- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations)
- 2. এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases, and Salts)
- 3. ধাতু আৰু অধাতু (Metals and Non-metals)
- 4. কাৰ্বন আৰু তাৰ যৌগ (Carbon and Its Compounds)
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic Classification of Elements)
- 6. জীৱন প্ৰক্ৰিয়া (Life Processes)
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination)
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? (How Do Organisms Reproduce?)
- 9. বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution)
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light – Reflection and Refraction)
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (The Human Eye and the Colourful World)
- 12. বিদ্যুত (Electricity)
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current)
- 14. শক্তিৰ উৎসসমূহ (Sources of Energy)
- 15. আমাৰ পৰিবেশ (Our Environment)
- 16. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources)
SEBA Class 10 Science Chapter 3 Question Answers – ধাতু আৰু অধাতু (Metals and Non-Metals) | Assamese Medium
Class 10 Science Chapter 3 - Metals and Non-Metals Solutions
তলত Class 10 Science ৰ Chapter 3 Metals and Non-Metals (ধাতু আৰু অধাতু) ৰ Questions Answers সমূহ সুন্দৰকৈ আগবঢ়োৱা হৈছে। Prepare for HSLC 2025 with SEBA Class 10 Science Chapter 3 – Metals and Non-Metals (ধাতু আৰু অধাতু). Our Assamese notes provide clear question answers and explanations based on the latest pattern. Understand reactions, properties, and uses in Chapter 3 Science Metal Non-Metal easily. Revise fast and score better with our trusted Chapter 3 Science Metal Non-Metal guide made for SEBA students.
Chapter 3: ধাতু আৰু অধাতু - প্রশ্নোত্তৰ
Table of Contents
প্রশ্নাৱলী (পৃষ্ঠা ৪০)
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
উত্তৰ: মাৰ্কাৰী (Hg) বা পাৰা সাধাৰণ উষ্ণতাত তৰল।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
উত্তৰ: ছডিয়াম (Na) আৰু পটাছিয়াম (K)।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
উত্তৰ: ৰূপ (Ag) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
উত্তৰ: পাৰা (Hg) তাপৰ কম পৰিবাহী।
উত্তৰ:
ঘাতসহনীয়তা: ধাতুৰ ঘাতসহনীয়তা মানে হ'ল ধাতুক পিটি পাতল পাত তৈয়াৰ কৰিব পৰা গুণ।
উদাহৰণস্বৰূপে: সোণ আৰু ৰূপ আটাইতকৈ ঘাতসহনীয় ধাতু। কাৰণ সোণ আৰু ৰূপক পিটি পাতল পাত তৈয়াৰ কৰিব পাৰি আৰু বিভিন্ন আকৃতি দি আ-অলংকাৰ বনাব পাৰি।
নমনীয়তা: ধাতুৰ নমনীয়তা মানে হ'ল ধাতুৰ পাত দীঘল কৰি তাঁৰ প্ৰস্তুত কৰিব পৰা গুণ।
উদাহৰণস্বৰূপে: সোণ, ৰূপ, এলুমিনিয়াম, কপাৰ আটাইতকৈ নমনীয় ধাতু। এই গুণৰ বাবে ধাতুৰ পৰা তাঁৰ বনাই বিদ্যুৎ পৰিবাহী তাঁৰ তৈয়াৰ কৰা হয়।
প্রশ্নাৱলী (পৃষ্ঠা ৪৬)
উত্তৰ: ছডিয়াম ধাতুৱে অক্সিজেনৰ লগত ইমান প্ৰবলভাৱে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জ্বলি উঠে। এই বিক্ৰিয়াৰ ফলত দূৰ্ঘটনা ঘটিব পাৰে। সেয়েহে দূৰ্ঘটনা ৰোধ কৰিবলৈ ছডিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয়।
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া।
উত্তৰ:
3Fe + 4H₂O (g) → Fe₃O₄ + 4H₂
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া।
উত্তৰ:
কেলছিয়ামৰ বিক্ৰিয়া: Ca + 2H₂O → Ca(OH)₂ + H₂↑
পটাছিয়ামৰ বিক্ৰিয়া: 2K + 2H₂O → 2KOH + H₂↑
আইৰণ (II) ছালফেট | কপাৰ (II) ছালফেট | যিংক ছালফেট | ছিলভাৰ নাইট্ৰেট | |
---|---|---|---|---|
A | বিক্ৰিয়া নহয় | প্ৰতিস্থাপন | প্ৰতিস্থাপন | প্ৰতিস্থাপন |
B | প্ৰতিস্থাপন | প্ৰতিস্থাপন | বিক্ৰিয়া নহয় | প্ৰতিস্থাপন |
C | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | প্ৰতিস্থাপন |
D | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় |
(i) আটাইতকৈ সক্ৰিয় ধাতু কোনটো?
