SEBA Class 10 Science Chapter 6: Life Processes | জীৱন প্ৰক্ৰিয়া

SEBA Class 10 Science Summary Notes Chapter 6 - Life Process। জীৱন প্ৰক্ৰিয়া । Science Chapter 6 জীৱন প্ৰক্ৰিয়া in Assamese

SEBA Class 10 Science Chapter 6 Summary – Life Processes (জীৱন প্ৰক্ৰিয়া) for HSLC 2026

Welcome to the SEBA Class 10 Science Chapter 6 Summary – Life Processes (জীৱন প্ৰক্ৰিয়া), designed for HSLC 2026 Assamese Medium students. These notes explain key biology concepts like nutrition, respiration, transportation, and excretion in a simple way.

This Life Process summary covers autotrophic and heterotrophic nutrition, aerobic and anaerobic respiration, plant and animal transportation, and human excretion. Labeled diagrams and examples make it ideal for exam preparation.

Based on the SEBA syllabus and NCERT guidelines, these Class 10 Life Process Notes are great for Assamese Medium students aiming to strengthen fundamentals and score well in the HSLC 2026 exam.

Looking for SEBA Class 10 Science Chapter 6 Summary Life Process in Assamese? This is your go-to resource for topics like photosynthesis, stomata, food transport, and excretory systems, with exam-focused explanations.

For full SEBA Class 10 Science Chapter 6 Detailed Notes – Life Processes, along with MCQs and important Q&A, visit Chapter 6 Detailed Notes and refer to the NCERT Class 10 Science Textbook.

SEBA Class 10 Science Chapter 6: Life Processes | জীৱন প্ৰক্ৰিয়া

জীৱন প্ৰক্ৰিয়া আৰু পুষ্টিৰ পৰিচয়:

জীৱন প্ৰক্ৰিয়া (Life Process):

কোনো এটা জীৱ জীয়াই থাকিবলৈ যিবোৰ প্ৰক্ৰিয়া দেহৰ ভিতৰত সংঘটিত হয় তাকেই জীৱন প্ৰক্ৰিয়া (Life Process) বোলে।

জীৱন প্ৰক্ৰিয়াবোৰ হ'ল:

  • পৰিপুষ্টি (Nutrition)
  • শ্বসন (Respiration)
  • পৰিবহণ (Transportation)
  • ৰেচন (Excretion)
Diagram for SEBA Class 10 Science Chapter 6 Summary Life Process

চিত্ৰ: জীৱন প্ৰক্ৰিয়া

পৰিপুষ্টি:

পৰিপুষ্টি (Nutrition):

জীৱন প্ৰক্ৰিয়াৰ ভিতৰত পুষ্টি (Nutrition) এটা গুৰুত্বপূৰ্ণ অংশ। পুষ্টি (Nutrition) হৈছে সেই প্ৰক্ৰিয়া যাৰ জৰিয়তে জীৱই খাদ্য গ্ৰহণ (Food Intake) কৰি শক্তি উৎপাদন (Energy Production) কৰে।

পুষ্টিৰ প্ৰয়োজনীয়তা:

  • শক্তি (Energy) – গতি, শ্বাস-প্ৰশ্বাস, বৃদ্ধি ইত্যাদিৰ বাবে।
  • বৃদ্ধি (Growth) আৰু মেৰামতি (Repairing) – জীৱৰ দেহৰ গঠন আৰু পুনৰ গঠনৰ বাবে।

পুষ্টিকৰ পদাৰ্থ (Nutrients):

  • মেক্ৰ’নিউট্ৰিয়েণ্ট (Macronutrients):
    • কাৰ্বহাইড্ৰেট (Carbohydrates)
    • প্ৰ’টিন (Proteins)
    • চৰ্বি (Fats)
  • মাইক্ৰ’নিউট্ৰিয়েণ্ট (Micronutrients):
    • খনিজ লৱণ (Minerals)
    • ভিটামিন (Vitamins)
Diagram for SEBA Class 10 Science Chapter 6 Nutrition

চিত্ৰ: পুষ্টিকৰ পদাৰ্থ

পুষ্টিৰ ধৰণ:

স্ব-পোষী (Autotrophic Nutrition) পৰপোষী (Heterotrophic Nutrition)
যিবোৰ জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰে। যেনে- সেউজীয়া গছ-গছনি (Green Plants)। যিবোৰ জীৱই আন জীৱৰ পৰা খাদ্য গ্ৰহণ কৰে। যেনে- মানুহ (Humans), জীৱ-জন্তু (Animals)।

