SEBA Class 10 Science Chapter 8 – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organisms Reproduce) Questions Answers | Assamese Medium

SEBA Class 10 Science Chapter 8 Question Answers – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organisms Reproduce) | Assamese Medium

Class 10 Science Chapter 8 - জীৱই কেনেকৈ বংশবিস্তাৰ কৰে Best Solutions

তলত Class 10 Science ৰ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organisms Reproduce) ৰ Questions Answers সমূহ সুন্দৰকৈ আগবঢ়োৱা হৈছে। Prepare for HSLC exam with SEBA Class 10 Science Chapter 8 – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে। Our Assamese notes provide clear question answers and explanations based on the latest SEBA pattern। Understand the concepts of asexual reproduction, sexual reproduction, fertilization, and life cycles easily. Revise fast and score better with our trusted Chapter 8 Science জীৱই কেনেকৈ বংশবিস্তাৰ কৰে guide made specifically for SEBA students।

Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে প্ৰশ্নোত্তৰ

প্রশ্নাৱলী (পৃষ্ঠা ১২৮)

১. প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি?

উত্তৰ: প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ গুৰুত্ব অপৰিসীম। তলত DNA প্ৰতিলিপিৰ আৱশ্যকতা উল্লেখ কৰা হৈছে:

  • ই জীৱৰ শৰীৰৰ মৌলিক গঠন আৰু বৈশিষ্ট্যৰ ধাৰাবাহিকতা ৰক্ষা কৰে।
  • পিতৃ-মাতৃৰ বৈশিষ্ট্য আৰু গুণাগুণ সন্তানলৈ হস্তান্তৰ কৰে।
  • DNA প্ৰতিলিপিৰ জৰিয়তে ভিন্নতাৰ সৃষ্টি হয়, যিয়ে প্ৰজাতিৰ বিৱৰ্তনৰ লগতে নতুন পৰিৱেশত জীয়াই থাকিবলৈ সক্ষম কৰি তোলে।
২. প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?

উত্তৰ: ভিন্নতা প্ৰজাতিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কাৰণ:

  • ই পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাই জীয়াই থকাত সহায় কৰে।
  • কিছুমান জীৱৰ মাজত ভিন্নতা থকাৰ বাবে প্ৰতিকূল পৰিস্থিতিতো প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰাত সহায়ক হয়।

একক জীৱৰ কাৰণে ভিন্নতা গুৰুত্বপূৰ্ণ নহয়। কাৰণ:

  • প্ৰতিটো জীৱই এক নিৰ্দিষ্ট জিনীয় বৈশিষ্ট্য লৈ জন্মগ্ৰহণ কৰে, যাৰ ওপৰত তাৰ জীয়াই থকাৰ আৰু প্ৰজনন সফলতা নিৰ্ভৰ কৰে।
  • পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ একক জীৱই নিজৰ জিনীয় গঠন সলনি কৰিব নোৱাৰে গতিকে একক জীৱৰ কৰণে ভিন্নতাৰ কোনো প্ৰয়োজন নাই।

প্রশ্নাৱলী (পৃষ্ঠা ১৩৩)

১. দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদ কি কি?

উত্তৰ:

দ্বি-খণ্ডন (Binary Fission)বহু বিভাজন (Multiple Fission)
এটা জীৱৰ পৰা দুটা অপত্য জীৱৰ সৃষ্টি হয়।এটা জীৱৰ পৰা একেলগে বহুতো অপত্য জীৱৰ সৃষ্টি হয়।
কোষৰ চাৰিওফালে কঠিন আৱৰণ গঠন নহয়।কোষৰ চাৰিওফালে কঠিন আৱৰণ গঠন হয়।
অনুকূল পৰিস্থিতিত বিভাজন সংঘটিত হয়। উদাহৰণ: এমিবা, পেৰামিচিয়াম।প্ৰতিকূল পৰিস্থিতিতো বিভজন হ’ব পাৰে। উদাহৰণ: মেলেৰিয়াৰ পৰজীৱী।
২. যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভৱান হ’ব?