উত্তৰ: আটাইতকৈ সক্ৰিয় ধাতু হ’ল B। কাৰণ B ধাতুৱে আইৰণ (II) ছালফেট আৰু কপাৰ (II) ছালফেটত প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰিছে, অৰ্থাৎ ই আইৰণ আৰু কপাৰতকৈ বেছি সক্ৰিয়।
(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হ’ব?
উত্তৰ: কপাৰ (II) ছালফেটত B ধাতু দিলে প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ’ব। B ধাতুৱে কপাৰক অপসাৰণ কৰি নিজৰ লৱণ গঠন কৰিব।
সমীকৰণ: B + CuSO₄ → BSO₄ + Cu।
(iii) A, B, C, D ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা।
উত্তৰ: সক্ৰিয়তাৰ নিম্নক্ৰম: B > A > C > D।
B আটাইতকৈ সক্ৰিয় কাৰণ ই আইৰণ আৰু কপাৰক অপসাৰণ কৰিছে। দ্বিতীয়তে A সক্ৰিয় কাৰণ ই যিংক আৰু ছিলভাৰক অপসাৰণ কৰিছে। C য়ে কেৱল ছিলভাৰক অপসাৰণ কৰিছে। D য়ে কোনো ধাতুক অপসাৰণ কৰা নাই, সেয়েহে ই আটাইতকৈ কম সক্ৰিয়।
উত্তৰ:
লঘু হাইড্ৰ’ক্ল’ৰিক এচিডত (HCl) এটা সক্ৰিয় ধাতু দিলে হাইড্ৰ’জেন গেছ উৎপন্ন হয়।
আইৰণে লঘু H₂SO₄ৰ লগত বিক্ৰিয়া কৰিলে:
Fe + H₂SO₄ → FeSO₄ + H₂↑
উত্তৰ:
আইৰণ (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে, ই অধিক সক্ৰিয় হোৱাৰ বাবে আইৰণক দ্ৰৱৰ পৰা অপসাৰণ কৰিব। ফলত দ্ৰৱণত আইৰণ জমা হ’ব আৰু দ্ৰৱণৰ ৰং সলনি হ’ব।
বিক্ৰিয়া: Zn + FeSO₄ → ZnSO₄ + Fe
প্রশ্নাৱলী (পৃষ্ঠা ৪৯)
(i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা।
উত্তৰ:
ছডিয়াম (Na): •Na
অক্সিজেন (O): :O:
মেগনেছিয়াম (Mg): •Mg•
(ii) ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na₂O আৰু MgOৰ গঠন লিখা।
উত্তৰ:
Na₂O ৰ গঠন:
ছডিয়াম (Na)য়ে ইয়াৰ বহিঃকক্ষৰ ১টা ইলেক্ট্ৰন অক্সিজেন (O) লৈ স্থানান্তৰ কৰে। যিহেতু অক্সিজেনৰ বহিঃকক্ষটো পূৰ্ণ হ'বলৈ ২টা ইলেক্ট্ৰনৰ প্ৰয়োজন, সেয়েহে ই ২টা ছডিয়ামৰ পৰা দুটা ইলেক্ট্ৰন লয়। ইয়াৰ ফলত Na⁺ (ধনাত্মক আয়ন) আৰু O²⁻ (ঋণাত্মক আয়ন) গঠন হয়। শেষত Na⁺ আৰু O²⁻ ৰ মাজত স্থিৰ বৈদ্যুতিক আকৰ্ষণৰ ফলত Na₂O গঠিত হয়।
ৰাসায়নিক বিক্ৰিয়া:
2Na + ½O₂ → Na₂O
বা 4Na + O₂ → 2Na₂O
MgO ৰ গঠন:
মেগনেছিয়াম (Mg)য়ে ইয়াৰ বহিঃকক্ষত থকা ২টা ইলেক্ট্ৰন অক্সিজেন (O) লৈ স্থানান্তৰ কৰে। অক্সিজেনে এই ২টা ইলেক্ট্ৰন গ্ৰহণ কৰি O²⁻ আয়ন আৰু মেগনেছিয়ামে Mg²⁺ ধনাত্মক আয়ন গঠন কৰে। Mg²⁺ আৰু O²⁻ ৰ মাজত আয়নীয় বান্ধনিৰ দ্বাৰা MgO উৎপন্ন হয়।
ৰাসায়নিক বিক্ৰিয়া:
Mg + ½O₂ → MgO
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?
