- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations)
- 2. এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases, and Salts)
- 3. ধাতু আৰু অধাতু (Metals and Non-metals)
- 4. কাৰ্বন আৰু তাৰ যৌগ (Carbon and Its Compounds)
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements)
- 6. জীৱন প্ৰক্ৰিয়া (Life Processes)
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination)
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How Do Organisms Reproduce?)
- 9. বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution)
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light – Reflection and Refraction)
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (The Human Eye and the Colourful World)
- 12. বিদ্যুত (Electricity)
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্রিয়া (Magnetic Effects of Electric Current)
- 14. শক্তিৰ উৎসসমূহ (Sources of Energy)
- 15. আমাৰ পৰিবেশ (Our Environment)
- 16. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)
SEBA Class 10 Science Questions Answers Chapter 6 - Life Process। জীৱন প্ৰক্ৰিয়া । Science Chapter 6 জীৱন প্ৰক্ৰিয়া in Assamese
Class 10 Science Chapter 6 - Life Process Solutions । জীৱন প্ৰক্ৰিয়া Question Answers।
তলত Class 10 Science ৰ Chapter 6 ৰ SEBA Class 10 Science Chapter 6 – Life Process। জীৱন প্ৰক্ৰিয়া Questions Answers সমূহ সুন্দৰকৈ আগবঢ়োৱা হৈছে।
Class 10 Science Chapter 6: SEBA Class 10 Science Chapter 6 – Life Process best questions answers in Assamese। জীৱন প্ৰক্ৰিয়া । Class 10 Science Chapter 6 – Life Process। জীৱন প্ৰক্ৰিয়া । Science Chapter 6 জীৱন প্ৰক্ৰিয়া । Assamese Medium.
solutions, questions and answers for exam preparation. All the Questions Answers of Class 6 Chapter 10 of SEBA Science Textbook.
Question Answers Chapter 6: জীৱন প্ৰক্ৰিয়া
Table of Contents
প্ৰশ্নাৱলী (Page 95)
Ans: মানুহকে ধৰি বহুকোষীয় জীৱৰ দেহত অক্সিজেনৰ প্ৰয়োজনীয়তা বহুত বেছি আৰু দেহৰ প্ৰতিটো কোষে অক্সিজেন পোৱাটো জৰুৰী। ব্যাপন প্ৰক্ৰিয়া মন্থৰ আৰু কেৱল পৃষ্ঠৰ ওচৰৰ কোষবোৰলৈহে অক্সিজেন যোগান ধৰিব পাৰে। সেয়েহে বহুকোষীয় জীৱৰ বাবে শ্বাস-তন্ত্ৰৰ জৰিয়তে অক্সিজেন আহৰণ কৰাটো প্ৰয়োজন হয়, যাতে তেজৰ মাধ্যমেৰে গভীৰ কোষবোৰলৈও অক্সিজেন যোগান ধৰিব পৰা যায়।