উত্তৰ: ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰা জীৱৰ সুবিধা:

  • ৰেণুৰ চাৰিওফালে থকা কঠিন আৱৰণে প্ৰতিকূল পৰিস্থিতিত তাক সুৰক্ষা প্ৰদান কৰে।
  • অনুকূল পৰিস্থিতিত ৰেণুৰ পৰা নতুন জীৱৰ সৃষ্টি হয়।
  • ৰেণুবোৰ অতি ক্ষুদ্ৰ হোৱাৰ বাবে ই বতাহৰ দ্বাৰা দূৰ-দূৰনিলৈ বিয়পি পৰে, যাৰ ফলত ভিন্নতা, জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু বিস্তাৰ লাভ কৰে।
৩. উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শাব পাৰিবানে?

উত্তৰ: উচ্চ খাপৰ জীৱই পুনৰজীৱনৰ দ্বাৰা নতুন জীৱ সৃষ্টি কৰিব নোৱাৰে কাৰণ:

  • উচ্চ খাপৰ জীৱৰ দেহৰ গঠন অতি জটিল, যি বিশেষ ধৰণৰ কোষ, কলা, অংগ আৰু অংগতন্ত্ৰৰে গঠিত।
  • এই জীৱৰ পৰা কাটি লোৱা অংশৰ কোষবোৰে সম্পূৰ্ণ জীৱৰ অংগ যেনে হৃদপিণ্ড, মগজু আৰু অন্যান্য অংগ আদি গঠন কৰিব নোৱাৰে। কাৰণ প্ৰতিটো অংগ নিৰ্দিষ্ট স্থানত সংগঠিত হৈ থাকে যাৰ ফলত পুনৰজীৱন সম্ভৱ নহয়।
৪. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়?

উত্তৰ: বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে আংগিক বিস্তাৰণ প্ৰয়োগ কৰাৰ কাৰণ:

  • কিছুমান উদ্ভিদে (যেনে কল, কমলা, গোলাপ) বীজ উৎপন্ন নকৰে বা উৎপন্ন কৰা বীজ অংকুৰণৰ বাবে কাৰ্যক্ষম নহয়।
  • এই পদ্ধতিৰে উৎপন্ন উদ্ভিদ পৈতৃক পুৰুষৰ সৈতে জিনীয়ভাৱে একে হয়।
  • ফল-ফুল আগতীয়াকৈ ধৰে আৰু গুণগত মান বজাই ৰাখে।
৫. প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে DNA প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন?

উত্তৰ: DNA প্ৰতিলিপিকৰণ প্ৰজননৰ বাবে অতি প্ৰয়োজন কাৰণ:

  • ই পিতৃ-মাতৃৰ বৈশিষ্ট্য অপত্যলৈ জনুলৈ হস্তান্তৰ কৰে।
  • DNA ত জীৱৰ মৌলিক গঠন আৰু কাৰ্যৰ সকলো তথ্য মজুত থাকে, যি নতুন জীৱৰ বাবে প্ৰয়োজনীয়।
  • ই ভিন্নতাৰ সৃষ্টি কৰে, যিয়ে প্ৰজাতি এটা জীয়াই থকাৰ সক্ষমতা বৃদ্ধি কৰে আৰু বিৱৰ্তনত সহায় কৰে।

প্রশ্নাৱলী (পৃষ্ঠা ১৪০)

১. নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ?

উত্তৰ:

পৰাগযোগ (Pollination)নিষেচন (Fertilization)
পুংকেশৰৰ পৰাগৰেণু স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰ হোৱা প্ৰক্ৰিয়া।পুং জননকোষ (শুক্রাণু) আৰু স্ত্ৰী জননকোষ (ডিম্বকোষ)ৰ মিলন হোৱা প্ৰক্ৰিয়া।
ই ফুলৰ বাহ্যিক অংশত (গৰ্ভমুণ্ডত) ঘটে।ই গৰ্ভাশয়ৰ ভিতৰত (ডিম্বকত) ঘটে।
ই দুই প্ৰকাৰৰ: স্ব-পৰাগযোগ, ইতৰ-পৰাগযোগ।নিষেচনৰ প্ৰকাৰ: প্ৰাকৃতিক নিষেচন, কৃত্ৰিম নিষেচন (যেনে: লেবৰেটৰীত)।
ইয়াৰ বাহক: বতাহ, পোক-পৰুৱা, পানী, মানুহ।ইয়াৰ বাহক: পৰাগ নলীৰ (Pollen tube) দ্বাৰা শুক্রাণু ডিম্বকোষত প্ৰৱেশ কৰে।
পৰাগৰেণুৰ পৰা শুক্রাণু সৃষ্টি হয় আৰু নিষেচনৰ বাট মুকলি হয়।নিষেচনত যোজন কোষ (Zygote) সৃষ্টি হয়, যি পিছলৈ বীজলৈ ৰূপান্তৰিত হয়।
২. শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?