উত্তৰ:
Na₂O ত থকা আয়ন: Na⁺ আৰু O²⁻
MgO ত থকা আয়ন: Mg²⁺ আৰু O²⁻
উত্তৰ: আয়নীয় যৌগৰ গলনাংক বেছি কাৰণ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত থকা বিদ্যুৎস্থিতীয় আকৰ্ষণীয় বল অতি শক্তিশালী। এই বান্ধনি ভাঙিবলৈ যথেষ্ট তাপৰ প্ৰয়োজন হয়, সেয়েহে আয়নীয় যৌগৰ গলনাংক বেছি।
প্রশ্নাৱলী (পৃষ্ঠা ৫৩)
(i) মণিক (mineral)
উত্তৰ: পৃথিৱীৰ খোলাত মৌল বা যৌগ অৱস্থাত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বোলে।
(ii) আকৰ (ore)
উত্তৰ: যিবোৰ খনিজ পদাৰ্থৰ পৰা ধাতুবোৰ লাভজনকভাৱে আৰু কম খৰচত আহৰণ কৰিব পাৰি, তেনেবোৰ খনিজ পদাৰ্থক আকৰ বোলা হয়।
(iii) খনিজ মল (gangue)
উত্তৰ: আকৰ এটা খনিৰ পৰা নিষ্কাশন কৰোঁতে ই মাটি, শিল, বোকা আদি অশুদ্ধিৰ লগত মিহলি হৈ থাকে। এই অশুদ্ধিবোৰকে খনিজ মল বোলা হয়।
উত্তৰ: প্রকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতু হ’ল সোণ (Au) আৰু ৰূপ (Ag)।
উত্তৰ: অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।
উদাহৰণস্বৰূপে: কাৰ্বনৰ সহায়ত যিংক অক্সাইডৰ পৰা যিংক উৎপন্ন কৰা হয়:
ZnO + C → Zn + CO
প্রশ্নাৱলী (পৃষ্ঠা ৫৫)
যিংক | মেগনেছিয়াম | কপাৰ | |
---|---|---|---|
যিংক অক্সাইড | - | - | - |
মেগনেছিয়াম অক্সাইড | - | - | - |
কপাৰ অক্সাইড | - | - | - |
কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব?