Ans: আমি জীৱন প্ৰক্ৰিয়াসমূহৰ ওপৰত ভিত্তি কৰি এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম। যেনে- শ্বাস-প্ৰশ্বাস, পৰিপুষ্টি, পৰিবহন, ৰেচন আদি প্ৰক্ৰিয়া চলি থাকিলে জীৱটো জীৱিত বুলি গণ্য কৰা হয়। এই প্ৰক্ৰিয়াবোৰ বন্ধ হ’লেই জীৱ এটা মৃত বুলি কোৱা হয়।
Ans: জীৱৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী হ’ল- খাদ্য (পৰিপুষ্টিৰ বাবে), পানী, অক্সিজেন (শ্বসনৰ বাবে), আনহাতে স্ব-পোষী জীৱৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড আৰু সূৰ্যৰ পোহৰ (সালোক সংশ্লেষণৰ বাবে)। এইবোৰ সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰণ কৰে।
Ans: জীৱৰ জীৱন বৰ্তি থাকিবলৈ অতি প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ হ’ল- পৰিপুষ্টি (শক্তিৰ বাবে খাদ্য গ্ৰহণ), শ্বসন (শক্তি উৎপাদনৰ বাবে অক্সিজেন ব্যৱহাৰ), পৰিবহন (খাদ্য আৰু অক্সিজেন কোষলৈ কঢ়িয়াবলৈ), আৰু ৰেচন (বৰ্জিত পদাৰ্থ ত্যাগ কৰিবলৈ)। এইবোৰ অবিহনে জীৱ এটা বৰ্তি থাকিব নোৱাৰে।
প্ৰশ্নাৱলী (Page 101)
Ans:
স্বপোষিত পুষ্টি | পৰপোষিত পুষ্টি |
---|---|
জীৱই নিজে নিজৰ খাদ্য তৈয়াৰ কৰে। যেনে- সেউজীয়া গছে সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে। | জীৱই আন জীৱৰ পৰা খাদ্য গ্ৰহণ কৰে। যেনে- মানুহ আৰু জীৱ-জন্তু। |
স্ব-পোষী প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰ ব্যৱহাৰ হয়। | পৰ-পোষীৰ ক্ষেত্ৰত জটিল খাদ্যৰ পাচনৰ প্ৰয়োজন হয়। |
Ans: সালোক সংশ্লেষণৰ বাবে উদ্ভিদে বিভিন্ন উপাদান বিভিন্ন স্থানৰ পৰা গ্ৰহণ কৰে। সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ পৰা পাতৰ ক্ল’ৰ’ফিলে শোষণ কৰে। কাৰ্বন ডাই অক্সাইড (CO₂) বায়ুৰ পৰা পত্ৰৰন্ধ্ৰৰ জৰিয়তে প্ৰৱেশ কৰে। পানী (H₂O) শিপাৰ জৰিয়তে মাটিৰ পৰা গ্ৰহণ কৰা হয়।
Ans: পাকস্থলীত থকা এছিড (হাইড্ৰ’ক্লৰিক এছিড, HCl)ৰ কেইটামান গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই খাদ্যৰ পাচনত সহায় কৰে। পাকস্থলীক আম্লিক কৰি পেপচিন উৎসেচকৰ ক্ৰিয়া সক্ৰিয় কৰে, যিয়ে প্ৰ’টিন ভাঙে। খাদ্যৰ সৈতে অহা জীৱাণু ধ্বংস কৰে।
Ans: পাচক উৎসেচকৰ কাৰ্য হ’ল জটিল খাদ্যক সৰল অণুলৈ ভাঙি শোষণৰ বাবে উপযুক্ত কৰা। লালটি এমাইলেজে মুখত শ্বেতসাৰক গ্লুক’জলৈ ভাঙে। পেপচিনে পাকস্থলীত প্ৰ’টিনক পেপটাইডলৈ, ট্ৰিপচিনে ক্ষুদ্ৰান্তত প্ৰ’টিনক এমিন’ এছিডলৈ, লাইপেজে ক্ষুদ্ৰান্তত চৰ্বীক ফেটি এছিড আৰু গ্লিচাৰললৈ ভাঙে আৰু আন্ত্ৰিক ৰসৰ উৎসেচকে শ্বেতসাৰ, প্ৰ’টিন, আৰু চৰ্বীক সৰল অণুলৈ ভাঙে।