উত্তৰ:

  • শুক্ৰাশয়ৰ ভূমিকা:
    • ই শুক্ৰাণু উৎপাদন কৰে। যি পুৰুষৰ প্ৰজননত মুখ্য ভূমিকা পালন কৰে।
    • ই টেষ্ট’ষ্টেৰণ হৰম’ন নিঃসৰণ কৰে, যিয়ে পুং জনন অংগৰ বিকাশ আৰু দৈহিক পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰে।
  • প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা:
    • শুক্ৰাণুৰ সৈতে মিলি বীৰ্যৰ তৰল অংশ (৩০%) সৃষ্টি কৰে।
    • ই শুক্ৰাণুক পুষ্টিৰ (ফ্ৰুক্ট’জ, কেলচিয়াম) যোগান ধৰে আৰু গতিশীল কৰি তোলে।
    • ই ক্ষাৰকীয় তৰল নিঃসৰণ কৰি যোনীৰ এচিডৰ পৰা শুক্ৰাণুক সুৰক্ষা দিয়ে।
৩. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায়?

উত্তৰ: কৈশোৰকালত ছোৱালীৰ শৰীৰ আৰু মনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা হয়। ইয়াক বয়ঃসন্ধি (Puberty) বুলিও কোৱা হয়। এই সময়ত ছোৱালীৰ দেহত নিম্নলিখিত পৰিৱৰ্তনসমূহ দেখা যায়:

  • কাষলতি আৰু যৌনাংগৰ চাৰিওফালে লোম গজে।
  • স্তনৰ আকাৰ বৃদ্ধি পায়।
  • নিতম্ব প্ৰশস্ত হয় আৰু শৰীৰত চৰ্বি জমা হয়।
  • ডিম্ববাহী নলী, গৰ্ভাশয় আৰু যোনিৰ আকাৰ বৃদ্ধি পায়।
  • ডিম্বাশয়ৰ পৰা ডিম্ব নিৰ্গমন আৰম্ভ হয়।
  • ঋতুস্ৰাৱ (মাহেকীয়া) আৰম্ভ হয়। সাধাৰণতে ১১-১৫ বছৰ বয়সত প্ৰথম ঋতুস্ৰাৱ (Periods) আৰম্ভ হয়।
  • যৌন ইচ্ছা জাগে আৰু আৱেগ-অনুভূতিৰ বিকাশ ঘটে।

গুৰুত্বপূৰ্ণ তথ্য (Key Facts):

  • এই পৰিৱৰ্তনবোৰ ইষ্ট্ৰ'জেন (Estrogen) আৰু প্ৰ'জেষ্টেৰণ (Progesterone) হৰম’নৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
  • প্ৰত্যেক ছোৱালীৰ বাবে এই পৰিৱৰ্তনৰ সময় আৰু গতি বেলেগ বেলেগ হ’ব পাৰে।

সাৰাংশ (Summary Table):

পৰিৱৰ্তনৰ ধৰণবিৱৰণ
স্তনৰ বিকাশ৮-১৩ বছৰত আৰম্ভ হয় আৰু আকাৰ বৃদ্ধি হয়
যৌনাংগৰ লোমকাষলটি আৰু যৌনাংগত লোম গজে
শৰীৰৰ গঠননিতম্ব প্ৰশস্ত হয় আৰু কঁকালৰ আকাৰ স্পষ্ট হয়
ঋতুস্ৰাৱ (Menarche)১১-১৫ বছৰত প্ৰথম আৰম্ভ হয়
মানসিক পৰিৱৰ্তনমনৰ পৰিৱৰ্তন, যৌন সচেতনতা বৃদ্ধি ঘটে
৪. মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে?