উত্তৰ:
যিংক অক্সাইডৰ লগত মেগনেছিয়ামে বিক্ৰিয়া কৰিব কাৰণ মেগনেছিয়াম যিংকতকৈ বেছি সক্ৰিয়।
কপাৰ অক্সাইডৰ লগত যিংক আৰু মেগনেছিয়ামে বিক্ৰিয়া কৰিব কাৰণ যিংক আৰু মেগনেছিয়াম দুয়ো কপাৰতকৈ বেছি সক্ৰিয়।
সেয়েহে তলত দিয়া ধৰণে প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব:
- যিংক অক্সাইড + মেগনেছিয়াম
- কপাৰ অক্সাইড + যিংক
- কপাৰ অক্সাইড + মেগনেছিয়াম
উত্তৰ: সোণ (Au) আৰু ৰূপ (Ag) সহজে ক্ষয় নহয় কাৰণ এইবোৰ কম সক্ৰিয় ধাতু।
উত্তৰ: সংকৰ ধাতু হ’ল দুটা বা ততোধিক ধাতু বা ধাতু আৰু অধাতুৰ মিশ্ৰণ। প্ৰদান উপাদানটো হ'ল ধাতু। সংকৰ ধাতুৰ সাধাৰণতে অধিক শক্তিশালী, কঠিন, মামৰ প্ৰতিৰোধী গুণযুক্ত।
উদাহৰণস্বৰূপে:
- ষ্টিল হ’ল আইৰণ, কাৰ্বন, ক্ৰ'মিয়াম আৰু নিকেলৰ সংকৰ ধাতু।
- ব্ৰ'ঞ্জ হৈছে তাম আৰু টিনৰ সংকৰ ধাতু।
- পিতল হৈছে তাম আৰু যিংকৰ সংকৰ ধাতু।
অনুশীলনী
(a) NaCl দ্ৰৱ আৰু কপাৰ ধাতু।
উত্তৰ: বিক্ৰিয়া নঘটিব কাৰণ কপাৰ ছডিয়ামতকৈ কম সক্ৰিয়।
(b) MgCl₂ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
উত্তৰ: প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব কাৰণ এলুমিনিয়াম মেগনেছিয়ামতকৈ বেছি সক্ৰিয়।
(c) FeSO₄ দ্ৰৱ আৰু ছিলভাৰ ধাতু।
উত্তৰ: বিক্ৰিয়া নঘটিব কাৰণ ছিলভাৰ আইৰণতকৈ কম সক্ৰিয়।
(d) AgNO₃ দ্ৰৱ আৰু কপাৰ ধাতু।
উত্তৰ: প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব কাৰণ কপাৰ ছিলভাৰতকৈ বেছি সক্ৰিয়।
(a) গ্রীজ ব্যৱহাৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো
উত্তৰ: (d) ওপৰৰ সকলো।
গ্রীজ, ৰং আৰু যিংকৰ প্ৰলেপে লোহাক বায়ু আৰু পানীৰ সংস্পৰ্শৰ পৰা ৰক্ষা কৰি মামৰে ধৰাৰ পৰা বচায় ৰাখে।
(a) কেলছিয়াম
(b) কাৰ্বন
(c) ছিলিকন
(d) আইৰণ
উত্তৰ: (a) কেলছিয়াম।
কেলছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম অক্সাইড গঠন কৰে, যি পানীত দ্ৰৱীভূত হৈ কেলছিয়াম হাইড্ৰ’ক্সাইড গঠন কৰে আৰু ইয়াৰ গলনাংক বেছি।
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্ৰিয়।
(d) যিংক টিনতকৈ কম সক্ৰিয়।
উত্তৰ: (c) যিংক টিনতকৈ অধিক সক্ৰিয়।
যিংক টিনতকৈ বেছি সক্ৰিয় হোৱাৰ বাবে খাদ্যৰ সৈতে বিক্ৰিয়া কৰিব পাৰে, সেয়েহে খাদ্যবস্তুৰ পাত্ৰত টিনৰ প্ৰলেপ দিয়া হয়।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?
উত্তৰ:
হাতুৰীৰে পৰীক্ষা:
- ধাতুক হাতুৰীৰে পিটিলে শব্দ কৰে আৰু ই পাতল হৈ পৰে। ধাতুবোৰ ভাঙি নাযায়।
- অধাতুক হাতুৰীৰে পিটিলে ভাঙি যায় আৰু শব্দ নকৰে।
বেটাৰী, তাঁৰ আৰু ছুইচৰে পৰীক্ষা:
- বেটাৰী, তাঁৰ আৰু ছুইচ লগ লাগি এটা বৰ্তনী (circuit) তৈয়াৰ কৰি পদাৰ্থটোৰ মাজেৰে বিদ্যুৎ পঠোৱা হ’ল:
- ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়।
- অধাতুৰ মাজেৰে সাধাৰণতে বিদ্যুৎ পৰিবাহিত নহয়।
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।
উত্তৰ:
হাতুৰীৰ পৰীক্ষাৰ সুবিধা:
- ধাতুৰ ঘাত সহনীয়তা (malleability) আৰু শব্দ উৎপন্ন কৰা গুণ সহজে চিনাক্ত কৰিব পাৰি।