Ans: ক্ষুদ্ৰান্তত খাদ্য পাচন আৰু শোষণ এনেদৰে হয়। পাকস্থলীৰ পৰা আংশিক পাচিত খাদ্য ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে। পিছত যকৃতৰ পৰা নিৰ্গত পিত্তৰসে চৰ্বীৰ বৃহৎ অণুক সৰু খণ্ডলৈ ভাঙে (ইমালচিফিকেশ্যন) আৰু আম্লিক খাদ্যক ক্ষাৰকীয় কৰে। অগ্নাশয়ৰ পৰা নিৰ্গত অগ্নাশয়ৰসত থকা ট্ৰিপচিনে প্ৰ’টিনক এমিন’ এছিডলৈ আৰু লাইপেজে চৰ্বীক ফেটি এছিড আৰু গ্লিচাৰললৈ ভাঙে। ক্ষুদ্ৰান্তৰ বেৰৰ পৰা নিৰ্গত আন্ত্ৰিক ৰসে শ্বেতসাৰক গ্লুক’জলৈ, প্ৰ’টিনক এমিন’ এছিডলৈ, আৰু চৰ্বীক ফেটি এছিডলৈ ভাঙে। শোষণৰ বাবে ক্ষুদ্ৰান্তৰ বেৰত থকা ভিলায়ে (Villi) শোষণৰ ক্ষেত্ৰ বৃদ্ধি কৰে আৰু পাচিত খাদ্য ৰক্তবাহী নলীৰ জৰিয়তে দেহৰ বিভিন্ন কোষলৈ যায়।
প্ৰশ্নাৱলী (Page 105)
Ans: শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণৰ ক্ষেত্ৰত জলচৰ জীৱতকৈ স্থলচৰ জীৱৰ কেইটামান সুবিধা আছে। বায়ুত অক্সিজেনৰ পৰিমাণ পানীতকৈ বেছি, যেনে বায়ুত ২১% অক্সিজেন থাকে, কিন্তু পানীত 1 শতাংশৰো কম থাকে। স্থলচৰ জীৱৰ হাঁওফাঁও আৰু বায়ুকোষৰ গঠন অধিক কাৰ্যকৰী, যিয়ে প্ৰচুৰ গেছ বিনিময়ৰ সুবিধা দিয়ে। আনহাতে জলচৰ জীৱই ফুলৰ জৰিয়তে পানীৰ পৰা অক্সিজেন আহৰণ কৰে, যিটো প্ৰক্ৰিয়া মন্থৰ আৰু শক্তিৰ অপচয় বেছি। স্থলচৰ জীৱই যেনে মানুহে নাসাৰন্ধ্ৰৰ জৰিয়তে সহজে অক্সিজেন গ্ৰহণ কৰিব পাৰে।
Ans:
প্ৰক্ৰিয়া | বিৱৰণ | স্থান আৰু উদাহৰণ |
---|---|---|
সবাত শ্বসন | অক্সিজেনৰ উপস্থিতিত গ্লুক’জ সম্পূৰ্ণৰূপে জাৰিত হৈ গ্লুক’জ পাইৰুভেটলৈ আৰু তাৰ পিছত CO₂, H₂O, আৰু শক্তিলৈ পৰিণত হয়। | স্থান: মাইট’কণ্ড্ৰিয়াত উদাহৰণ: মানুহ আৰু উদ্ভিদ |
অবাত শ্বসন | অক্সিজেনৰ অনুপস্থিতিত গ্লুক’জ জাৰিত হয়। গ্লুক’জ পাইৰুভেটলৈ, তাৰ পিছত ইথানল, CO₂, আৰু শক্তিলৈ পৰিণত হয়। | স্থান: কোষপ্ৰৰসত উদাহৰণ: ইষ্টৰ কিণ্বন |
পেশীত বিশেষ শ্বসন | অক্সিজেন কম হ’লে পাইৰুভেট লেকটিক এছিডলৈ পৰিণত হয়। গ্লুক’জ পাইৰুভেটলৈ, তাৰ পিছত লেকটিক এছিড আৰু শক্তিলৈ পৰিণত হয়। ইয়াৰ ফলত পেশীত শিৰামূৰি ধৰে। | স্থান: পেশী কোষত উদাহৰণ: মানুহৰ পেশী (ব্যায়ামৰ সময়ত) |
Ans: মানুহৰ দেহত অক্সিজেন পৰিবহনৰ ক্ষেত্ৰত হাঁওফাঁওৰ বায়ুকোষত অক্সিজেন তেজৰ হিম’গ্ল’বিনৰ সৈতে মিলি অক্সিহিম’গ্ল’বিন গঠন কৰে। তাৰ পিছত তেজৰ জৰিয়তে, লোহিত ৰক্তকণিকাৰ মাধ্যমেৰে, অক্সিজেন দেহৰ বিভিন্ন কোষলৈ গতি কৰে। আনহাতে কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত কোষৰ পৰা উৎপন্ন CO₂ তেজৰ প্লাজমাত দ্ৰৱীভূত হৈ বা হিম’গ্ল’বিনৰ সৈতে মিলি হাঁওফাঁওলৈ গতি কৰে। তাৰ পিছত বায়ুকোষৰ জৰিয়তে বাহিৰলৈ নিৰ্গত হয়।
Ans: প্ৰচুৰ গেছ বিনিময়ৰ বাবে মানুহৰ হাঁওফাঁওত অসংখ্য বায়ুকোষ (Alveoli) থাকে, যাৰ ফলত গেছ বিনিময়ৰ ক্ষেত্ৰ বৃদ্ধি পায়। বায়ুকোষৰ বেৰ এককোষী আৰু পাতল, যাৰ ফলত O₂ আৰু CO₂ সহজে ব্যাপন কৰিব পাৰে। বায়ুকোষৰ চাৰিওফালে ৰক্তজালিকা (Capillaries) থাকে, যিয়ে গেছ বিনিময় দ্ৰুত কৰে। বায়ুকোষৰ পৃষ্ঠ আৰ্দ্ৰ, যাৰ ফলত গেছ দ্ৰৱীভূত হৈ সহজে বিনিময় হয় লগতে মধ্যচ্ছদাই (Diaphragm) উশাহ-নিশাহত সহায় কৰে, যাৰ ফলত বায়ু দ্ৰুতভাৱে সোমায় আৰু ওলায়।
প্ৰশ্নাৱলী (Page 110)
Ans: মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা হ’ল হৃদযন্ত্ৰ (Heart), ৰক্তনলী (Blood Vessels), তেজ (Blood), আৰু লসিকা (Lymph)। হৃদযন্ত্ৰই তেজ পাম্প কৰে। ৰক্তনলীৰ ভিতৰত ধমনী, শিৰা, আৰু বক্তজালিকা থাকে। ই তেজ পৰিবহনৰ মাধ্যম হিচাপে কাম কৰে। লসিকাই অতিৰিক্ত তৰল পৰিবহন কৰে। এই তন্ত্ৰৰ কাৰ্য হ’ল অক্সিজেন আৰু পুষ্টি কোষলৈ লৈ যোৱা। আনহাতে CO₂ আৰু বৰ্জিত পদাৰ্থ যেনে ইউৰিয়া বাহিৰ কৰা লগতে দেহৰ উষ্ণতা আৰু ভাৰসাম্য ৰক্ষা কৰা।
Ans: পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰত চাৰিটা কোঠালি থাকে, যাৰ ফলত বিশুদ্ধ (O₂-যুক্ত) আৰু অশুদ্ধ (CO₂-যুক্ত) তেজ পৃথকে থাকে। এই পৃথকীকৰণৰ প্ৰয়োজনীয়তা হ’ল বিশুদ্ধ তেজে কোষলৈ অধিক অক্সিজেন যোগান ধৰে, যাৰ ফলত শক্তি উৎপাদন বৃদ্ধি পায়। যদি অশুদ্ধ তেজ মিহলি হয়, তেতিয়া অক্সিজেনৰ পৰিমাণ কমি শক্তি উৎপাদন হ্ৰাস পাব। উচ্চ বিপাকীয় হাৰৰ বাবে এই পৃথকীকৰণ ইহঁতৰ বাবে জৰুৰী।
Ans: উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰত দুটা মুখ্য অংশ থাকে। জাইলেম (Xylem): পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈ পৰিবহন কৰে। ফ্ল’ৱেম (Phloem): পাতত তৈয়াৰী খাদ্য (চুক্ৰ’জ) আৰু অন্যান্য দ্ৰৱ্য দেহৰ আন অংশলৈ পৰিবহন কৰে।
Ans: উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ জাইলেমৰ জৰিয়তে পৰিবহন হয়। শিপাৰ কোষে মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে। মূল চাপ (Root Pressure)ৰ ফলত পানী জাইলেমলৈ ঠেলি দিয়া হয়। বাষ্পমোচন (Transpiration)ৰ ফলত শোষণ বল (Suction Force) সৃষ্টি হয়, যিয়ে পানীক ওপৰলৈ টানে। জাইলেমৰ ট্ৰেকাইড আৰু নলিকাই শিপাৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণ কঢ়িয়াই নিয়ে।