উত্তৰ: ভ্ৰূণকোষে মাতৃদেহত প্লেচেন্টা (Placenta) নামৰ এক বিশেষ অংগৰ জৰিয়তে পুষ্টি, অক্সিজেন আৰু অন্যান্য গুৰুত্বপূৰ্ণ পদাৰ্থ লাভ কৰে।

  • প্লেচেন্টাত ভিলাই নামৰ কিছুমান সৰু সৰু অংশ থাকে, যিয়ে মাতৃৰ তেজৰ পৰা গ্লুক’জ, অক্সিজেন আৰু অন্যান্য পুষ্টিকৰ পদাৰ্থ ভ্ৰূণলৈ কঢ়িয়াই নিয়ে।
  • আকৌ ইয়াৰ জৰিয়তেই ভ্ৰূণত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থবোৰ (যেনে-কাৰ্বন-ডাই-অক্সাইড আৰু অন্যান্য বৰ্জিত দ্ৰব্য) মাতৃৰ তেজলৈ পঠিয়াই দিয়ে। যাক মাতৃৰ বৃক্ক আৰু হাঁওফাঁওৰ দ্বাৰা নিষ্কাশন কৰা হয়।

মাতৃৰ ৰক্ত → প্লেচেন্টা (ভিলাই) → আম্বিলিকেল কৰ্ড → ভ্ৰূণ
ভ্ৰূণৰ বৰ্জিত পদাৰ্থ → প্লেচেন্টা → মাতৃৰ ৰক্ত → নিষ্কাশন

৫. যদি মহিলা এগৰাকীয়ে কপাৰ-টি ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ’বনে?

উত্তৰ: নহ'ব, কপাৰ-টিয়ে যৌন সংক্ৰমণ ৰোগ (STD) প্ৰতিৰোধ নকৰে।

  • কপাৰ-টি হৈছে এটা গৰ্ভনিৰোধক সঁজুলি, যিয়ে শুক্ৰাণু আৰু ডিম্বাণু নিষেচন হোৱা প্ৰক্ৰিয়াক ৰোধ কৰে।
  • যৌন সংক্ৰমণ ৰোধৰ বাবে কণ্ডম ব্যৱহাৰ কৰা প্ৰয়োজন।

অনুশীলনী

১. অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়–

উত্তৰ: (খ) ইষ্টত

২. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?

উত্তৰ: (গ) শুক্ৰবাহী নলী

৩. পৰাগধানীত পোৱা হয়–

উত্তৰ: (ঘ) পৰাগ ৰেণু

৪. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?

উত্তৰ: যৌন প্ৰজননৰ সুবিধা:

  • যৌন প্ৰজননত দুয়ো পিতৃ-মাতৃৰ জিনৰ সংমিশ্ৰণৰ ফলত অপত্যৰ মাজত ভিন্নতাৰ সৃষ্টি হয়।
  • ভিন্নতাই প্ৰজাতিক পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাই জীয়াই থকাত সহায় কৰে।
  • ই বিৱৰ্তনত সহায় কৰে, যাৰ ফলত নতুন প্ৰজাতি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।
  • অযৌন প্ৰজননত অপত্য জীৱবোৰ পিতৃৰ সৈতে একে হয়, কিন্তু যৌন প্ৰজননত জিনীয় বৈচিত্ৰ্যতাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

এইবোৰ কাৰণতে যৌন প্ৰজনন অযৌন প্ৰজননতকৈ বেছি সুবিধাজনক।

(সাৰাংশ:
1. জিনীয় বৈচিত্ৰ্যতা
2. পৰিৱেশৰ লগত খাপ খোৱা
3. বিৱৰ্তনত সহায়
4. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি)

৫. মানুহৰ শুক্ৰাশয় কেইটাই কি কি কাম কৰে?