হাতুৰীৰ পৰীক্ষাৰ অসুবিধা:
- কিছুমান কোমল ধাতু (যেনে: ছ’ডিয়াম আৰু পটাছিয়াম) ভাঙিব পাৰি বা পিটিলে শব্দ নকৰে।
বিদ্যুৎ পৰিবাহিতাৰ পৰীক্ষাৰ সুবিধা:
- বেছিভাগ ধাতু বিদ্যুতৰ সুপৰিবাহী, গতিকে এই পৰীক্ষা সহজ আৰু ফলপ্ৰসূ।
বিদ্যুৎ পৰিবাহিতাৰ পৰীক্ষাৰ অসুবিধা:
- কিছুমান অধাতুৱেও (যেনে-গ্ৰেফাইট) বিদ্যুৎ পৰিবাহিত কৰে, গতিকে চিনাক্তকৰণত অসুবিধাৰ সৃষ্টি হ'ব পাৰে।
উত্তৰ:
যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰক উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকে উভয়ধৰ্মী অক্সাইড বোলে।
দুটা উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ:
- Al₂O₃ (এলুমিনিয়াম অক্সাইড)
- ZnO (যিংক অক্সাইড)
উত্তৰ:
লঘু এচিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰা দুটা ধাতু হ'ল: মেগনেছিয়াম (Mg) আৰু যিংক (Zn)।
হাইড্ৰ’জেন অপসাৰণ নকৰা দুটা ধাতু হ'ল: সোণ (Au), ৰূপ (Ag)।
উত্তৰ:
এন’ড: অশুদ্ধ M ধাতুৰ পাত।
কেথ’ড: বিশুদ্ধ M ধাতুৰ পাত।
বিদ্যুৎবিশ্লেষ্য: M ধাতুৰ লৱণৰ দ্ৰৱ (যেনে, M ধাতুৰ ছালফেট বা ক্ল’ৰাইডৰ দ্ৰৱ)।
(a) (i) শুকান লিটমাচ কাগজৰ লগত (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ’ব?
উত্তৰ:
ছালফাৰ উত্তপ্ত কৰিলে ছালফাৰ ডাইঅক্সাইড (SO₂) গেছ উৎপন্ন হয়।
(i) শুকান লিটমাছ কাগজৰ লগত SO₂ গেছৰ কোনো বিক্ৰিয়া সংঘটিত নহয়।
(ii) সিক্ত লিটমাছ কাগজৰ লগত SO₂ গেছে আম্লিক প্ৰকৃতি দেখুৱাব। ফলত নীলা লিটমাছ কাগজ ৰঙা হৈ পৰিব।
(b) ইয়াত বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
উত্তৰ:
S + O₂ → SO₂
উত্তৰ:
- লোহাৰ ওপৰত ৰং, তেল, গ্ৰীছ আদি সানি বায়ু আৰু পানীৰ সংস্পৰ্শ ৰোধ কৰি মামৰে ধৰা বন্ধ কৰিব পাৰি।
- লোহাৰ ওপৰত যিংকৰ প্ৰলেপ দি (গেলভানাইজেচন) লোহাক বায়ু আৰু পানীৰ পৰা ৰক্ষা কৰি মামৰে ধৰা ৰোধ কৰিব পাৰি।
উত্তৰ: অধাতুবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে।
উদাহৰণস্বৰূপে: CO₂, SO₂, N₂O
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
উত্তৰ: প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ কম সক্ৰিয় ধাতু হোৱাৰ বাবে এইবোৰ সহজে ক্ষয় নহয় আৰু বায়ু বা পানীৰ লগত বিক্ৰিয়া নকৰে। লগতে এইবোৰ ঘাতসহনীয় ধাতু। সেয়েহে এই ধাতুবোৰ গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
উত্তৰ: ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম অতি সক্ৰিয় ধাতু। এইবোৰে বায়ুৰ অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰি জ্বলি উঠে। সেয়েহে দূৰ্ঘটনা ৰোধ কৰিবলৈ এই ধাতবোৰক তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
উত্তৰ: এলুমিনিয়াম সক্ৰিয় ধাতু হ’লেও ইয়াৰ পৃষ্ঠত বায়ুৰ সংস্পৰ্শত অক্সাইডৰ তৰপ পৰে। এই তৰপে এলুমিনিয়ামক ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে। সেয়েহে বৰ্তন তৈয়াৰত এলুমিনিয়াম ব্যৱহাৰ কৰা হয়।