জৈৱ অনুঘটক:

  • খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে।
  • অৰ্থাৎ জটিল আহাৰক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা ৰাসায়নিক পদাৰ্থ, যাক উৎসেচক বুলি কোৱা হয়।

স্ব-পোষী (Autotrophic Nutrition):

  • স্ব-পোষী হৈছে সেই প্ৰক্ৰিয়া য’ত জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰে। সেউজীয়া গছ আৰু নীলা-সেউজ শেলাইৰ দৰে জীৱই এই ধৰণৰ পুষ্টি অনুসৰণ কৰে।
  • স্ব-পোষীৰ মূল প্ৰক্ৰিয়া হৈছে সালোক সংশ্লেষণ।
  • এই প্ৰক্ৰিয়াত গছজোপাই কাৰ্বন ডাই অক্সাইড (CO₂) আৰু পানী (H₂O) গ্ৰহণ কৰি, সূৰ্যৰ পোহৰ আৰু ক্ল’ৰ’ফিলৰ সহায়ত কাৰ্বহাইড্ৰেট (গ্লুক’জ) তৈয়াৰ কৰে।
  • এই প্ৰক্ৰিয়াৰ সমীকৰণ হৈছে:
  • 6CO₂ + 6H₂O + সূৰ্যৰ শক্তি → C₆H₁₂O₆ + 6O₂
Diagram for SEBA Class 10 Science Chapter 6 Autotrophic Nutrition

চিত্ৰ: স্ব-পোষী পুষ্টি

সালোক সংশ্লেষণ (Photosynthesis):

  • সালোক সংশ্লেষণ হৈছে সেউজীয়া গছে খাদ্য তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া।
  • ইয়াত সৌৰ শক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় আৰু কাৰ্ব'হাইড্ৰেট গঠন হয়।
  • এই প্ৰক্ৰিয়া পাতৰ সেউজীয়া অংশ ক্ল’ৰ’প্লাষ্টত হয়, য’ত ক্ল’ৰ’ফিল নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে।

কেঁচামাল:

  • সূৰ্যৰ পোহৰ: শক্তিৰ উৎস।
  • ক্ল’ৰ’ফিল: পোহৰ শোষণ কৰে।
  • CO₂: ষ্ট’মাটাৰ জৰিয়তে পাতত প্ৰৱেশ কৰে; O₂ উপজাত পদাৰ্থ হিচাপে বাহিৰ হয়।
  • পানী: শিপাৰ জৰিয়তে মাটিৰ পৰা গ্ৰহণ কৰে, নাইট্ৰ’জেন, ফচফৰাছ, আইৰন আৰু মেংগানিজৰ দৰে খনিজ লৱণৰ সৈতে।
  • নাইট্ৰ'জেন: প্ৰ'টিন আৰু অন্যান্য কিছুমান যৌগ সংশ্লেষণৰ বাবে অতি প্ৰয়োজন।

সালোক সংশ্লেষণত ঘটা প্ৰধান ঘটনা:

  • ক্ল’ৰ’ফিলে পোহৰৰ শক্তি শোষণ কৰে।
  • পোহৰৰ শক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় আৰু পানী H₂ আৰু O₂ লৈ বিভক্ত হয়।
  • CO₂ বিজাৰণৰ দ্বাৰা কাৰ্ব'হাইড্ৰেট উৎপন্ন হয়।
Diagram for SEBA Class 10 Science Chapter 6 Photosynthesis

চিত্ৰ: সালোক সংশ্লেষণ

পত্ৰৰন্ধ্ৰ (ষ্ট’মাটা) আৰু সালোক সংশ্লেষণৰ গুৰুত্ব:

  • পত্ৰৰন্ধ্ৰ (ষ্ট’মাটা) হৈছে পাতৰ তলৰ পৃষ্ঠত থকা সৰু সৰু ছিদ্ৰ, যি সালোক সংশ্লেষণৰ বাবে অতি গুৰুত্বপূৰ্ণ।
  • এই ছিদ্ৰৰ জৰিয়তে গছজোপাই কাৰ্বন ডাই অক্সাইড (CO₂) গ্ৰহণ কৰে, যি সালোক সংশ্লেষণৰ এটা প্ৰধান কেঁচামাল।
  • সালোক সংশ্লেষণৰ সময়ত উৎপন্ন হোৱা অক্সিজেন (O₂) পত্ৰৰন্ধ্ৰৰ জৰিয়তে বাহিৰলৈ মুক্ত হয়।
  • পত্ৰৰন্ধ্ৰই পানীৰ বাষ্প নিৰ্গমনৰ (Transpiration) প্ৰক্ৰিয়াতো সহায় কৰে, যাৰ ফলত গছৰ তাপমাত্ৰা নিয়ন্ত্ৰণ হয় আৰু পানীৰ সঞ্চালন বজাই থাকে।
  • এই ছিদ্ৰবোৰ গাৰ্ড কোষ (Guard Cells) দ্বাৰা নিয়ন্ত্ৰিত হয়, যিয়ে পোহৰ আৰু পানীৰ উপলব্ধতাৰ ওপৰত ভিত্তি কৰি ছিদ্ৰবোৰ খোলা বা বন্ধ কৰে।
Diagram for SEBA Class 10 Science Chapter 6 Stomata