Ans: উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্ল’ৱেমৰ জড়িয়তে ঘটে। পাতত সালোক সংশ্লেষণত তৈয়াৰী খাদ্য (চুক্ৰ’জ) ফ্ল’ৱেমৰ চালনি নলীৰ জৰিয়তে পৰিবহন হয়। ATP শক্তিৰে ফ্ল’ৱেমত উচ্চ চাপ সৃষ্টি হয়, যাৰ ফলত খাদ্য নিম্ন চাপৰ অংশলৈ গতি কৰে। এই পৰিবহন উৰ্ধমুখী (পাতৰ পৰা কাণ্ডলৈ) আৰু অধোমুখী (পাতৰ পৰা শিপালৈ) দুয়ো দিশত হয়। ফ্ল’ৱেমে লগতে এমিনো এছিড আৰু বিপাকীয় পদাৰ্থো পৰিবহন কৰে।
প্ৰশ্নাৱলী (Page 112)
Ans: নেফ্ৰন হৈছে বৃক্কৰ মূল কাৰ্যকৰী একক। ইয়াৰ গঠন কাপ সদৃশ নলীকাৰ দৰে, যাৰ চাৰিওফালে অসংখ্য ৰক্তজালিকা থাকে। ইয়াৰ মুখ্য অংশ হ’ল বোমেনৰ কেপচুল, প্ৰক্ষিপ্ত নলী, হেনলিৰ লুপ, আৰু সংগ্ৰাহী নলী। বোমেনৰ কেপচুলত তেজৰ পৰিস্ৰাবণ হয়। প্ৰক্ষিপ্ত নলী আৰু হেনলিৰ লুপে পানী আৰু প্ৰয়োজনীয় পদাৰ্থ পুনৰ শোষণ কৰে। সংগ্ৰাহী নলীয়ে মূত্ৰ সংগ্ৰহ কৰি বৃক্কৰ মূত্ৰথলীলৈ পঠায়। নেফ্ৰনৰ কাৰ্য হ’ল তেজৰ পৰা পানী, গ্লুক’জ, এমিনো এছিড, লৱণ, আৰু বৰ্জিত পদাৰ্থ যেনে ইউৰিয়া পৰিস্ৰাবণ কৰা। তাৰ পিছত প্ৰয়োজনীয় পদাৰ্থ যেনে গ্লুক’জ আৰু বেছিভাগ পানী পুনৰ তেজত অধিশোষণ কৰা হয়। বাকী পানী আৰু বৰ্জিত পদাৰ্থ মূত্ৰ হিচাপে সংগ্ৰাহী নলীলৈ পঠিওৱা হয়।
Ans: উদ্ভিদে বিভিন্ন উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে। পত্ৰৰন্ধ্ৰৰ জৰিয়তে উদ্ভিদে শ্বসনৰ সময়ত উৎপন্ন CO₂ আৰু অক্সিজেন বাহিৰ কৰে। বাষ্পমোচনৰ জৰিয়তে পানীৰ বাষ্প পত্ৰৰন্ধ্ৰৰ দ্বাৰা ত্যাগ কৰা হয়। পাতৰ দৰে সৰি পৰা অংগৰ জৰিয়তে বৰ্জিত পদাৰ্থ ত্যাগ কৰে। কিছুমান উদ্ভিদে বৰ্জিত পদাৰ্থ ৰেজিন বা আঠা হিচাপে ত্যাগ কৰে। আকৌ শিপাৰ জৰিয়তে কিছুমান বৰ্জিত পদাৰ্থ মাটিত উলিয়াই দিয়ে।
Ans: মূত্ৰ উৎপন্নৰ পৰিমাণ নিয়ন্ত্ৰণ ক্ষেত্ৰত ADH (Antidiuretic Hormone) নামৰ হৰম’নে এই কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া দেহত পানীৰ পৰিমাণ কমে, তেতিয়া ADH নিৰ্গত হয়, যিয়ে নেফ্ৰনৰ পৰা পানী পুনৰ শোষণ বৃদ্ধি কৰে, ফলত মূত্ৰৰ পৰিমাণ কমে। অধিক পানী খালে মূত্ৰৰ পৰিমাণ বাঢ়ে। তেজৰ চাপ কম হ’লে পানী শোষণ বাঢ়ে, যাৰ ফলত মূত্ৰ কম উৎপন্ন হয়। বৃক্কৰ কাৰ্য, যেনে নেফ্ৰনৰ পৰিস্ৰাবণ আৰু পুনৰ শোষণৰ হাৰৰ ওপৰতো মূত্ৰৰ পৰিমাণ নিৰ্ভৰ কৰে।
অনুশীলনী