উত্তৰ: শুক্ৰাশয়ৰ কাৰ্য:

ই শুক্ৰাণু উৎপাদন কৰে। যি পুৰুষৰ প্ৰজননত মুখ্য ভূমিকা পালন কৰে।

  • ই টেষ্ট’ষ্টেৰণ হৰম’ন নিঃসৰণ কৰে। যিয়ে তলত দিয়া কামবোৰ নিয়ন্ত্ৰণ কৰে -
  • ° ই পুং জনন অংগৰ বিকাশ আৰু কাৰ্য নিয়ন্ত্ৰণ কৰে।
  • ° যৌৱনকালত হোৱা শাৰীৰিক পৰিৱৰ্তন যেনে:
    • দাড়ি-গোঁফ গজা
    • কণ্ঠস্বৰ গভীৰ হোৱা
    • মাংসপেশীৰ বৃদ্ধি
    • শৰীৰৰ গঠনৰ পৰিৱৰ্তন আদি নিয়ন্ত্ৰণ কৰে।
৬. ঋতুস্ৰাৱ কিয় হয়?

উত্তৰ: ঋতুস্ৰাৱ হৈছে মহিলাৰ শৰীৰৰ এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। ইয়াৰ মূল কাৰণ হ'ল—

প্ৰতি মাহে গৰ্ভাশয়ে গৰ্ভধাৰণৰ বাবে এখন ডাঠ আৱৰণী বা আচ্ছাদন গঠন কৰে।
যদি ডিম্বাণু আৰু শুক্ৰাণু নিষেচিত নহয় (গৰ্ভধাৰণ নহয়), এই আৱৰণীৰ কোনো আৱশ্যকতা নাথাকে অৰ্থাৎ আচ্ছাদনখন ভাঙি যায়।
তেতিয়া গৰ্ভাশয়ে এই আচ্ছাদনখন তেজৰ সৈতে যোনিৰে বাহিৰ কৰা প্ৰক্ৰিয়াকেই ঋতুস্ৰাৱ বুলি কোৱা হয়।
এই প্ৰক্ৰিয়া সাধাৰণতে প্ৰতি ২৮ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়।

৭. দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।

উত্তৰ:

Longitudinal section of an Apah flower with labeled parts including stamen (anther, pollen grains, filament), pistil (stigma, style, ovary, ovule), petals, and sepals for SEBA Class 10 Science Chapter 8 – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organisms Reproduce) Questions Answers

তলৰ অংশবোৰ চিহ্নিত কৰা হৈছে:

  • পুংকেশৰ (Stamen): পৰাগধানী (Anther), পৰাগ ৰেণু (Pollen grains), পুংদণ্ড।
  • স্ত্ৰীকেশৰ (Pistil): গৰ্ভমুণ্ড (Stigma), গৰ্ভদণ্ড (Style), গৰ্ভাশয় (Ovary), ডিম্বক (Ovule)।
  • পাহি (Petals), বেটুপাত (Sepals)।
৮. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি?

উত্তৰ: গৰ্ভনিৰোধ পদ্ধতিৰ জৰিয়তে গৰ্ভধাৰণ নিয়ন্ত্রণ কৰা হয়। এই পদ্ধতিসমূহ হ’ল:

কাৰিকৰি প্ৰতিবন্ধক: এই পদ্ধতিত শুক্ৰাণুবোৰ ডিম্বাণুৰ লগত মিলন নোহোৱাকৈ আবদ্ধ কৰি ৰাখিব পাৰি।
উদাহৰণস্বৰূপে:-
কনডম: পুৰুষৰ পুংজনন অংগত ব্যৱহাৰ কৰা হয়। ই গৰ্ভধাৰণ আৰু যৌন ৰোগ (যেনে- HIV, গনোৰিয়া) প্ৰতিৰোধ কৰে।
মহিলাৰ ক্ষেত্ৰত ডায়াফ্রাম: যোনিপথত স্থাপন কৰি শুক্রাণুৰ প্ৰৱেশ ৰোধ কৰা হয়।

ৰাসায়নিক পদ্ধতি: এই পদ্ধতিত হ'ৰমনৰ পৰিমান নিয়ন্ত্ৰণ কৰি ডিম্বক্ষৰণ বন্ধ কৰা হয়। এই পদ্ধতিত গ্ৰহণ কৰা ব্যৱস্থা
গৰ্ভনিৰোধক বড়ি বা পিল: এইবোৰে হৰমোন নিয়ন্ত্রণ কৰি ডিম্বক্ষৰণ বন্ধ কৰে। ইয়াৰ কিছু পাৰ্শ্বক্ৰিয়া থাকিব পাৰে।

কপাৰ-টি: এই পদ্ধতিত, কপাৰ-টি গৰ্ভাশয়ত স্থাপন কৰি শুক্রাণুৰ কাৰ্যক্ষমতা বন্ধ কৰা হয়। ই কাৰ্যকৰী যদিও কেতিয়াবা পাৰ্শ্বক্ৰিয়া হ'ব পাৰে।

বন্ধ্যাকৰণ:
পুৰুষৰ বন্ধ্যাকৰণ (ভেছেকটমি): এই পদ্ধতিত পুৰুষৰ শুক্রবাহী নলী বন্ধ কৰা হয়।
মহিলাৰ বন্ধ্যাকৰণ (টিউবেকটমি): এই পদ্ধতিত স্ত্ৰীৰ ডিম্ববাহী নলী বন্ধ কৰি গৰ্ভধাৰণ ৰোধ কৰা হয়।

এই পদ্ধতি স্থায়ী, কিন্তু অস্ত্ৰোপচাৰৰ সময় সংক্ৰমণৰ আশংকা থাকিব পাৰে।

৯. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ কেনেধৰণৰ?

উত্তৰ:

  • এককোষী জীৱৰ প্ৰজনন:
    • অযৌন প্ৰজনন:
      • দ্বি-খণ্ডন (Binary Fission): এমিবা, পেৰামিচিয়াম।
      • বহু বিভাজন (Multiple Fission): প্লাজম’ডিয়াম।
      • মুকুলোদ্গম (Budding): ইষ্ট।
    • যৌন প্ৰজনন: এককোষী জীৱবোৰৰ যৌন প্ৰজনন সাধাৰণতে নহয়, কিন্তু কিছুমানৰ ক্ষেত্ৰত জনন কোষৰ মিলন হয়।
  • বহুকোষী জীৱৰ প্ৰজনন:
    • অযৌন প্ৰজনন:
      • বিভংগন (Fragmentation): স্পাইৰ’জাইৰা।
      • পুনৰজীৱন (Regeneration): হাইড্ৰা, প্লেনেৰিয়া।
      • মুকুলোদ্গম (Budding): হাইড্ৰা।
      • আংগিক বিস্তাৰণ (Vegetative Propagation): আলু, আদা।
      • ৰেণু গঠন (Spore Formation): ৰাইজ’পাচ।
    • যৌন প্ৰজনন:
      • পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ জৰিয়তে (যেনে মানুহ, সপুষ্পক উদ্ভিদ) যোজন কোষ আৰু পাছলৈ নতুন জীৱৰ জন্ম হয়।
      • জিনীয় ভিন্নতাৰ সৃষ্টি হয়।
১০. প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?

উত্তৰ: প্ৰজনন প্ৰক্ৰিয়াই প্ৰজাতিৰ স্থিতি ৰক্ষা কৰাত সহায় কৰে:

  • প্ৰজননৰ জৰিয়তে নতুন জীৱৰ সৃষ্টি হয়, যিয়ে প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰে।
  • প্ৰজননৰ ফলত ভিন্নতাৰ সৃষ্টি হয়, যিয়ে প্ৰতিকূল পৰিৱেশতো কিছুমান জীৱক খাপ খুৱাই চলাত সহায় কৰে।
  • জন্ম আৰু মৃত্যুৰ হাৰৰ ভাৰসাম্য ৰক্ষা কৰি জনসংখ্যাৰ স্থিৰতা বজাই ৰাখে।
১১. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?

উত্তৰ: গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ:

  • জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰা।
  • দ্ৰুত গৰ্ভধাৰণৰ ফলত মাতৃৰ স্বাস্থ্যৰ ওপৰত পৰিবলগীয়া বেয়া প্ৰভাৱ ৰোধ কৰা।
  • অবাঞ্ছিত গৰ্ভধাৰণ ৰোধ কৰা।
  • যৌন সংক্ৰমণ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰা।
  • পৰিয়ালৰ আৰ্থিক আৰু সামাজিক স্থিতি উন্নত কৰা।

গুৰুত্বপূৰ্ণ তথ্য

  • অযৌন প্ৰজননত জিনীয় ভিন্নতা নাথাকে, যৌন প্ৰজননত জিনীয় ভিন্নতা থাকে।
  • প্লেচেন্টা ভ্ৰূণক পুষ্টি আৰু অক্সিজেন যোগান ধৰে।

SEBA Class 10 Science Chapter 8 – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organisms Reproduce) Questions Answers | Assamese Medium FAQ

Chapter Overview: জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

Summary: Chapter 8 of SEBA Class 10 Science, "জীৱই কেনেকৈ বংশবিস্তাৰ কৰে," covers the processes of reproduction in organisms. It explains asexual reproduction (binary fission, budding, spore formation) and sexual reproduction (pollination, fertilization). The chapter also discusses human reproductive systems, puberty changes, contraception, and the role of DNA in heredity. Students learn about biological processes and their significance in species survival.

DNA প্ৰতিলিপি প্ৰজননৰ বাবে কিয় প্ৰয়োজন?

উত্তৰ: DNA প্ৰতিলিপি প্ৰজননৰ বাবে প্ৰয়োজন কাৰণ ই পিতৃ-মাতৃৰ জিনীয় তথ্য অপত্যলৈ হস্তান্তৰ কৰে। ই জীৱৰ গঠন আৰু কাৰ্যৰ তথ্য মজুত ৰাখে আৰু ভিন্নতা সৃষ্টি কৰি প্ৰজাতিৰ বিৱৰ্তনত সহায় কৰে।

অযৌন আৰু যৌন প্ৰজননৰ মাজত পাৰ্থক্য কি?

উত্তৰ:

অযৌন প্ৰজননযৌন প্ৰজনন
একক জীৱৰ পৰা অপত্য সৃষ্টি হয়।দুটা জীৱৰ জনন কোষৰ মিলনৰ ফলত অপত্য সৃষ্টি।
জিনীয় ভিন্নতা নাথাকে।জিনীয় ভিন্নতা থাকে।
দ্ৰুত আৰু সহজ। উদাহৰণ: দ্বি-খণ্ডন।জটিল আৰু সময় লয়। উদাহৰণ: নিষেচন।
প্লেচেন্টাৰ ভূমিকা কি?

উত্তৰ: প্লেচেন্টা ভ্ৰূণক পুষ্টি, অক্সিজেন, আৰু অন্যান্য পদাৰ্থ যোগান ধৰে। ই মাতৃৰ তেজৰ পৰা গ্লুক’জ আৰু পুষ্টিকৰ পদাৰ্থ ভ্ৰূণলৈ কঢ়িয়াই নিয়ে আৰু ভ্ৰূণৰ বৰ্জিত পদাৰ্থ নিষ্কাশন কৰে।

Benefits of Studying Chapter 8 – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে Question Answers

Benefits:

  • Comprehensive Exam Preparation: Detailed solutions to Prosnawoli and Anushiloni questions help students score high in SEBA board exams.
  • Clear Conceptual Understanding: Simplified explanations in Assamese make complex topics like reproduction, DNA, and contraception easy to grasp.
  • Practice with MCQs and Notes: Access to MCQs and revision notes enhances retention and quick revision before exams.
  • Time Management: Structured answers help students practice writing concise and accurate responses within exam time limits.
  • Boosts Confidence: Familiarity with question patterns and in-depth answers builds confidence for Assamese medium students.
Author Bio - Mukut | Hiddemy
Mukut | Science & English Educator | Founder of Hiddemy

Mukut

B.Sc. | Content Writer | 10+ Years Teaching Experience
Specializing in Science and English curriculum for classes 6–12. Founder of Hiddemy, an educational initiative of Hidden Gem Institute focused on creating accessible learning resources.

Explore More Section

Leave a Reply

Your email address will not be published. Required fields are marked *

Share on Social Media