চিত্ৰ: পত্ৰৰন্ধ্ৰ (ষ্ট’মাটা)

সাৰাংশ:

  • পুষ্টি: খাদ্য গ্ৰহণ আৰু ব্যৱহাৰ।
  • শক্তি, বৃদ্ধি, মেৰামতিৰ বাবে প্ৰয়োজন।
  • মেক্ৰ’নিউট্ৰিয়েণ্ট: কাৰ্ব'হাইড্ৰেট, প্ৰ’টিন, চৰ্বি।
  • মাইক্ৰ’নিউট্ৰিয়েণ্ট: খনিজ লৱণ, ভিটামিন।
📘 SEBA ৰ বৰ্তমানৰ আৰ্হিত সুন্দৰকৈ প্ৰস্তুত কৰা আটাইখিনি Notes পাবলৈ আৰু বাকী পাঠবোৰৰ সাৱলীলভাৱে প্ৰস্তুত কৰা Detail Notes পাবলৈ তলৰ Course টোত Join কৰা ।

🎁 Coupon Code: Gem100 ব্যৱহাৰ কৰা ।

Enroll in Our Class 10 Science Course!

Unlock the full SEBA Class 10 Science Chapter 6 – Life Processes experience with beautifully designed diagrams, detailed notes, and expert guidance. Perfect for HSLC 2026 preparation.

Class 10 Science Course for SEBA Class 10 Science Chapter 6 Life Processes
Enroll Now

Course Details

Course Overview

Summary: This course offers a comprehensive understanding of SEBA Class 10 Science Chapter 6 – Life Processes, with detailed lessons, diagrams, and solved examples designed for HSLC 2026 success. Access the full course at hiddemy.com/popular-courses/.

Benefits of the Course

Summary: Gain access to expert-led video lessons, interactive quizzes, downloadable notes, and practice questions to boost your preparation and confidence for HSLC 2026. Enroll now at hiddemy.com/popular-courses/.

Other Details

Summary: Master key biology concepts like nutrition, photosynthesis, and stomata, essential for excelling in exams and understanding real-world applications of life processes. Start your journey at hiddemy.com/popular-courses/.

Explore More Section
Explore All SEBA Class 10 Science Chapters

Explore All SEBA Class 10 Science Chapters

Chapter Resources
Chapter 1: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
Chapter 2: এচিড, ক্ষাৰক আৰু লৱণ
Chapter 3: ধাতু আৰু অধাতু
Chapter 4: কাৰ্বন আৰু ইয়াৰ যৌগ
Chapter 5: মৌলৰ পৰ্যায়বৃত্ত শ্রেণীবিভাজন
Chapter 6: জীৱন প্ৰক্ৰিয়া
Chapter 7: নিয়ন্ত্ৰণ আৰু সমন্বয়
Chapter 8: জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
Chapter 9: বংশগতি আৰু বিবৰ্তন
Chapter 10: পোহৰৰ প্রতিফলন আৰু প্রতিসৰণ
Chapter 11: মানুহৰ চকু আৰু ৰঙীন জগত
Chapter 12: বিদ্যুৎ
Chapter 13: বিদ্যুৎ প্ৰৱাহৰ চৌম্বকীয় ক্ৰিয়া
Chapter 14: শক্তিৰ উৎস
Chapter 15: আমাৰ পৰিৱেশ
Chapter 16: প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা
Additional Resources
Author Bio - Mukut | Hiddemy
Mukut | Science & English Educator | Founder of Hiddemy

Mukut

B.Sc. | Content Writer | 10+ Years Teaching Experience
Specializing in Science and English curriculum for classes 6–12. Founder of Hiddemy, an educational initiative of Hidden Gem Institute focused on creating accessible learning resources.

Leave a Reply

Your email address will not be published. Required fields are marked *

Share on Social Media