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
Ans: (c) ৰেচন।
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন' এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
Ans: উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈ পৰিবহন কৰা। a) পানীৰ পৰিবহন।
(a) কার্বন ডাই অক্সাইড আৰু পানী
(b) পত্রহবিৎ
(c) সুর্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা।
Ans: স্বপোষীয় পৰিপুষ্টিত কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰহৰিৎ (ক্ল’ৰ’ফিল), আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। d) ওপৰৰ আটাইকেইটা।
(a) চাইট'প্লাজমত
(b) মাইট'কণ্ড্ৰিয়াত
(c) ক্ল'ৰ'প্লাষ্টত
(d) নিউক্লিয়াছত
Ans: পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী, আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সবাত শ্বসনৰ অংশ হিচাপে মাইট’কণ্ড্ৰিয়াত সম্পাদিত হয়। (b) মাইট’কণ্ড্ৰিয়াত।
Ans: আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহৰ পাচন প্ৰক্ৰিয়া মুখ্যতঃ ক্ষুদ্ৰান্তত সংঘটিত হয়। প্ৰথমে পাকস্থলীত চৰ্বীৰ পাচন আৰম্ভ হ’লেও ই সামান্য। ক্ষুদ্ৰান্তত যকৃতৰ পৰা নিৰ্গত পিত্তৰসে চৰ্বীৰ বৃহৎ অণুক সৰু সৰু খণ্ডলৈ ভাঙে, এই প্ৰক্ৰিয়াক ইমালচিফিকেশ্যন বোলা হয়। তাৰ পিছত অগ্নাশয়ৰ পৰা নিৰ্গত অগ্নাশয়ৰসত থকা লাইপেজ উৎসেচকে এই সৰু চৰ্বীৰ খণ্ডবোৰক ফেটি এছিড আৰু গ্লিচাৰললৈ ভাঙে। এই ফেটি এছিড আৰু গ্লিচাৰল ক্ষুদ্ৰান্তৰ ভিলাইৰ জৰিয়তে শোষিত হয় আৰু তেজৰ জৰিয়তে দেহৰ বিভিন্ন অংশলৈ পৰিবহন কৰা হয়।
Ans: লালটিয়ে খাদ্য পিচল কৰি পাচন নলীলৈ গতি সহজ কৰে তোলে আৰু ইয়াত থকা লালটি এমাইলেজ উৎসেচকে শ্বেতসাৰক গ্লুক’জলৈ পাচন কৰে।
Ans: স্বপোষী পুষ্টিৰ কাৰকবোৰ হ'ল- কাৰ্বন ডাই অক্সাইড, পানী, সূৰ্যৰ পোহৰ, আৰু ক্ল’ৰ’ফিল। উপজাত পদাৰ্থ- অক্সিজেন আৰু পানী।
Ans:
সবাত শ্বসন | অবাত শ্বসন |
---|---|
|
|
Ans: প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক বিশেষভাৱে গঠিত। হাওঁফাওঁত অসংখ্য বায়ুকোষ থাকে। ই সৰু, পাতল বেৰৰ, আৰু ৰক্তজালিকাৰে আৱৰা। ইয়াৰ ফলত শোষণৰ ক্ষেত্ৰ বৃদ্ধি পায় আৰু গেছ বিনিময় দ্ৰুত হয়। অৰ্থাৎ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ত্যাগ কৰাত অতি কাৰ্যকৰী হয়।
Ans: হিম’গ্ল’বিন তেজৰ লোহিত কণিকাত থাকে আৰু ই অক্সিজেন পৰিবহনৰ মুখ্য কাৰক। যদি হিম’গ্ল’বিন কমে, তেন্তে দেহৰ কোষলৈ অক্সিজেনৰ যোগান কমি যায়। ইয়াৰ ফলত শক্তি উৎপাদন হ্ৰাস পায় আৰু ক্লান্তি, দুৰ্বলতা, আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা দেখা দিয়ে। এই অৱস্থাক ৰক্তহীনতা (Anaemia) বোলা হয়। তীব্ৰ ৰক্তহীনতাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ বাঢ়ে আৰু জীৱনৰ বাবে বিপদৰ সৃষ্টি হ’ব পাৰে।
Ans: মানুহৰ দেহত দ্বৈত ৰক্ত সংবহন সংঘটিত হয়। এই তন্ত্ৰত হৃদযন্ত্ৰৰ চাৰিটা কোঠালি থাকে, যাৰ দুটা অলিন্দ (Atria) আৰু দুটা নিলয় (Ventricles)। এই তন্ত্ৰ দুটা পৃথক পথত বিভক্ত: পালমোনাৰী সংবহন আৰু প্ৰণালীগত সংবহন। পালমোনাৰী সংবহনত সোঁ নিলয়ৰ পৰা অশুদ্ধ তেজ (CO₂-যুক্ত) পালমোনাৰী ধমনীৰ জৰিয়তে হাঁওফাঁওলৈ পঠিওৱা হয়। হাঁওফাঁওত তেজে অক্সিজেন গ্ৰহণ কৰি বিশুদ্ধ হৈ পালমোনাৰী শিৰাৰ জৰিয়তে বাওঁ অলিন্দলৈ ঘূৰি আহে। প্ৰণালীগত সংবহনত বাওঁ নিলয়ৰ পৰা বিশুদ্ধ তেজ (O₂-যুক্ত) মহাধমনীৰ জৰিয়তে দেহৰ বিভিন্ন অংশলৈ পঠিওৱা হয়। আৰু CO₂ গ্ৰহণ কৰি শিৰাৰ জৰিয়তে সোঁ অলিন্দলৈ ঘূৰি আহে। এই তন্ত্ৰৰ প্ৰয়োজনীয়তা হ’ল বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখি কোষলৈ অধিক অক্সিজেন যোগান ধৰা। ইয়াৰ ফলত শক্তি উৎপাদন বৃদ্ধি পায় আৰু উচ্চ বিপাকীয় হাৰ বজাই ৰাখিব পৰা যায়।
Ans: জাইলেমে পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈ পৰিবহন কৰে, বাষ্পমোচনৰ শোষণ বলৰ সহায়ত। আনহাতে ফ্ল’ৱেমে খাদ্য পাতৰ পৰা শিপা বা ফললৈ পৰিবহন কৰে, ATP শক্তিৰ জড়িয়তে। জাইলেমৰ পৰিবহন একমুখী। আনহাতে ফ্ল’ৱেমৰ উভয়মুখী।
Ans: বায়ুকোষ সৰু, পাতল বেৰৰ, গেছ বিনিময়ৰ বাবে ৰক্তজালিকাৰে আৱৰা। নেফ্ৰন কাপ সদৃশ, নলীকা আৰু ৰক্তজালিকাৰে গঠিত। বায়ুকোষে O₂ শোষণ আৰু CO₂ ত্যাগ কৰে। আনহাতে নেফ্ৰনে তেজ চেকি মূত্ৰ উৎপন্ন কৰে। দুয়োটাতে পাতল বেৰ আৰু ৰক্তজালিকা থাকে।
- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
- 2. এছিড, ক্ষাৰক আৰু লৱণ
- 3. ধাতু আৰু অধাতু
- 4. কাৰ্বন আৰু তাৰ যৌগ
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
- 6. জীৱন প্ৰক্ৰিয়া
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয়
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
- 9. বংশগতি আৰু ক্ৰমবিকাশ
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
- 12. বিদ্যুত
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্রিয়া
- 14. শক্তিৰ উৎসসমূহ
- 15. আমাৰ পৰিবেশ
- 16. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা