তৰ্ভাগত দক্ষিণৰ পৰা উত্তৰলৈ যাব। ইয়াৰ ফলত ৰেখাবোৰ বন্ধ বক্র হয়।
দণ্ডচুম্বকৰ চৌম্বক বলৰেখাৰ চিত্র
উত্তৰ:
- চুম্বকৰ প্ৰত্যেক বলৰেখাই উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে।
- চৌম্বকীয় ক্ষেত্ৰৰ বলৰেখাবোৰ সদায় অৱিচ্ছিন্ন ৰেখা হয়।
- য’ত চৌম্বক বলৰেখাবোৰ ঠাঁহ খাই থাকে, তাত চৌম্বক ক্ষেত্ৰখন অধিক শক্তিশালী হয়।
- দুডাল চৌম্বক বলৰেখাই কেতিয়াও পৰস্পৰ কটাকটি নকৰে।
উত্তৰ: দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে কাৰণ কটাকটি কৰিলে দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালে দুটা ভিন্ন দিশ নিৰ্দেশ কৰিব লাগিব, যিটো প্ৰকৃততে সম্ভৱ নহয়।
প্রশ্নাৱলী (পৃষ্ঠা ২২৯-২৩০)
উত্তৰ: সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি অনুসৰি, সোঁহাতে কুণ্ডলীটো ধৰিলে বুঢ়া আঙুলিটোৱে প্ৰবাহৰ দিশত (ঘড়ীৰ কাঁটাৰ দিশত) মূৰ কৰি থাকে আৰু মেৰিয়াই ধৰা বাকী আঙুলিকেইটাই চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰিব।
কুণ্ডলীৰ ভিতৰত: প্ৰবাহ ঘড়ীৰ কাঁটাৰ দিশত হোৱাৰ ফলত চৌম্বক ক্ষেত্ৰৰ দিশ উত্তৰ মেৰু (N) লৈ হ’ব।
কুণ্ডলীৰ বাহিৰত: চৌম্বক বলৰেখাবোৰ বন্ধ বক্র হোৱাৰ কাৰণে চৌম্বক ক্ষেত্ৰৰ দিশ দক্ষিণ মেৰু (S) লৈ হ’ব।
উত্তৰ:
চৌম্বক ক্ষেত্ৰৰ সুষম প্ৰকৃতিৰ চিত্ৰ
উত্তৰ: (d) সকলো বিন্দুতে একে থাকে।
ব্যাখ্যা: চ’লেনইডৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰ সুষম হয়, অৰ্থাৎ সকলো বিন্দুতে ইয়াৰ প্ৰাৱল্য একে থাকে।
প্রশ্নাৱলী (পৃষ্ঠা ২৩১)
উত্তৰ: (b) দ্রুতি, (d) ভৰবেগ
ব্যাখ্যা: চৌম্বক ক্ষেত্ৰৰ বলৰ প্ৰভাৱত প্ৰ’টনৰ গতি (দ্রুতি) আৰু ভৰবেগ সলনি হ’ব পাৰে, কিন্তু ভৰ (a) আৰু বেগ সলনি নহয়।
উত্তৰ:
(i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰিলে: যিহেতু প্ৰবাহ বৃদ্ধি কৰিলে চৌম্বক ক্ষেত্ৰৰ প্ৰাৱল্য বাঢ়ে, ফলত AB দণ্ডত অনুভৱ কৰা বল বা সৰণ বাঢ়িব।
(ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰিলে: শক্তিশালী চুম্বকৰ ফলত চৌম্বক ক্ষেত্ৰৰ শক্তি বা প্ৰাৱল্য বাঢ়িব, যিয়ে AB দণ্ডৰ সৰণ বা বল বঢ়াব।
(iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰিলে: দণ্ডৰ দৈৰ্ঘ্য বাঢ়িলে চৌম্বক ক্ষেত্ৰৰ প্ৰভাৱ বাঢ়িব, ফলত বলৰ মান বাঢ়িব।
উত্তৰ: (d) উর্দ্ধমুখী
ব্যাখ্যা: ফ্লেমিঙৰ বাওঁহাতীয়া নীতি অনুসৰি, তৰ্জনী আঙুলি (চৌম্বক ক্ষেত্ৰ) আৰু মধ্যমা আঙুলি (প্ৰবাহ, যি ধনাত্মক কণাৰ গতিৰ দিশ) লম্ব হ’লে, বুঢ়া আঙুলি (বলৰ দিশ) উত্তৰলৈ হ’ব। তেন্তে চৌম্বক ক্ষেত্ৰ উর্দ্ধমুখী হ’ব।
প্রশ্নাৱলী (পৃষ্ঠা ২৩৩)
উত্তৰ: ফ্লেমিঙৰ বাওঁহাতীয়া নিয়ম অনুসৰি, বাওঁহাতৰ তিনিটা আঙুলি—বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি—পৰস্পৰ লম্বভাৱে মেলি ধৰিলে, যদি তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায়, তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ বা তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব।
মনত ৰাখিবলৈ: "Father (Force) বুঢ়া আঙুলি, Mother (Magnetic Field) তৰ্জনী আঙুলি, Child (Current) মধ্যমা আঙুলি।"
উত্তৰ: বৈদ্যুতিক মটৰৰ মূলনীতিটো হ’ল বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা।
উত্তৰ: বৈদ্যুতিক মটৰত ফলা আঙঠিয়ে (split ring) দিকপৰিবৰ্তক (commutator) হিচাপে কাম কৰে। ই কুণ্ডলীত প্ৰবাহৰ দিশ সলনি কৰি কুণ্ডলীক একে দিশত অবিৰতভাৱে ঘূৰাই থাকে। অৰ্থাৎ প্ৰবাহ বিপৰীতমুখী হোৱাৰ লগে লগে ই বলৰ দিশো বিপৰীতমুখী কৰাত সহায় কৰে।
প্রশ্নাৱলী (পৃষ্ঠা ২৩৬)
উত্তৰ:
- কুণ্ডলীক চৌম্বক ক্ষেত্ৰত গতি কৰোৱায়: যেতিয়া কুণ্ডলী এটাক চৌম্বক ক্ষেত্ৰত গতি কৰোৱা হয়, তেতিয়া চৌম্বক ক্ষেত্ৰৰ সলনি হৈ আৱিষ্ট বিভৱভেদ উৎপন্ন হয় ফলত প্ৰবাহ আৱিষ্ট হয়।
- কুণ্ডলীৰ কাষত চৌম্বক ক্ষেত্ৰ সলনি কৰি: কুণ্ডলীৰ ওচৰত চৌম্বক ক্ষেত্ৰৰ দিশ সলনি কৰিলে কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হয়।
প্রশ্নাৱলী (পৃষ্ঠা ২৩৭)
উত্তৰ: বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি হ’ল চৌম্বক ক্ষেত্ৰত কুণ্ডলী ঘূৰাই যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা। এই নীতিটো বিদ্যুৎ-চুম্বকীয় আৱেশৰ ওপৰত আধাৰিত। ইয়াৰ ফলত কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হয়।
উত্তৰ:
- বেটাৰী
- বিদ্যুৎ ৰাসায়নিক কোষ
- ডিচি জেনেৰেটৰ
- ৰেক্টিফায়াৰ (AC to DC)
উত্তৰ:
- জলবিদ্যুৎ কেন্দ্ৰ
- তাপ বিদ্যুৎ কেন্দ্ৰ
- এচি জেনেৰেটৰ
উত্তৰ: (c) আধা পাকত সলনি হ’ব।
ব্যাখ্যা: কুণ্ডলীটো আধা পাক ঘূৰাৰ পিছত গতিৰ দিশ সলনি হয়, ফলত ফ্লেমিঙৰ সোঁহাতীয়া নিয়ম অনুসৰি প্ৰবাহৰ দিশো সলনি হয়।
প্রশ্নাৱলী (পৃষ্ঠা ২৩৮)
উত্তৰ:
- ভূমি সংযোগী তাঁৰ
- ফিউজ তাঁৰ
উত্তৰ:
দিয়া আছে,
ওভেনৰ ক্ষমতা, P = 2 KW = 2000 W
বিভৱভেদ, V = 220V
∴ P = VI
⇒ 2000 = 220 × I
⇒ I = 2000/220
∴ I = 9.09 A
যিহেতু বৰ্তনীৰ ক্ষমতা 5A প্ৰবাহ আৰু ওভেনৰ বাবে প্ৰয়োজনীয় প্ৰবাহ 9.09 A। গতিকে অত্যধিক প্ৰবাহ প্ৰবাহিত হ’লে ফিউজ তাঁৰ জ্বলি যাব বা বৰ্তনীত জুই লাগি দুৰ্ঘটনা ঘটিব পাৰে।
উত্তৰ:
- ফিউজ তাঁৰ ব্যৱহাৰ কৰি অত্যধিক প্ৰবাহ প্ৰতিৰোধ কৰা।
- শ্বৰ্ট চাৰ্কিট আৰু অত্যাধিক বোজাৰ পৰা ৰক্ষা পাবলৈ, বৰ্তনীৰ ক্ষমতাৰ তুলনাত কম প্ৰবাহৰ সঁজুলি ব্যৱহাৰ কৰিব লাগিব।
অনুশীলনী
উত্তৰ: (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।
ব্যাখ্যা: প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে চৌম্বক ক্ষেত্ৰ এককেন্দ্ৰিক বৃত্তাকাৰ ৰূপত গঠিত হয়।
উত্তৰ: (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া।
উত্তৰ: (a) জেনেৰেটৰ বোলা হয়।
ব্যাখ্যা: জেনেৰেটৰে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰে আৰু গেলভেনমিটাৰেৰে প্ৰবাহৰ দিশ আৰু মান লোৱা হয়।
উত্তৰ: (d) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্তক থাকে।
ব্যাখ্যা: AC জেনেৰেটৰত ফলা আঙঠি দিশ সলনি কৰে, আনহাতে DC জেনেৰেটৰত দিকপৰিবৰ্তক একমুখী প্ৰবাহ নিশ্চিত কৰে।
উত্তৰ: (c) বুজন পৰিমাণে বৃদ্ধি পায়।
ব্যাখ্যা: হ্রস্ববৰ্তনীত সজীৱ আৰু উদাসীন তাঁৰৰ মাজত সংযোগ হোৱাৰ ফলত প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু ফলত প্ৰবাহ বৃদ্ধি পায়।
উত্তৰ:
- (a) ভুল (মটৰে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে)।
- (b) শুদ্ধ (জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে)।
- (c) ভুল (এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা নহয়, বৰং বৃত্তাকাৰ পৰিবাহীৰ ক্ষেত্ৰত ক্ষেত্ৰৰেখাবোৰ কেন্দ্ৰৰ পৰা বিকিৰ্ণ হয়)।
- (d) ভুল (সেউজীয়া তাঁৰক ভূমি সংযোগী তাঁৰ হিচাপে ব্যৱহাৰ কৰা হয়)।
উত্তৰ:
- স্থায়ী দণ্ড চুম্বকৰ সহায়ত চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰি।
- বিদ্যুৎ প্ৰবাহযুক্ত পৰিবাহীৰ দ্বাৰা চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰি। যেনে কুণ্ডলী বা চ’লেনইড।
উত্তৰ: চ’লেনইড হৈছে ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ চুঙা আকৃতিৰ কুণ্ডলী। যেতিয়া ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় তেতিয়া ইয়াৰ চাৰিওফালে আৰু অন্তৰ্ভাগত এখন সুষম চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। ফলত ই চুম্বকৰ দৰে আচৰণ কৰে।
হয়, এডাল দণ্ড চুম্বকৰ সহায়ত প্ৰবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰি। যদি দণ্ড চুম্বকৰ উত্তৰ মেৰুৱে চ’লেনইডৰ কোনো এটা মেৰুক আকৰ্ষণ কৰে তেন্তে সেই মেৰুটো দক্ষিণ মেৰু হ’ব আৰু আনটো মেৰু উত্তৰ মেৰু হ’ব। কাৰণ দুটা সদৃশ মেৰুৱে বিকৰ্ষণ আৰু বেলেগ বেলেগ মেৰুৱে আকৰ্ষণ কৰে।
উত্তৰ: প্ৰবাহযুক্ত পৰিবাহীৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হ’লে অৰ্থাৎ ৯০° হ’লে বল সৰ্বোচ্চ হয়।
উত্তৰ: ইলেকট্ৰন (-ve)ৰ গতি পিছফালৰ পৰা সমুখলৈ আৰু বিচ্যুতি সোঁফাললৈ হ’লে, ফ্লেমিঙৰ বাওঁহাতীয়া নিয়ম অনুসৰি চৌম্বক ক্ষেত্ৰৰ দিশ উপৰলৈ হ’ব অৰ্থাৎ উর্দ্ধমুখী হ’ব।
উত্তৰ:
বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ
মূলনীতি: বৈদ্যুতিক মটৰ হৈছে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আৱৰ্ত সঁজুলি।
কাৰ্যপ্ৰণালী:
ধৰা হ’ল ABCD তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰৰ মাজত থাকে, য’ত AB আৰু CD বাহু ক্ষেত্ৰৰ লম্বভাৱে থাকে।
P আৰু Q ফলা আঙঠি (দিকপৰিবৰ্তক) কুণ্ডলীৰ প্ৰান্তৰ সৈতে সংযুক্ত হৈ অক্ষদণ্ডৰ লগত সংলগ্ন হৈ থাকে।
X আৰু Y ব্ৰাচৰ জৰিয়তে বেটেৰীৰ পৰা প্ৰবাহ কুণ্ডলীত সোমায়: AB ত Aৰ পৰা Bলৈ, CD ত Cৰ পৰা Dলৈ।
ফ্লেমিঙৰ বাওঁহাতীয়া নিয়ম অনুসৰি, AB বাহুত ক্ৰিয়া কৰা বলে ইয়াক তললৈ আৰু CD বাহুক ওপৰলৈ ঠেলিব ফলত কুণ্ডলীটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব।
আধা পাকৰ পিছত P আৰু Q ব্ৰাচৰ সৈতে সলনি হৈ প্ৰবাহ বিপৰীতমুখী হয় আৰু DCBA পথেৰে প্ৰবাহিত হ’ব।
ফলত AB বাহু ওপৰলৈ আৰু CD বাহু তললৈ ঠেলা খাই কুণ্ডলীটো একে দিশত অবিৰতভাৱে ঘূৰি থাকিব।
ফলা আঙঠিৰ কাম: ফলা আঙঠিয়ে বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে অৰ্থাৎ ই প্ৰবাহৰ দিশ পৰিবৰ্তক হিচাপে কাম কৰে। যাৰ ফলত কুণ্ডলীটো একে দিশে অবিৰতভাৱে ঘূৰি থাকে।
উত্তৰ:
- বৈদ্যুতিক পাংখা
- ৰেফ্ৰিজাৰেটৰ
- মিক্সাৰ
- ৱাশ্বিং মেচিন
উত্তৰ:
- (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে: গেলভেনমিটাৰৰ কাঁটাডাল বিক্ষেপিত হ’ব, কাৰণ চৌম্বক ক্ষেত্ৰ সলনি হোৱাৰ ফলত আৱিষ্ট প্ৰবাহ উৎপন্ন হ’ব।
- (ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে: কাঁটাডাল বিপৰীত দিশলৈ বিক্ষেপিত হ’ব, কাৰণ চৌম্বক ক্ষেত্ৰৰ দিশ পৰিবৰ্তন হোৱাৰ ফলত প্ৰয়োগ হোৱা বলৰ দিশো সলনি হ’ব।
- (iii) কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল থাকিলে: কাঁটাডাল স্থিতিশীল অৱস্থাত থাকিব, কাৰণ চৌম্বক ক্ষেত্ৰ স্থিতিশীল অৱস্থাত থাকিলে প্ৰবাহ আৱিষ্ট নহয়।
উত্তৰ: হয়, A কুণ্ডলীত প্ৰবাহ পৰিবৰ্তন হ’লে B কুণ্ডলীত প্ৰবাহ আৱিষ্ট হ’ব। কাৰণ A কুণ্ডলীত প্ৰবাহৰ দিশ পৰিবৰ্তন হোৱাৰ ফলত চৌম্বক ক্ষেত্ৰৰ সলনি হয়। যিয়ে B কুণ্ডলীৰ চাৰিওফালে থকা চৌম্বক ক্ষেত্ৰখন সলনি কৰে যাৰ ফলত আৱিষ্ট প্ৰবাহ উৎপন্ন হয়।
উত্তৰ:
- (i) প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰ: মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম ব্যৱহাৰ কৰা হয়।
- (ii) চৌম্বক ক্ষেত্ৰ এখনত লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল: ফ্লেমিঙৰ বাওঁহাতীয়া নিয়মৰ দ্বাৰা নিৰ্ণয় কৰা হয়।
- (iii) চৌম্বক ক্ষেত্ৰ এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ: ফ্লেমিঙৰ সোঁহাতীয়া নিয়মৰ দ্বাৰা নিৰ্ণয় কৰা হয়।
উত্তৰ:
বৈদ্যুতিক জেনেৰেটৰৰ চিহ্নিত চিত্ৰ
মূল নীতি: বৈদ্যুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। ই বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতিৰ ওপৰত আধাৰিত।
কাৰ্যপ্ৰণালী:
গঠন:
- ঘূৰ্ণায়মান কুণ্ডলী (ABCD): এটা আয়তাকাৰ কুণ্ডলী, যি স্থায়ী চুম্বকৰ মাজত অৱস্থিত।
- স্থায়ী চুম্বক: ই চৌম্বক ক্ষেত্ৰ সৃষ্টি কৰে।
- আঙঠি (R₁, R₂): কুণ্ডলীৰ প্ৰান্তৰ সৈতে সংযুক্ত থাকে।
- ব্ৰাচ (B₁, B₂): আঙঠিৰ সৈতে সংযোগ ৰাখি প্ৰবাহ সংগ্ৰহ কৰে।
- অক্ষদণ্ড: কুণ্ডলী ঘূৰাবলৈ যান্ত্ৰিক শক্তি প্ৰয়োগ কৰে।
- গেলভেনমিটাৰ: উৎপন্ন হোঢ়া প্ৰবাহৰ পৰিমাপৰ বাবে ব্যৱহৃত হয়।
কাৰ্যপদ্ধতি:
প্ৰথমে অক্ষদণ্ডৰ সহায়ত কুণ্ডলীটো স্থায়ী চুম্বকৰ মাজৰ চৌম্বক ক্ষেত্ৰত ঘূৰে। কুণ্ডলীৰ ঘূৰ্ণনৰ ফলত চৌম্বক ক্ষেত্ৰৰ সলনি হয়, যাৰ বাবে ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতি অনুসৰি কুণ্ডলীত আৱিষ্ট প্ৰবাহৰ সৃষ্টি হয়।
ফ্লেমিঙৰ সোঁহাতীয়া নিয়ম অনুসৰি, কুণ্ডলীৰ AB বাহু ওপৰলৈ আৰু CD বাহু তললৈ গতি কৰে। যেতিয়া কুণ্ডলীটোৰ আধা পাক সম্পূৰ্ণ হয় তেতিয়া গতিৰ দিশ সলনি হয়, ফলত প্ৰবাহৰ দিশো বিপৰীতমুখী হয়।
এনেদৰে কুণ্ডলীৰ নিৰৱচ্ছিন্ন ঘূৰ্ণনে পৰিৱৰ্তী প্ৰবাহৰ (AC) সৃষ্টি কৰে।
আনহাতে DC জেনেৰেটৰৰ ক্ষেত্ৰত: ফলা আঙঠি (দিকপৰিবৰ্তক) ব্যৱহাৰ কৰি পৰিৱৰ্তী প্ৰবাহ (AC)ক একমুখী প্ৰবাহ (DC) লৈ ৰূপান্তৰ কৰা হয়।
ব্ৰাচদুডালৰ কাম: কুণ্ডলী আৰু বৰ্তনীৰ মাজত নিৰৱিচ্ছিন্নভাৱে সংযোগ ৰখাত সহায় কৰে। ইয়াৰ জৰিয়তে বাহ্যিক বৰ্তনীলৈ বিদ্যুৎ প্ৰেৰণ কৰা হয়।
উত্তৰ: যেতিয়া বৈদ্যুতিক সঁজুলি ত্ৰুটিপূৰ্ণ হয় বা সজীৱ আৰু উদাসীন তাঁৰৰ মাজত অবাঞ্ছিত সংযোগ ঘটে তেতিয়া হ্রস্ববৰ্তনী (Short Circuit) সংঘটিত হয়।
উত্তৰ:
ভূমি সংলগ্ন তাঁৰৰ কাম:
- ভূমি সংলগ্ন তাঁৰে ত্ৰুটিজনিত বিদ্যুৎ নিৰ্গমনক মাটিলৈ পঠিয়াই দিয়ে।
- ব্যৱহাৰকাৰীক বৈদ্যুতিক আঘাতৰ পৰা ৰক্ষা কৰে।
ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন:
- অতিমাত্ৰা বিদ্যুৎ প্ৰবাহৰ ফলত সঁজুলিবোৰ জ্বলি গৈ দুৰ্ঘটনা ঘটোৱাৰ সম্ভাৱনা আছে। তেতিয়া ভূমি সংলগ্ন তাঁৰে অতিৰিক্ত বিদ্যুৎ মাটিলৈ পঠিয়াই সুৰক্ষিত কৰি ৰাখে।
- ইয়াৰ উপৰিও ধাতুৰ সঁজুলিবোৰত অতিৰিক্ত প্ৰবাহ হ’লে ভূমি সংলগ্ন তাঁৰে অতিৰিক্ত বিদ্যুৎ মাটিলৈ পঠিয়াই বৈদ্যুতিক শ্বকৰ পৰা মানুহক ৰক্ষা কৰে।
SEBA Class 10 Science Chapter 13 Question Answers FAQ
Chapter Overview: বিদ্যুৎ-প্রবাহৰ চুম্বকীয় ক্রিয়া
Summary: Chapter 13 of SEBA Class 10 Science, "বিদ্যুৎ-প্রবাহৰ চুম্বকীয় ক্রিয়া," explores the principles of magnetic fields, electromagnetism, magnetic effects of electric current, electric motor, electromagnetic induction, and their applications like generators and fuses, with practical examples.
চৌম্বক ক্ষেত্ৰ কি?
উত্তৰ: চৌম্বক ক্ষেত্ৰ হৈছে চুম্বক বা বিদ্যুৎ-প্রবাহিত পৰিবাহীৰ চাৰিওফালে চৌম্বক বলৰ প্রভাৱ অনুভৱ কৰা অঞ্চল। ইয়াক বলৰেখাৰে উপস্থাপন কৰা হয় আৰু ইয়াৰ শক্তি টেচলা (T) এককত জোখা হয়।
বৈদ্যুতিক মটৰে কেনেকৈ কাম কৰে?
উত্তৰ: বৈদ্যুতিক মটৰে বিদ্যুৎ প্রবাহৰ চৌম্বকীয় ক্রিয়াৰ নীতিৰ আধাৰত কাম কৰে। এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে চৌম্বক ক্ষেত্ৰৰ মাজত বলৰ সৃষ্টি হয়, যিয়ে কুণ্ডলীক ঘূৰায়।
ফ্লেমিংৰ বাওঁহাতৰ নিয়ম কি?
উত্তৰ: ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম অনুসৰি, বাওঁহাতৰ তিনিটা আঙুলি বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি ধৰিলে । যদি তর্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ বা তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব।
Benefits of Studying Chapter 13 – বিদ্যুৎ-প্রবাহৰ চুম্বকীয় ক্রিয়া Question Answers
Benefits:
- Exam Success: Detailed answers to Prosnawoli and Anushiloni questions prepare students for SEBA HSLC exams.
- Conceptual Clarity: Simplified Assamese explanations make topics like magnetic fields and electromagnetism easy to understand.
- Enhanced Revision: MCQs and notes aid quick revision and retention of key concepts.
- Time Efficiency: Structured answers help practice concise responses for better exam performance.
- Confidence Building: Familiarity with question patterns boosts confidence for Assamese medium students.