(d) ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
উত্তৰ: সাধাৰণতে ধাতৱ অক্সাইডৰ পৰা ধাতু এটা সহজে নিষ্কাশন কৰিব পাৰি। সেয়েহে কাৰ্বনেট আৰু ছালফাইড আকৰক তাপজাৰণ বা দগ্ধীকৰণৰ জৰিয়তে অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
উত্তৰ: হয়, চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলীৰে পৰিষ্কাৰ কৰা দেখিছোঁ। কপাৰৰ পাত্ৰত বায়ুৰ সংস্পৰ্শত ক’লা কপাৰ অক্সাইডৰ তৰপ পৰে। নেমু বা তেতেলীত থকা আম্লিক পদাৰ্থ যেনে চাইট্ৰিক এচিড বা টাৰ্টাৰিক এচিডে এই অক্সাইডৰ লগত বিক্ৰিয়া কৰি তাত লাগি থকা তৰপ আঁতৰায় আৰু কপাৰৰ পাত্ৰ পৰিষ্কাৰ কৰে।
উত্তৰ:
অক্সিজেনৰ লগত বিক্ৰিয়া:
- ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ক্ষাৰকীয় অক্সাইড গঠন কৰে (যেনে, Na₂O)।
- অধাতুৱে আম্লিক অক্সাইড গঠন কৰে (যেনে, CO₂)।
পানীৰ লগত বিক্ৰিয়া:
- ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে (যেনে, Na + H₂O → NaOH + H₂)।
- অধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে।
এচিডৰ লগত বিক্ৰিয়া:
- ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে (যেনে, Mg + HCl → MgCl₂ + H₂)।
- অধাতুৱে এচিডৰ লগত বিক্ৰিয়া নকৰে।
উত্তৰ: মানুহজনে একুৱা ৰেজিয়া (Aqua Regia) নামৰ দ্ৰাৱকবিধ ব্যৱহাৰ কৰিছিল। একুৱা ৰেজিয়া হ’ল 3:1 অনুপাতত প্ৰস্তুত কৰা নাইট্ৰিক এচিড আৰু হাইড্ৰ’ক্ল’ৰিক এচিডৰ মিশ্ৰণ। একুৱা ৰেজিয়া দ্ৰাৱকত সোণ দ্ৰৱীভূত হয়। যিহেতু খাৰুযোৰ সোণৰ আছিল, সেয়েহে এই দ্ৰাৱকত ডুবোৱাৰ ফলত সোণৰ কিছু অংশ গলি গৈছিল, যাৰ ফলত খাৰুযোৰ উজ্জ্বল হৈ পৰিছিল কিন্তু ওজন কমি গৈছিল।
উত্তৰ: কপাৰে গৰম পানীৰ লগত বিক্ৰিয়া নকৰে, সেয়েহে ই গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ উপযুক্ত। কিন্তু ষ্টিলে (আইৰণৰ সংকৰ ধাতু) গৰম পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে (Fe + H₂O → Fe₃O₄ + H₂)। সেয়েহে ষ্টিল ব্যৱহাৰ কৰা নহয়।

Mukut
B.Sc. | Content Writer | 10+ Years Teaching Experience
Specializing in Science and English curriculum for classes 6–12.
Founder of Hiddemy, an educational initiative of Hidden Gem Institute focused on
creating accessible learning resources.
- 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
- 2. এছিড, ক্ষাৰক আৰু লৱণ
- 3. ধাতু আৰু অধাতু
- 4. কাৰ্বন আৰু তাৰ যৌগ
- 5. মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
- 6. জীৱন প্ৰক্ৰিয়া
- 7. নিয়ন্ত্ৰণ আৰু সমন্বয়
- 8. জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
- 9. বংশগতি আৰু ক্ৰমবিকাশ
- 10. পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
- 11. মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
- 12. বিদ্যুত
- 13. বিদ্যুত - প্ৰবাহৰ চুম্বকীয় ক্রিয়া
- 14. শক্তিৰ উৎসসমূহ
- 15. আমাৰ পৰিবেশ
- 16. প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা